মুখৰ দুৰ্গন্ধ কেনেকৈ  দূৰ কৰিব? জানক...

5 Jan 2026

TV9 ASSAM

বহুতৰে মুখৰ দুৰ্গন্ধ ওলোৱা সমস্যা থাকে। কেতিয়াবা ই সাধাৰণ আৰু কেতিয়াবা বেমাৰৰ লক্ষণ হ'ব পাৰে। সাধাৰণ হলে কিছুমান ঘৰুৱা উপায়েৰে আপুনি ইয়াক আঁতৰ কৰিব পাৰে।

মুখৰ দুৰ্গন্ধ 

চফে মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে। ই মুখৰ বেয়া বেক্টেৰিয়া নষ্ট কৰে। গতিকে খাদ্য গ্ৰহণৰ পাছত আধা চামুচ চফ চোবাই থাকিব। ই পাচন প্ৰক্ৰিয়া ভাল কৰাৰ লগতে মুখৰ দুৰ্গন্ধ কম কৰে।

চফ

লঙত এন্টিবেক্টেৰিয়েল গুণ থাকে। এটা লং মুখত লৈ লাহে লাহে খাই থাকিব। এনে কৰিলে মুখৰ দুৰ্গন্ধ দূৰ হয়। ইমানেই নহয়, ই দাঁতৰ স্বাস্থ্যৰ বাবেও উপকাৰী।

লং

বহু সময়ত মুখ শুকাই যোৱাৰ বাবে দুৰ্গন্ধ ওলায়। গতিকে পানী খাব। শুকান মুখত বেক্টেৰিয়া জন্ম হয়। পানীয়ে মুখ পৰিষ্কাৰ কৰি ৰাখে আৰু বেয়া বস্তু জমা হ'বলৈ নিদিয়ে।

পানী

প্ৰতি নিশা শুৱাৰ পূৰ্বে নিমখ পানীৰে গাৰ্গল কৰিব। ই ডিঙি আৰু মুখৰ বীজানু নষ্ট কৰে। ইয়াৰ ফলত মুখৰ পৰা দুৰ্গন্ধ ওলোৱা কম হয়।

নিমখ পানী

নেমুত এচিডিক উপাদান থাকে। ই মুখৰ বেক্টেৰিয়া বৃদ্ধি কৰাত বাধা দিয়ে। গতিকে পুৱা উঠি কুহুমীয়া পানীত নেমু ৰস দি গাৰ্গল কৰিব। এনে কৰিলে মুখৰ দুৰ্গন্ধ দূৰ হ'ব।

নেমু পানী

ইয়াৰোপৰি আপুনি বেকিং চোডা পানীত মিহলাই গাৰ্গল কৰিব পাৰে। পদিনা পাত চোবাব পাৰে। ভাল খাদ্য খাব লাগে। ইয়াৰোপৰি প্ৰতিদিনে দুবাৰকৈ ব্ৰাছ কৰা প্ৰয়োজন আৰু মুখৰ ভিতৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে।

আৰু কি কি

পঢ়িবলৈ ক্লিক কৰক 

হাৰ্ট এটেকৰ লক্ষণ