শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Venezulea Airstrike: আমেৰিকাৰ জিম্মাত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি! আঁৰত আছে নেকি ট্ৰাম্পৰ গোপন অভিসন্ধি?

কেৱল ট্ৰাম্পেই নহয়, মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰাৰ সন্দৰ্ভত আমেৰিকাৰ সংবাদ মাধ্যম চিবিএছ নিউজৰ আগত প্ৰকাশ কৰিছে আমেৰিকাৰ বিষয়াসকলেও। তেওঁলোকে নিশ্চিত কৰিছে যে ২০১৯ চনত ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদী আবু বকৰ আল বাগদাদীক হত্যা কৰা ডেল্টা ফৰ্চে এতিয়া ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক বন্দী কৰিছে।

Venezulea Airstrike: আমেৰিকাৰ জিম্মাত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি! আঁৰত আছে নেকি ট্ৰাম্পৰ গোপন অভিসন্ধি?
আমেৰিকাৰ জিম্মাত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি!
trishna-kalita
Trishna Kalita | Updated On: 04 Jan 2026 13:00 PM

এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছ। স্থানীয় লোকে জনোৱা মতে,  অতি ওচৰেৰে উৰি গৈছিল কিছুমান বিমান। তাৰ পিছতে সংঘটিত হয় এই বিস্ফোৰণ। যাৰ ফলত আতংকই বিৰাজ কৰে ভেনিজুৱেলাৰ ৰাজধানীত। শুকুৰবাৰে মাজনিশা সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ এঘণ্টাৰ পাছত  এটা ডাঙৰ বক্তব্য আগবঢ়াই ট্ৰাম্পে।

ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া ট্ৰুথ ছ’চিয়েলত দিয়া এটা পোষ্টত লিখিছে, ‘ভেনিজুৱেলা আৰু তেওঁলোকৰ নেতাৰ বিৰুদ্ধে বৃহৎ পৰিসৰৰ আক্ৰমণ সংঘটিত হৈছে।’ ইয়াৰ উপৰিও তেওঁ কয় যে, আমেৰিকান ডেল্টা ফৰ্চে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক বন্দী কৰি দেশ এৰি দিয়ে।

কেৱল ট্ৰাম্পেই নহয়, মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰাৰ সন্দৰ্ভত আমেৰিকাৰ সংবাদ মাধ্যম চিবিএছ নিউজৰ আগত প্ৰকাশ কৰিছে আমেৰিকাৰ বিষয়াসকলেও। তেওঁলোকে নিশ্চিত কৰিছে যে ২০১৯ চনত ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদী আবু বকৰ আল বাগদাদীক হত্যা কৰা ডেল্টা ফৰ্চে এতিয়া ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক বন্দী কৰিছে।

ইয়াৰ পিছত্ ভেনিজুৱেলাৰ ভিতৰত মাদুৰোৰ জীৱনক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ । ইতিমধ্যে ভেনিজুৱেলাৰ উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে ৰাষ্ট্ৰপতিগৰাকী জীয়াই থকাৰ প্ৰমাণ বিচাৰিছে। আজি তেওঁ কয় যে, ভেনিজুৱেলা চৰকাৰে ৰাষ্ট্ৰপতি আৰু প্ৰথম মহিলাগৰাকী জীয়াই থকাৰ প্ৰমাণ বিচাৰে।

কিন্তু এই হঠাৎ কৰা আক্ৰমণৰ কাৰণ কি?  জ্ঞাত সূত্ৰ অনুসৰি ট্ৰাম্পৰ সেনাৰ এই আক্ৰমণক হঠাতে হোৱা নাই, বৰঞ্চ পৰিকল্পিত পদক্ষেপ বুলিহে কব বিচাৰে। বিগত কেইমাহমানৰ পৰা ট্ৰাম্প চৰকাৰে কেৰিবিয়ান সাগৰত বৃহৎ সংখ্যক যুদ্ধজাহাজ আৰু পাৰমাণৱিক চাবমেৰিন মোতায়েন কৰি ভেনিজুৱেলাক ঘেৰি ধৰিছিল। আনকি মাদুৰোক ‘অবৈধ শাসক’ বুলি অভিহিত কৰি পদত্যাগৰ দাবী কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এইবাৰ তেওঁ ভেনিজুৱেলাত আক্ৰমণ কৰে।

অৱশ্যে ট্ৰাম্পৰ এই সিদ্ধান্তৰ আঁৰত একাংশ বিশেষজ্ঞই আন এক দাবী কৰিছে। অৱগত সূত্ৰৰ মতে, বৰ্তমান ভেনিজুৱেলাত বিশ্বৰ সৰ্বাধিক তেলৰ মজুত আছে। এই দেশত প্ৰতিদিনে ১০ লাখ বেৰেল তেল উৎপাদন হয়। ইয়াৰ উপৰিও ৰাছিয়া আৰু চীনৰ সৈতে মাদুৰোৰ ঘনিষ্ঠতাও কম নহয়। গতিকে ট্ৰাম্পে নিজৰ দুৱাৰমুখতে এনে ‘বিপদ’ বাঢ়িবলৈ দিব বিচৰা নাছিল।