Manipur: শোৱাপাটীত সকলো, তাৰ মাজতে ৩টাকৈ শক্তিশালী বিস্ফোৰণে কঁপাই তুলিলে মণিপুৰ…
মণিপুৰত শান্তি আশা কৰা হৈছিল যদিও শেহতীয়াকৈ ৰাজ্যখনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। তিনিটাকৈ আই ই ডি বিস্ফোৰণ হোৱাৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
ভয়ংকৰ বিস্ফোৰণত পুনৰ কঁপি উঠিল মণিপুৰ। ইয়াৰ লগে লগে শান্তিৰ আশা কৰি থকা মণিপুৰবাসীৰ মনত পুনৰ যেন সৰগ ভাগি পৰিল। তথ্য অনুসৰি, ৫ জানুৱাৰীৰ পুৱা ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাত তিনিটাকৈ শক্তিশালী আই ই ডি (IED) বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ওচৰ-পাজৰৰ অঞ্চল পৰ্যন্ত কঁপি যায়। ইয়াৰ লগে লগে শোৱাপাটীত থকা মানুহসকলৰ মাজত চিঞৰ বাখৰ লাগে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, এই ঘটনাত এগৰাকী মহিলা আৰু এজন লোক আঘাতপ্ৰাপ্ত হৈছে। ইতিমধ্যে তেওঁলোকক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। এই আক্ৰমণ কেৱল বোমা বিস্ফোৰণ নাছিল, বৰঞ্চ আতংক বিয়পোৱাৰ ইচ্ছাকৃত প্ৰচেষ্টা আছিল। মণিপুৰৰ বিষ্ণুপুৰ জিলাত বিশেষকৈ মেইটেই সম্প্ৰদায়ৰ লোকসকলে বাস কৰে।
পুৱাৰ ভাগত বিস্ফোৰণ
কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ সূত্ৰ অনুসৰি জানিব পৰা মতে, এই বিস্ফোৰণ পুৱা প্ৰায় ৫.৩০ মান বজাত সংঘটিত হয়। ঘটনাৰ পাছতে অঞ্চলটোৰ লোকসকল একত্ৰিত হয়। তেওঁলোকে সন্দেহ কৰে যে এই কাণ্ড বিষ্ণুপুৰ সীমান্তৱৰ্তী কুকি অধ্যুষিত চুৰাচান্দপুৰ জিলাৰ কোনো দুৰ্বৃত্তই কৰিছে।
এই ঘটনাক তীব্ৰ গৰিহনা দিছে চৰকাৰৰ সৈতে আলোচনাত মিলিত হোৱা কুকি জো কাউন্সিলে। তেওঁলোকে সকলোকে নিৰাপত্তা বজাই ৰাখিবলৈ আহ্বান জনায়।
আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। উল্লেখ্য যে, বিষ্ণুপুৰ-চুৰাচান্দপুৰৰ আশে-পাশে থকা অঞ্চলসমূহত শেহতীয়াকৈ ১০০ৰো অধিক মেইটেই পৰিয়াল ঘূৰি আহিছে, যাৰ পাছত পুনৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। ইয়াৰ পূৰ্বে ১৬ ডিচেম্বৰ, ২০২৫ ত অচিনাক্ত ব্যক্তিয়ে টৰবুং অঞ্চলত গুলীচালনা কৰিছিল।
২০২৩ চনৰ মে’ মাহৰ পৰা কুকি আৰু মেইটেইসকলৰ মাজত সংঘাত অব্যাহত আছে। এতিয়ালৈকে এই সংঘৰ্ষত ২৬০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে বহুতো। ইয়াৰ পাছতে ২০২৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা এই ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন চলি আছে। চৰকাৰে অঞ্চলটোলৈ শান্তি ঘূৰাই অনাৰ চেষ্টা কৰি আছে যদিও এতিয়ালৈকে সফল হোৱা নাই।
অন্য খবৰ পঢ়কঃ গুৱাহাটীলৈ চলিব বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন, প্ৰতিটো কোচৰ দাম কিমান? যাত্ৰা কৰিবলৈ হাতত কিমান টকা লাগিব, জানক…