TV9 ASSAM
ডায়েবেটিছ এতিয়া এক চিন্তনীয় সমস্যা। পিছে আমাৰ পাকঘৰত থকা কিছু মছলাই ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ডায়বেটিছ হ্ৰাসত সহায় কৰে।
নহৰুত জিংক আৰু এণ্টি-অক্সিডেণ্ট থাকে। ই তেজত চেনিৰ মাত্ৰা ভাৰসাম্য কৰি ৰাখে আৰু টাইপ ২ ডায়বেটিছ প্ৰতিৰোধ কৰে।
হালধিত থকা ‘কাৰকুমিন’ নামৰ উপাদানে ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে। ই ডায়বেটিছৰ ফলত হোৱা শৰীৰৰ প্ৰদাহো হ্ৰাস কৰে।
লঙে শৰীৰত ইনচুলিন উৎপাদনত উদগনি যোগায়। ই তেজত গ্লুকোজৰ মাত্ৰা সঠিক পৰ্যায়ত ৰখাত বিশেষ ভূমিকা পালন কৰে।
এণ্টি-ইনফ্লেমেটৰী গুণেৰে সমৃদ্ধ ডালচেনিয়ে ইনচুলিনৰ কাৰ্যক্ষমতা বঢ়ায় আৰু ডায়বেটিছৰ বিপদাশংকা কম কৰে।
তুলসীত থকা এণ্টি-অক্সিডেণ্টে তেজত শৰ্কৰাৰ মাত্ৰা স্থিৰ কৰি ৰাখে। ই ডায়বেটিছৰ বাবে হোৱা আনুষঙ্গিক সমস্যা দূৰ কৰে।
এই মছলাসমূহ ঔষধৰ বিকল্প নহয়। গতিকে ডায়বেটিছ ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে খাদ্যত অন্তৰ্ভুক্ত কৰা উচিত।
পঢ়িবলৈ ক্লিক কৰক
অধিক অমিতা খালে দেহত হ'ব পাৰে এনে সমস্যা