ৰাজা ৰঘুবংশীৰ কাণ্ডৰ তদন্তৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপলৈ… দিনটোৰ শীৰ্ষ খবৰ
আশা কর্মী আৰু আশা ছুপাৰভাইজৰসকলৰ মাহেকীয়া মাননি বৃদ্ধি কৰাৰ বাবে অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে। ইয়াৰোপৰি আজিৰ দিনটোত বহু গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হয়।
১. আশা কর্মী আৰু আশা ছুপাৰভাইজৰসকলৰ মাহেকীয়া মাননি বৃদ্ধি কৰাৰ বাবে অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে। সেই অনুসৰি, ১ অক্টোবৰ ২০২৫ৰ পৰা আশা কর্মীসকলে ৩,০০০ টকাৰ সলনি ৪,০০০ টকাৰ স্থিৰ মাহেকীয়া মাননি লাভ কৰিব । একেদৰে ১ অক্টোবৰ ২০২৫ৰ পৰা আশা ছুপাৰভাইজৰসকলে ৯,০০০ টকাৰ সলনি ১০,২০০ টকাৰ স্থিৰ মাহেকীয়া মাননি লাভ কৰিব ।
২.পুনৰ এবাৰ হিন্দুৰ অস্তিত্ব সন্দৰ্ভত মন্তব্য কৰিছে অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে ডঃ শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে । তেওঁ অভিযোগ কৰে যে এক বিশেষ মাংসক অসমত হিন্দুৰ বিৰুদ্ধে “অস্ত্র হিচাপে” ব্যৱহাৰ কৰা হৈছে । যোৱা সপ্তাহত ঈদ উদযাপনৰ পাছত কথিতভাৱে ৰাজহুৱা স্থানত মাংসৰ টুকুৰা নিক্ষেপ কৰাৰ উদাহৰণ দাঙি ধৰি তেওঁ এই অভিযোগ কৰে ।
৩.আহমেদাবাদত ৰহস্যজনকভাৱে উদ্ধাৰ অসমৰ এগৰাকী যুৱতীৰ মৃতদেহ । অট্টালিকাৰ ওপৰৰ পৰা পৰি যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি প্ৰেমিকে দাবী কৰিছে ।