শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Venezuela Currency to Inr: একেবাৰে দৰিদ্ৰ! ভাৰতৰ ১০,০০০ টকাৰ মূল্য ভেনিজুৱেলাত কিমান হৈ পৰে? জানক…

Venezuela Currency to Inr: প্ৰতিখন দেশতে মুদ্ৰাৰ মূল্যৰ পাৰ্থক্য আছে। বৰ্তমান চৰ্চাত থকা এখন দেশ হ'ল ভেনিজুৱেলা। এই দেশখনত শেহতীয়াকৈ আমেৰিকাই আক্ৰমণ কৰিছে। প্ৰশ্ন হয়, এই দেশখনত ভাৰতীয় টকাৰ মূল্য কিমান হৈ পৰে?

Venezuela Currency to Inr: একেবাৰে দৰিদ্ৰ! ভাৰতৰ ১০,০০০ টকাৰ মূল্য ভেনিজুৱেলাত কিমান হৈ পৰে? জানক…
ভেনিজুৱেলাৰ মুদ্ৰাImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 04 Jan 2026 21:30 PM

সু-পৰিকল্পিত আৰু দীৰ্ঘিদিন ধৰি নজৰ ৰখাৰ পাছত শনিবাৰে আমেৰিকাই ভেনিজুৱেলাত আক্ৰমণ কৰি দেশখনৰ ৰাষ্ট্ৰপতি আৰু পত্নীক পণবন্দী কৰে। দীৰ্ঘদিনৰ পৰিকল্পনা কৰি আমেৰিকাই মাত্ৰ ৩০ মিনিটৰ ভিতৰতে নিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক পণবন্দী কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে দেশখনত অস্থিৰতাৰ সৃষ্টি হৈছে। পিছে বিভিন্নজনৰ মনত প্ৰশ্ন,বিশ্বৰ সৰ্ববৃহৎ খাৰুৱা তেলৰ মজুত থকা দেশখন কিয় ইমান ভয়াৱহ সংকটত পৰিছে? ইয়াৰ মুদ্ৰাৰ অৱস্থা কি?

ভেনুজুৱেলাৰ অৰ্থনীতি

ভেনিজুৱেলাৰ অৰ্থনীতিৰ ৯০ শতাংশ তেলৰ পৰা আহে। দেশখনৰ ওচৰত তেলৰ বিশাল ভাণ্ডাৰ আছে। এনে ক্ষেত্ৰত দেশখনে নিজকে ধনী দেশৰ ভিতৰত ৰাখিব পাৰিলেহেতেন। কিন্তু বৰ্তমান এখন দৰিদ্ৰ দেশ ভেনিজুৱেলা। দুৰ্বল অৰ্থনৈতিক নীতি আৰু পশ্চিমীয়া দেশসমূহৰ সৈতে বিশেষকৈ আমেৰিকাৰ সৈতে বেয়া সম্পৰ্কই দেশখনত দেউলীয়া কৰা বুলি ক’ব পাৰি। পৰিস্থিতি ইমানেই বেয়া যে, ২০১৭ চনত আনুষ্ঠানিকভাৱে দেশখনে নিজকে দেউলীয়া ঘোষণা কৰিছিল।

দেশখনৰ অৱস্থা ইমানেই বেয়া যে প্ৰায় ৯২ শতাংশ মানুহৰ ওচৰত নাই খোৱা খাদ্য। মুষ্টিমেয় কিছুমান লোকেহে কেৱল বস্তু ক্ৰয় কৰিবলৈ সক্ষম হয়। বিদেশী বিনিয়োগকাৰীৰ পৰা আস্থা হেৰুৱাই পেলোৱা আৰু স্থায়ী নিষেধাজ্ঞাৰ বাবে ভেনিজুৱেলাৰ মুদ্ৰা বলিভাৰ(VES)ৰ যথেষ্ঠ পতন ঘটিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত তেওঁলোকৰ মুদ্ৰাৰ মূল্য ইমানেই হ্ৰাস পাইছে যে, দেশখনত জনতাৰ অৱস্থা প্ৰায় পংগু হৈ পৰিছে।

ভেনিজুৱেলাত ১০ হাজাৰ ভাৰতীয় টকীয়া মূল্য

ভাৰত আৰু ভেনিজুৱেলাৰ মাজত এক ভাল সম্পৰ্ক আছে। ভাৰতে দেশখনৰ পৰা বৃহৎ পৰিমাণৰ তেল ক্ৰয় কৰে। তথ্য অনুসৰি ২০২৪ চনত ভাৰতে ভেনিজুৱেলাৰ পৰা প্ৰায় ২.২মিলিয়ন বেৰেল তেল আমদানি কৰিছিল।

পিছে প্ৰশ্ন হয়, ভাৰতীয় মুদ্ৰাৰ মূল্য দেশখনত কিমান হৈ পৰে? ভাৰতীয় টকা (INR)ৰ মূল্য ভেনিজুৱেলাৰ বলিভাৰ (VES)তকৈ বেছি। ২০২৫ চনৰ তথ্য অনুসৰি ভাৰতৰ ১ টকাৰ মূল্য ভেনিজুৱেলাৰ বলিভাৰৰ ৩.২২ৰ সমান। গতিকে যদি আপুনি ১০,০০০ ভাৰতীয় টকা লৈ ভেনিজুৱেলালৈ যায়, তেন্তে বিনিময়ৰ সময়ত আপুনি প্ৰায় ৩২,২০০ৰ পৰা ৩২,৫০০ বলিভাৰ লাভ কৰিব। এই পাৰ্থক্য দেখাত কম যেন লাগিব পাৰে, কিন্তু ভেনিজুৱেলাত আকাশলংঘী মুদ্ৰাস্ফীতিৰ বাবে এই ৩২ হাজাৰ বলিভাৰৰ ক্ৰয় ক্ষমতা (Purchasing Power) একেবাৰে কম। অৰ্থাৎ আপোনাৰ ওচৰত টকা বহুত থাকিলেও কম বস্তুহে ক্ৰয় কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ ৯২% জনতাৰ ওচৰত নাই খাদ্য! দুখীয়া দেশ এখনত আমেৰিকাৰ আক্ৰমণ কিয়? কি লুকাই আছে মাটিৰ তলত…