শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

‘মুৰব্বী বিহীন’ ভেনিজুৱেলাত কেনে অৱস্থাত আছে ভাৰতীয়সকল! কি পদক্ষেপ লৈছে কৰ্তৃপক্ষই?

যোৱা নিশা এক আকস্মিক আক্ৰমণ চলাই মাৰ্কিন সেনাই নিজ দেশলৈ উঠাই নিয়ে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক। পিছে ভেনিজুৱেলাৰ শেহতীয়া এই অস্থিৰ পৰিৱেশৰ মাজত দেশখনত আৱদ্ধ হৈ থকা ভাৰতীয়সকল কেনে অৱস্থাত আছে?

‘মুৰব্বী বিহীন’ ভেনিজুৱেলাত কেনে অৱস্থাত আছে ভাৰতীয়সকল! কি পদক্ষেপ লৈছে কৰ্তৃপক্ষই?
ভেনিজুৱেলাত কেনে অৱস্থাত আছে ভাৰতীয়সকল!Image Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 04 Jan 2026 16:11 PM

আমেৰিকান সামৰিক অভিযানত মুৰব্বী বিহীন হৈ পৰিছে লেটিন আমেৰিকান ৰাষ্ট্ৰ ভেনিজুৱেলা। যোৱা নিশা এক আকস্মিক আক্ৰমণ চলাই মাৰ্কিন সেনাই নিজ দেশলৈ উঠাই নিয়ে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক। ভেনিজুৱেলাৰ শেহতীয়া এই অস্থিৰ পৰিৱেশৰ মাজত দেশখনত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক লৈ চিন্তিত হৈ পৰিছে নতুন দিল্লী। ভেনিজুৱেলাৰ মুঠ জনসংখ্যা প্ৰায় ৩ কোটি আৰু ইয়াৰ ভিতৰতে ভাৰতীয়ৰ সংখ্যা অতি নগণ্য হ’লেও কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সুৰক্ষাক লৈ কোনো ধৰণৰ ত্ৰুটি ৰাখিব বিচৰা নাই।

আজি বিদেশ মন্ত্ৰালয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে এই বিষয়ত তথ্য সদৰী কৰিছে। এই বিজ্ঞপ্তিটোত কোৱা হৈছে, “ভেনিজুৱেলাত থকা ভাৰতীয় আৰু ভাৰতীয় মূলৰ লোকসকলৰ সৈতে দিল্লীৰ বিশেষ দূত নিৰন্তৰ যোগাযোগত আছে। প্ৰয়োজন সাপেক্ষে তেওঁলোকক সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ ভাৰত সাজু আছে।”

কাৰাকাছৰ ভয়াৱহ পৰিস্থিতি

শুকুৰবাৰে মাজনিশা আমেৰিকান বায়ুসেনাই ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত চলোৱা বিমান আক্ৰমণৰ পাছৰে পৰা দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰিছে। ড’নাল্ড ট্ৰাম্পৰ বিশেষ ডেল্টা ফ’ৰ্চে ৰাষ্ট্ৰপতি মাদুৰো আৰু তেওঁৰ পত্নীক অপহৰণ কৰি নিয়াৰ পিছত ৰাজধানীৰ একাংশ ধ্বংসস্তূপত পৰিণত হৈছে। দেশজুৰি চলি থকা খাদ্যৰ সংকটৰ মাজতে এই সামৰিক অভিযানে পৰিস্থিতি অধিক জটিল কৰি তুলিছে।

প্ৰত্যক্ষদৰ্শী ভাৰতীয়ৰ ভাষ্য

কাৰাকাছত বসবাস কৰা সুনীল মালহোত্ৰা নামৰ এজন ভাৰতীয়ই সংবাদ সংস্থা ‘ইণ্ডিয়া টুডে’ৰ আগত বৰ্তমানৰ পৰিস্থিতি বৰ্ণনা কৰি কয় যে, সমগ্ৰ চহৰখনত এতিয়া মৰিশালীৰ দৰে নিস্তব্ধতাই বিৰাজ কৰিছে। প্ৰাণৰ ভয়ত স্থানীয় লোকসকল ঘৰৰ পৰা ওলাই অহা নাই বুলিও তেওঁ কয়। কাৰাকাছৰ ৰাজপথ এতিয়া সম্পূৰ্ণ খালী, গণ পৰিবহণ বন্ধ আৰু দোকানসমূহো বন্ধ হৈ পৰিছে।

সুনীল মালহোত্ৰাই লগতে সদৰী কৰা মতে, কাৰাকাছৰ চুপাৰ মাৰ্কেটসমূহ সম্পূৰ্ণ বন্ধ হৈ পৰিছে। কাষৰীয়া অঞ্চলৰ সৰু সৰু দোকানসমূহত খাদ্যৰ বাবে এতিয়া হাহাকাৰ লাগিছে। একোখন দোকানত প্ৰায় ৫০০-৬০০ মানুহৰ দীঘলীয়া শাৰী দেখা গৈছে। ঔষধৰ দোকানসমূহতো এতিয়া এনে অৱস্থাই বিৰাজ কৰিছে বুলি তেওঁ উল্লেখ কৰিছে।

ভাৰতীয় দূতাবাসৰ তৎপৰতা

সুনীলে জানিবলৈ দিয়া মতে, এনে দুৰ্যোগৰ সময়তো ভাৰতীয় দূতাবাসে তেওঁলোকৰ সৈতে যোগাযোগ বিচ্ছিন কৰা নাই। তেওঁ কয়, “কাৰাকাছত আমাৰ দৰে ভাৰতীয় লোক খুব বেছি নাই। দিল্লীৰ পৰা অহা বিশেষ দূতে আমাৰ বাবে এটা হোৱাটছ্এপ গ্ৰুপ খুলি দিছে। সেই গ্ৰুপৰ জৰিয়তে তেওঁ আমাক প্ৰতিটো মুহূৰ্ততে প্ৰয়োজনীয় নিৰ্দেশনা আৰু সতৰ্কবাণী প্ৰদান কৰি আছে।”