শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিশ্বজোৰা নিন্দালৈ নাই ভ্ৰূক্ষেপ! ভেনিজুৱেলা আক্ৰমণৰ পিছত এইবাৰ পুনৰ ভাৰতক ‘শুল্ক ভাবুকি’ ট্ৰাম্পৰ

ভেনিজুৱেলাত আক্ৰমণৰ পিছত বিশ্বৰ বহু দেশে মুকলিকৈ তীক্ষ্ণ সমালোচনা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক। কিন্তু এনে নিন্দা-সমালোচনালৈ কোনো ভ্ৰূক্ষেপ নাই ট্ৰাম্পৰ, বৰঞ্চ পুনৰ এবাৰ ৰাছিয়াৰ সৈতে ব্যৱসায়ৰ বাবে ভাৰতক ভাবুকিৰ লক্ষ্য কৰি লৈছে।

বিশ্বজোৰা নিন্দালৈ নাই ভ্ৰূক্ষেপ! ভেনিজুৱেলা আক্ৰমণৰ পিছত এইবাৰ পুনৰ ভাৰতক ‘শুল্ক ভাবুকি’ ট্ৰাম্পৰ
ড’নাল্ড ট্ৰাম্পImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 05 Jan 2026 10:04 AM

ভেনিজুৱেলাত অতৰ্কিত আক্ৰমণ আৰু সপত্নীক ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক নিজ দেশলৈ লৈ যোৱাৰ পিছতে এতিয়া বিশ্বজুৰি নিন্দিত হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। বিশ্বৰ বহু দেশে মুকলিকৈ এনে কাৰ্যৰ বাবে তীক্ষ্ণ সমালোচনা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক। কিন্তু এনে নিন্দা-সমালোচনালৈ কোনো ভ্ৰূক্ষেপ নাই ট্ৰাম্পৰ, বৰঞ্চ পুনৰ এবাৰ ৰাছিয়াৰ সৈতে ব্যৱসায়ৰ বাবে ভাৰতক ভাবুকিৰ লক্ষ্য কৰি লৈছে। ভাৰতে ৰাছিয়াৰ পৰা কৰা তেল আমদানি সন্দৰ্ভত পুনৰবাৰ শুল্ক বৃদ্ধিৰ হুংকাৰ দিছে ট্ৰাম্পে।

শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰবাৰ এই বিষয়ত বক্তব্য আগবঢ়াই প্ৰধানমন্ত্ৰী মোদীক এগৰাকী অতি সুদক্ষ আৰু ভাল ব্যক্তি আখ্যা দিয়ে। কিন্তু ভাৰতে আচলতে আমেৰিকাক সন্তুষ্ট কৰি ৰাখিব বিচাৰে বুলিও তেওঁ মন্তব্য কৰে। ট্ৰাম্পে কয়, “মোদীয়ে জানে যে মই ৰাছিয়াৰ পৰা তেল আমদানি কৰা বিষয়ত সুখী নাছিলোঁ। তেওঁলোকে আমাৰ সৈতে ব্যৱসায় কৰে, গতিকে আমি বিচাৰিলে অতি সোনকালেই তেওঁলোকৰ ওপৰত শুল্ক বৃদ্ধি কৰিব পাৰোঁ।”

ৰাছিয়াৰ তেল আমদানিৰ শেহতীয়া তথ্য

চৰকাৰী পৰিসংখ্যা অনুসৰি, ২০২৫ চনৰ নৱেম্বৰ মাহত ভাৰতৰ ৰাছিয়াৰ তেল আমদানি যোৱা ছয় মাহৰ ভিতৰত সৰ্বোচ্চ স্তৰত উপনীত হৈছে। বৰ্তমান ভাৰতৰ মুঠ তেল আমদানিৰ ৩৫% কেৱল ৰাছিয়াৰ পৰাই আহে। নৱেম্বৰ মাহত ভাৰতে ৰাছিয়াৰ পৰা ৭.৭ নিযুত টন তেল ক্ৰয় কৰিছে, যাৰ মূল্য প্ৰায় ৩.৭ বিলিয়ন ডলাৰ।

আমেৰিকাৰ স্থিতি আৰু শুল্ক বৃদ্ধি

উল্লেখ্য যে, বিগত ২০২৫ চনৰ আগষ্ট মাহত আমেৰিকাই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ শাস্তি স্বৰূপে ভাৰতীয় আমদানিৰ ওপৰত শুল্ক ২৫%ৰ পৰা ৫০%লৈ বৃদ্ধি কৰিছিল। ইয়াৰ পিছৰ পৰা আমেৰিকা আৰু ভাৰতৰ মাজত যথেষ্ট ব্যৱধান বৃদ্ধি পাইছিল। আমেৰিকাৰ পৰা পোৱা প্ৰত্যাহ্বানৰ মাজতো ভাৰতে এক সন্তুলিত কৌশল অৱলম্বন কৰিছে।

ভাৰতৰ পদক্ষেপ

এনে সন্তুলিত কৌশল হিচাপে ৰাছিয়াৰ লগতে আমেৰিকাৰ পৰাও ভাৰতে তেল ক্ৰয় যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে। ২০২৫ চনৰ নৱেম্বৰ মাহত আমেৰিকাৰ পৰা তেল আমদানি যোৱা সাত মাহৰ ভিতৰত সৰ্বোচ্চ (প্ৰায় ২.৮ নিযুত টন) হৈছে। বৰ্তমান ভাৰতৰ তেলৰ বজাৰত আমেৰিকাৰ অংশীদাৰিত্ব ৪.২%ৰ পৰা ১২.৬%লৈ বৃদ্ধি পাইছে।