শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এতিয়া আৰু চিন্তা নাই, টেষ্টত অপৰাজেয় হ’ব ভাৰত! বিচিচিআইৰ ওচৰত অধিনায়ক গিলে তুলিলে এনে দাবী

ভৱিষ্যতে যাতে এনে শোচনীয় প্ৰদৰ্শনৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে ভাৰতীয় দলৰ টেষ্ট অধিনায়ক শুভমন গিলে এক ডাঙৰ পৰিকল্পনা হাতত লৈছে আৰু এই পৰিকল্পনা ৰূপায়িত কৰাৰ লক্ষ্যৰে বিচিচিআইৰ (BCCI) ওচৰত এক বিশেষ দাবী উত্থাপন কৰিছে। পিছে কি পৰিকল্পনা কৰিছে শুভমন গিলে?

এতিয়া আৰু চিন্তা নাই, টেষ্টত অপৰাজেয় হ’ব ভাৰত! বিচিচিআইৰ ওচৰত অধিনায়ক গিলে তুলিলে এনে দাবী
শুভমন গিলৰ বিশেষ পৰিকল্পনাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 05 Jan 2026 14:29 PM

শেহতীয়া কিছুদিনত ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেট টেষ্টত শোচনীয় প্ৰদৰ্শন দাঙি ধৰিছে ভাৰতীয় ক্ৰিকেট দলে। ক্ৰিকেট বিশ্বৰ অন্যতম শক্তিশালী দলটোৱে দাঙি ধৰিব পৰা নাই আশাব্যঞ্জক প্ৰদৰ্শন। আনহে নালাগে, ঘৰৰ মাটিত একপ্ৰকাৰে অপৰাজেয় ভাৰতীয় দলটোৱে মাত্ৰ কেইটামান মাহৰ ব্যৱধানতে হেৰুৱাইছে দুটাকৈ শৃংখলা। ভাৰতক ঘৰৰ মাটিতে আহি হোৱাইট ৱাশ্ব কৰি গৈছে নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাই। এনে প্ৰদৰ্শনৰ বাবে তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছে ভাৰতীয় দল।

কিন্তু ভৱিষ্যতে যাতে এনে শোচনীয় প্ৰদৰ্শনৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে ভাৰতীয় দলৰ টেষ্ট অধিনায়ক শুভমন গিলে এক ডাঙৰ পৰিকল্পনা হাতত লৈছে আৰু এই পৰিকল্পনা ৰূপায়িত কৰাৰ লক্ষ্যৰে বিচিচিআইৰ (BCCI) ওচৰত এক বিশেষ দাবী উত্থাপন কৰিছে। পিছে কি পৰিকল্পনা কৰিছে শুভমন গিলে?

বিচিচিআইৰ ওচৰত গিলৰ দাবী

‘টাইমছ অৱ ইণ্ডিয়া’ৰ এক প্ৰতিবেদন অনুসৰি, শুভমন গিলে বিচিচিআইৰ ওচৰত প্ৰতিখন টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে ১৫ দিনীয়া এক অনুশীলন শিবিৰৰ দাবী জনাইছে। যোৱা ১৩ মাহৰ ভিতৰত ঘৰুৱা মাটিত খেলা টেষ্ট শৃংখলাত দুবাৰকৈ ভাৰতৰ শোচনীয় পৰাজয়ৰ পিছত বিচিচিআইয়ে নিৰ্বাচক আৰু দলৰ নেতৃত্বৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিছিল। সেই বৈঠকতে ভাৰতীয় অধিনায়কগৰাকীয়ে এই দাবী উত্থাপন কৰে।

কিয় ১৫ দিনীয়া শিবিৰৰ প্ৰয়োজন

বিচিচিআইৰ সূত্ৰই জানিবলৈ দিয়া মতে, বৈঠকত গিলৰ স্থিতি অতি স্পষ্ট আছিল। তেওঁ দলৰ উন্নত প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিছে। বিগত বৰ্ষত এছিয়া কাপ শেষ হোৱাৰ মাত্ৰ ৪ দিন পিছতেই ভাৰতীয় দলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্টত অৱতীৰ্ণ হ’বলগীয়া হৈছিল। খেলুৱৈসকল ২৯ ছেপ্টেম্বৰত ডুবাইৰ পৰা উভতি আহি ২ অক্টোবৰৰ পৰাই টেষ্ট খেলিবলগীয়া হৈছিল।

একেদৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টেষ্ট শৃংখলাটোৰ পূৰ্বেও গিলসহ বহু টেষ্ট বিশেষজ্ঞ খেলুৱৈ শৃংখলা আৰম্ভ হোৱাৰ মাত্ৰ ৪ দিন পূৰ্বেহে অষ্ট্ৰেলিয়াৰ পৰা উভতিছিল। এনে পৰিস্থিতিত খেলুৱৈসকলে মানসিক আৰু শাৰীৰিকভাৱে দীঘলীয়া ফৰ্মেটটোৰ বাবে প্ৰস্তুত হ’বলৈ পৰ্যাপ্ত সময় লাভ কৰা নাছিল।

বিচিচিআইৰ সঁহাৰি

গীলৰ এনে পৰিকল্পনা আৰু স্পষ্টবাদী চিন্তাধাৰাত বিচিচিআই আৰু নিৰ্বাচকসকল সন্তুষ্ট হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমানৰ ব্যস্ত সময়সূচীৰ মাজত এই ১৫ দিনীয়া শিবিৰ কিদৰে অনুষ্ঠিত কৰিব পৰা যায়, সেয়া এক ডাঙৰ প্ৰত্যাহ্বান যদিও ব’ৰ্ডে ইয়াক গুৰুত্বসহকাৰে লৈছে। সম্ভৱত বেংগালুৰুৰ ‘চেণ্টাৰ অৱ এক্সেলেন্স’ত এই ৰেড বল কেম্প অনুষ্ঠিত কৰা হ’ব পাৰে।

যদি বিচিচিআইয়ে এই পৰিকল্পনা গ্ৰহণ কৰে, তেতিয়া প্ৰাক্তন ভাৰতীয় তাৰকা ভিভিএছ লক্ষ্মণে বিশেষ দায়িত্ব লাভ কৰিব পাৰে বুলি চৰ্চা চলিছে। প্ৰতিবেদন মতে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ হোৱাইট বল শৃংখলাত ব্যস্ত থাকিলে এই ৰেড বল কেম্পৰ বাবে ভিভিএছ লক্ষ্মণৰ সহায় লোৱাৰ চিন্তা-চৰ্চা কৰা হৈছে।