শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
তৎকাল টিকট বুকিঙৰ ক্ষেত্ৰত ৰে'লৱেৰ নতুন নিয়ম...

তৎকাল টিকট বুকিঙৰ ক্ষেত্ৰত ৰে’লৱেৰ নতুন নিয়ম…

Barasha Sarma
Barasha Sarma | Published: 12 Jun 2025 17:55 PM

তৎকাল টিকট বুকিঙত প্ৰৱঞ্চনা ৰোধ কৰিবলৈ এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ ই-প্ৰমাণীকৰণ বাধ্যতামূলক কৰা হৈছে।  সামাজিক মাধ্যমযোগে এই কথা ঘোষণা ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

তৎকাল টিকট সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত  গ্ৰহণ কৰিছে ভাৰতীয় ৰে’লৱে । তৎকাল টিকট বুকিঙত প্ৰৱঞ্চনা ৰোধ কৰিবলৈ এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ ই-প্ৰমাণীকৰণ বাধ্যতামূলক কৰা হৈছে।  সামাজিক মাধ্যমযোগে এই কথা ঘোষণা ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। বৈষ্ণৱে এজেন্ট সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰে।

এই নিয়ম ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব বুলি ৰে’লৱে অৱগত কৰিছে।আই আৰ চি টি চিৰ অফিচিয়েল ৱেবছাইট আৰু মোবাইলত তৎকাল টিকট বুকিংৰ বাবে আধাৰ প্ৰমাণীকৰণ কৰিব লাগিব। ইয়াৰোপৰি অহা ১৫ জুলাইৰ পৰা অ’টিপি ভিত্তিক আধাৰ পৰীক্ষণ বাধ্যতামূলক হ’ব।  যাত্ৰীয়ে যাতে তৎকাল টিকট বুকিঙৰ ক্ষেত্ৰত অসুবিধা নাপাই তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে।