শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
T-90 Bhisma: টি-৯০ ভীষ্ম টেংকে লাভ কৰিব শক্তিশালী ইঞ্জিন, কি সুবিধা হ’ব সেনাবাহিনীৰ?

T-90 Bhisma: টি-৯০ ভীষ্ম টেংকে লাভ কৰিব শক্তিশালী ইঞ্জিন, কি সুবিধা হ’ব সেনাবাহিনীৰ?

Manas Borah
Manas Borah | Published: 04 Jan 2026 23:08 PM

বৰ্তমান ভাৰতীয় সেনাৰ টি-৯০ টেংকত ১০০০ হৰ্চপাৱাৰৰ ইঞ্জিন ব্যৱহাৰ কৰা হৈছে। যদিও এই ইঞ্জিনে ভৈয়ামত বৰ ভাল কাম কৰে, তথাপিও লাডাখ বা ​​ছিকিমৰ দৰে ওখ পাহাৰত ইয়াৰ শক্তি যথেষ্ট কম যেন লাগে।

ভাৰত-চীন সীমান্তত পহৰা দি আছে ৪৬ টন ওজনৰ ভীষ্ম টেংকে। প্ৰতিদিনে সুৰক্ষা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে এই টেংকখনে। এতিয়া এই টি-৯০ ভীষ্ম টেংকৰ(T-90 Bhishma Tank) শক্তি আৰু বৃদ্ধি পাবলৈ গৈ আছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই টেংকৰ বাবে ১৩৫০ হৰ্চপাৱাৰৰ থলুৱা প্ৰযুক্তিৰ নতুন শক্তিশালী ইঞ্জিন নিৰ্মাণৰ বাবে সেউজ সংকেত দিছে।

আপুনি জানি আচৰিত হ’ব যে, বৰ্তমান ভাৰতীয় সেনাৰ টি-৯০ টেংকত ১০০০ হৰ্চপাৱাৰৰ ইঞ্জিন ব্যৱহাৰ কৰা হৈছে। যদিও এই ইঞ্জিনে ভৈয়ামত বৰ ভাল কাম কৰে, তথাপিও লাডাখ বা ​​ছিকিমৰ দৰে ওখ পাহাৰত ইয়াৰ শক্তি যথেষ্ট কম যেন লাগে। কাৰণ, সেই উচ্চতাত অক্সিজেনৰ অভাৱৰ বাবে ইন্ধন ভালদৰে নজ্বলে। আৰু সেইবাবেই এই টেংকে হিমালয়ৰ দৰে অঞ্চলত চলাচল কৰাত অসুবিধা হয়।