শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসমৰ ভূমিকম্পৰ পৰা আমেৰিকাৰ আক্ৰমণলৈ..পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ পঢ়ক

আজি ৫ জানুৱাৰী, ২০২৬। নতুন বছৰৰ প্ৰথমটো সোমবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

অসমৰ ভূমিকম্পৰ পৰা আমেৰিকাৰ আক্ৰমণলৈ..পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ পঢ়ক
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Updated On: 05 Jan 2026 07:55 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৫ জানুৱাৰী, সোমবাৰে পুৱতি নিশা ০৪:১৭ বজাত জোকাৰণি অনুভূত হয় । ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology) প্ৰকাশ কৰা তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১।এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল অসমৰ মৰিগাঁও জিলাত।
  2. বছৰৰ প্রথমটো দেওবাৰত গ্ৰন্থপ্রেমীয়ে ভিৰ কৰিলে গুৱাহাটী অসম গ্ৰন্থমেলাৰ বাকৰি। দ্বাদশ দিনৰ ভিতৰত গুৱাহাটী অসম গ্ৰন্থমেলাত বিক্ৰী প্ৰায় ৬.৩০ কোটি টকাৰ গ্ৰন্থ। অসম প্ৰকাশন পৰিষদৰ ১৫ লাখতকৈ অধিক গ্ৰন্থ বিক্ৰী।
  3. ০২৬ ৰ নিৰ্বাচনলৈ সাজু শাসকীয় বিজেপি দল। ২০২৬ নিৰ্বাচনৰ বাবে বিজেপিয়ে ৫ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি দেৱাল লিখনেৰে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব প্ৰচাৰ অভিযান। গুৱাহাটী ৰাজধানী মণ্ডলৰ অন্তৰ্গত খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ বাহিৰত এই অভিযান উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  4. ২০২৬ চনৰ ৫ জানুৱাৰী সোমবাৰে তেজপুৰ বিশ্ববিদ্যালযৰ নৱনিযুক্ত প্ৰ’ উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসক গ্ৰহণ কৰিব, যিটোৱে তিনিমাহতকৈ অধিক সময় ধৰি কেম্পাছৰ প্ৰতিবাদৰ অন্তত এক সম্ভাৱ্য টাৰ্নিং পইণ্ট হিচাপে চিহ্নিত কৰিব। 
  5. আজি ২০২৬ চনৰ ৫ জানুৱাৰী সোমবাৰে নিজৰ দায়িত্ব গ্ৰহণ কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত প্ৰ’ উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে। বিশ্ববিদ্যালয়ৰ অচলাৱস্থা দূৰ কৰিবলৈ নিযুক্তি দিয়া হৈছে নতুন প্ৰ’-উপাচাৰ্য (সম-উপাচাৰ্য) । উচ্চ শিক্ষা বিভাগৰ শিক্ষা মন্ত্ৰণালয়ে জাৰি কৰা আনুষ্ঠানিক আদেশ অনুসৰি, পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আই আই টি গুৱাহাটীৰ অধ্যাপক অমৰেন্দ্ৰ দাসক তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন প্ৰ’-উপাচাৰ্যৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ 
  6. সঘনাই আৰএছএছ আৰু বিজেপিক প্ৰশ্ন কৰা দেখা যায় এআইএমআইএমৰ সভাপতি আছাদুদ্দিন ওৱেছিয়ে । এইবাৰ আৰ এছ এছক প্ৰশ্ন কৰাৰ লগতে দাবীও উত্থাপন কৰে। তেওঁ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত আৰু বিজেপিক প্ৰত্যাহ্বান জনায় যে, লাভ জেহাদৰ তথ্য আৰু স্পষ্ট সংজ্ঞা দিব লাগে। ওৱাইচিয়ে সুধিলে, “যদি লাভ জেহাদ হৈ আছে, তেন্তে সংসদত ইয়াৰ পৰিসংখ্যা কিয় দাখিল কৰা নহয়?” 
  7. মুস্তাফিজুৰ ৰহমানক আই পি এলৰ পৰা বাদ পৰাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে। বাংলাদেশী সংবাদ মাধ্যম ‘প্ৰথম আলো’ৰ তথ্য অনুসৰি বাংলাদেশ দলে বিশ্বকাপৰ বাবে এতিয়া ভাৰত ভ্ৰমণ নকৰে। বিচিবিয়ে ইতিমধ্যে আইচিচিলৈ এই সন্দৰ্ভত এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে। ভাৰতত হ’বলগীয়া বাংলাদেশৰ মেচসমূহ শ্ৰীলংকালৈ স্থানান্তৰ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে বিচিবিয়ে। 
  8. শনিবাৰে পুৱা ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত আমেৰিকাৰ বৃহৎ সামৰিক আক্ৰমণত সাধাৰণ নাগৰিক আৰু জোৱানসহ কমেও ৮০ জন লোক নিহত হয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভেনিজুৱেলাৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, এই আক্ৰমণত ৮০ জন লোকৰ মৃত্যু হৈছে। উল্লেখ্য যে. ভেনিজুৱেলাত আমেৰিকাই এক বৃহৎ সামৰিক অভিযান চলাইছিল, য’ত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰা হয় 
  9. দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক সাক্ষাৎকাৰত কয় যে ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে ভেনিজুৱেলাৰ বাবে সঠিক কাম নকৰিলে ভয়ংকৰ পৰিণতি ভুগীব লাগিব পাৰে। তেওঁ কয় যে বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে কথা পাতিছে আৰু ভেনিজুৱেলাৰ জীৱনৰ মান উন্নত কৰাৰ বাবে আমেৰিকাই যি পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি বিবেচনা কৰে, সেই পদক্ষেপ ল’বলৈ তেওঁ ইচ্ছুক।

লগতে পঢ়ক: মহাদেৱৰ কৃপাত এইসকল লোকে পাব কষ্টৰ ফল! চাওক আজিৰ দিনটোৰ ৰাশিফল…