বাংলাদেশত ঈদৰ সময়ত ৯১ লাখ জীৱ-জন্তুৰ কুৰ্বানি, শীৰ্ষত আছে গৰু…
ঈদ-উল-আজহাত ৩ দিন পৰ্যন্ত মুছলমান লোকসকলে কুৰ্বানি দিয়ে। এই দিনটোত মুছলমানসকলে আল্লাহৰ বাবে হজৰত ইব্ৰাহিমৰ কুৰবানীক স্মৰণ কৰি জীৱ-জন্তুৰ কুৰ্বানি দিয়ে।

সমগ্ৰ দেশত যোৱা ৬ আৰু ৭ জুনত ঈদ-উল-আজহা পালন কৰা হয়। এই সময়চোৱাত নীতি-নিয়ম অনুসৰি ইছলাম ধৰ্মৰ লোকসকলে লাখ লাখ জীৱ-জন্তুৰ কুৰ্বানি দিয়ে। ইয়াৰ মাজতে বাংলাদেশৰ মীন আৰু পশুধন মন্ত্ৰালয়ে কুৰ্বানি সন্দৰ্ভত তথ্য জাৰি কৰিছে। তথ্য অনুসৰি, ঈদৰ সময়ত দেশখনত ৯১ লাখৰো অধিক পশুক কুৰ্বানি দিয়া হয়। আচৰিত কথা এয়াই যে, বাংলাদেশত ছাগলী বা আন জন্তুৰ তুলনাত গৰু অধিক কুৰ্বানি দিয়া হয়।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি এইবাৰ ঈদত ৪৭.৫ লাখ গৰু আৰু ম’হ, ৪৪.৩ লাখ ছাগলী আৰু ভেড়া কুৰ্বানি দিয়া হয়। ইয়াৰোপৰি অন্যান্য বহু জীৱ-জন্তুৰ কুৰ্বানি কৰা হয়। পশুপালন মন্ত্ৰালয়েও কয় যে এইবাৰ দেশত বৃহৎ সংখ্যক জীৱ-জন্তু থকাৰ বাবে প্ৰায় ৩৩.১০ লাখ জীৱ-জন্তু বিক্ৰী কৰিব পৰা নগ’ল। বিক্ৰী নোহোৱা জীৱ-জন্তু ঈদৰ বাহিৰেও বিভিন্ন ধৰ্মীয় ৰীতি-নীতি আৰু অনুষ্ঠানত কুৰ্বানি দিয়াৰ সম্ভাৱনা আছে।
বাংলাদেশৰ সৰ্বাধিক কুৰ্বানি ৰাজশাহী সংমণ্ডলত হৈছে। এই অঞ্চলটোত ২৩.২৩ লাখ জন্তু কুৰ্বানি দিয়াৰ বিপৰীতে দ্বিতীয় স্থানত থকা ঢাকাত ২১.৮৫ লাখ কুৰ্বানি দিয়া হয়। ইয়াৰোপৰি চট্টগ্ৰামত ১৭.৫৩ লাখ, ৰংপুৰ সংমণ্ডলত ৯.৬৪ লাখ আৰু খুলনাত ৮.০৪ লাখ জন্তু কুৰ্বানি দিয়া হয়। তথ্য অনুসৰি, দেশখনত কম সংখ্যক কুৰ্বানি দিয়া স্থানৰ ভিতৰত আছে বৰিছাল সংমণ্ডলত ৪.৭ লাখ, মাইমেনছিং সংমণ্ডলত ৩.৮৩ লাখ আৰু চিলেট সংমণ্ডলত ৩.১৯ লাখ কুৰ্বানি দিয়া হৈছে।
উল্লেখ্য যে,ঈদ-উল-আজহাত ৩ দিন পৰ্যন্ত মুছলমান লোকসকলে কুৰ্বানি দিয়ে। এই দিনটোত মুছলমানসকলে আল্লাহৰ বাবে হজৰত ইব্ৰাহিমৰ কুৰবানীক স্মৰণ কৰি জীৱ-জন্তুৰ কুৰ্বানি দিয়ে। কুৰ্বানি দিয়া জীৱ-জন্তুসমূহৰ ভিতৰত ভেড়া, ছাগলী, ম’হ, গৰু, উট আদি থাকে। ঈদ পুৱা নামাজৰ পৰা আৰম্ভ হয় আৰু পাছত তিনি দিন পৰ্যন্ত কুৰ্বানি দিয়া হয়। তাৰ পাছতে কুৰ্বানিৰ মাংস আত্মীয়-স্বজনৰ লগতে দুখীয়া-দৰিদ্ৰৰ মাজত বিতৰণ কৰা হয়।
অন্য খবৰ পঢ়কঃ ইফালে কু-কাণ্ডৰ কথা স্বীকাৰ, আনফালে সোণমৰ ভাতৃয়ে ক’লে- মোৰ ভনীয়ে ৰাজক ৰাখী পিন্ধাইছিল আৰু…