শীতকালত হাৰ্ট  এটেকৰ লক্ষণসমূহ  কি কি?

5 Jan 2026

TV9 ASSAM

শীতকালত হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পায়। স্বাস্থ্য বিশেষজ্ঞৰ মতে হাৰ্ট এটেকৰ পূৰ্বে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। যিবোৰ আওকাণ কৰা উচিত নহয়।

হাৰ্ট এটেক

বুকুত বিষ, গধুৰতা,জ্বলা-পোৰা আদি সাধাৰণ কথা। কিন্তু এয়া বাৰে বাৰে হৈ থাকিলে আৰু কিছু মিনিট সময় থাকিলে এয়া আওকাণ কৰিব নালাগে। ই হাৰ্ট এটেকৰ লক্ষণ হ'ব পাৰে।

বুকুৰ বিষ

অলপ খোজ কঢ়া, চিৰি বগোৱাৰ পাথত উশাহত অসুবিধা হোৱা হৃদযন্ত্ৰ দুৰ্বলৰ ইংগিত। হৃদযন্ত্ৰই  তেজ ঠিকমতে পাম্প কৰিব নোৱাৰিলে শৰীৰে পৰ্যাপ্ত অক্সিজনে লাভ নকৰে। যাৰ বাবে এনে হয়।

উশাহত কষ্ট

কোনো কাম নকৰাকৈ, আৰাম কৰাৰ পাছতো ভাগৰ অনুভৱ কৰা হাৰ্ট এটেকৰ লক্ষণ হ'ব পাৰে। ইয়াৰোপৰি দুৰ্বল লাগিব পাৰে। মহিলাৰ ক্ষেত্ৰত এই লক্ষণ বেছিকৈ দেখা যায়।

ভাগৰ

হৃদযন্ত্ৰৰ লগত জড়িত বিষ কেৱল বুকুতে নহয়। বহু সময়ত বাওঁ হাত, ডিঙি,কান্ধ, পিঠি আদিলৈ বিষ হ'ব পাৰে। এনে বিষ বাৰে বাৰে আৰু কোনো কাৰণ নোহোৱাকৈ হ'ব পাৰে।

বিষ

নিশা বাৰে বাৰে টোপনিৰ পৰা পোৱা, অস্বস্তি অনুভৱ কৰা,শুৱাৰ পাছত অসুবিধা আদি হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ লক্ষণ হ'ব পাৰে।ইয়াৰোপৰি কেতিয়াবা অস্বাভাৱিক ভয়, ঘাম ওলোৱা আদি হ'ব পাৰে।

টোপনি

হৃদযন্ত্ৰই তেজ যোগান ধৰিব নোৱাৰিলে মগজুই পৰ্যাপ্ত অক্সিজেন লাভ নকৰে। ইয়াৰ ফলত মূৰ ঘূৰোৱা, বমি, বমি বমি ভাব আদি হব পাৰে।  এনে লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।

মূৰ ঘূৰোৱা

পঢ়িবলৈ ক্লিক কৰক 

নেমু পানী কাৰ বাবে বেয়া