ঘনিষ্ঠতা বৃদ্ধি! আমেৰিকাৰ সেনা দিৱসত উপস্থিত থাকিব পাকিস্তানী সেনা প্ৰধান অসীম মুনিৰ…
ঘনে ঘনে ৰং সলাইছে আমেৰিকাই। এইবাৰ পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰক আমন্ত্ৰণ জনালে আমেৰিকাই। ১৪ জুনত আমেৰিকা ভ্ৰমণ কৰিব পাকিস্তানৰ সেনা প্ৰধানগৰাকীয়ে।

ভাৰতৰ বাবে এক ডাঙৰ আঘাত। ভাৰত-পাকিস্তানৰ উত্তেজনাৰ পাছতে আচল ৰূপ দেখুৱাইছে আমেৰিকাই। এইবাৰ আমেৰিকা ভ্ৰমণ কৰিব পাকিস্তানৰ সেনা প্ৰধান অসীম মুনীৰে। ১৪ জুনত ৱাশ্বিংটন ডিচিত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ সেনাৰ ২৫০ বছৰীয়া জয়ন্তী অনুষ্ঠানত উপস্থিত থাকিব তেওঁ। ইয়াৰ পাছতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে পাকিস্তানী সেনা প্ৰধানৰ আমেৰিকা ভ্ৰমণৰ সন্দৰ্ভত সামাজিক মাধ্যমত এক পোষ্ট কৰে।
পোষ্টটোত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, আমেৰিকাৰ সেনা দিৱস (১৪ জুন) উপলক্ষে ৱাশ্বিংটন ডি চিত আয়োজন কৰা অনুষ্ঠানলৈ পাকিস্তানী সেনা প্ৰধান জেনেৰেল অসীম মুনিৰক আমন্ত্ৰণ জনোৱা হৈছে। এই খবৰ ভাৰতৰ বাবে কূটনৈতিক আৰু কৌশলগত পৰ্যায়ত ডাঙৰ আঘাত।
তেওঁ কয় যে, এইজনেই সেই ব্যক্তি যিয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঠিক আগতে উত্তেজক আৰু উচটনিমূলক ভাষণ দিছিল। গতিকে প্ৰশ্ন হয়, আমেৰিকাৰ উদ্দেশ্য কিয শেহতীয়াকৈ আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ মুৰব্বীয়েও কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত পাকিস্তান আমেৰিকা এক ডাঙৰ অংশীদাৰ।
खबर है कि पाकिस्तानी सेना प्रमुख जनरल असीम मुनीर को अमेरिका के सेना दिवस (14 जून) के मौके पर वॉशिंगटन डीसी में आयोजित कार्यक्रम में आमंत्रित किया गया है।
यह खबर भारत के लिए कूटनीतिक और सामरिक दृष्टि से एक बड़ा झटका है।
यह वही व्यक्ति हैं जिसने पहलगाम आतंकी हमले से ठीक पहले…
— Jairam Ramesh (@Jairam_Ramesh) June 12, 2025
তেওঁ কয় যে, মোদী চৰকাৰে কৈছে অপাৰেশ্যন সেন্দূৰ এতিয়াও চলি আছে। এনে পৰিস্থিতিত পাকিস্তানী সেনা প্ৰধানগৰাকীয়ে আমেৰিকাৰ সেনা দিৱসত অতিথি হিচাপে অংশগ্ৰহণ কৰাটো নিশ্চিতভাৱে গুৰুতৰ চিন্তাৰ বিষয়। ট্ৰাম্প প্ৰশাসনে অহৰহ এনে বক্তব্য দি আছে যাৰ অৰ্থ এইটোৱেই হ’ব পাৰে যে আমেৰিকাই ভাৰত আৰু পাকিস্তানক একে চকুৰে চাইছে।
তেওঁ লগতে লিখে- সন্ত্ৰাসবাদৰ ক্ষেত্ৰত পাকিস্তানৰ ভূমিকা সন্দৰ্ভত আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বক ভাৰতীয় প্ৰতিনিধি দলে অৱগত কৰিছে। এই দলটোক প্ৰধানমন্ত্ৰীয়ে আদৰণিও জনাইছে। তেনে সময়ত ৱাশ্বিংটন ডি চিৰ পৰা অহা এনে খবৰ ভাৰতৰ কূটনৈতিক স্থিতি অস্থিৰ কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে এতিয়া সৰ্বদলীয় বৈঠক আৰু সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰক, যাতে ৰাষ্ট্ৰই নিজৰ সামূহিক ইচ্ছা স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰে আৰু এখন সুনিৰ্দিষ্ট ৰোডমেপ দেশৰ সন্মুখত দাখিল কৰিব পাৰে। দশক দশক ধৰি চলি থকা কূটনৈতিক অগ্ৰগতি ইমান সহজে দুৰ্বল হ’বলৈ দিব নোৱাৰি।
উল্লেখ্য যে, ১৪ জুনত আমেৰিকা ভ্ৰমণ কৰিব পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰে। এই দিনটোত ৱাশ্বিংটন ডিচিত আমেৰিকান সেনাৰ ২৫০ বছৰীয়া জয়ন্তী পালন কৰা হ’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৭৯ সংখ্যক জন্মদিন উপলক্ষে আয়োজন কৰা হ’ব এই অনুষ্ঠান। ভাৰত-পাকিস্তানৰ উত্তেজনাৰ পাছত এয়াই হ’ব মুনিৰৰ প্ৰথম ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০২৩ চনত মুনিৰে আমেৰিকা ভ্ৰমণ কৰিছিল। আমেৰিকা-পাকিস্তানৰ ঘনিষ্ঠতাই নতুন বিপদ মাতি আনিব পাৰে ভাৰতৰ বাবে।
অন্য খবৰ পঢ়কঃ আমেৰিকাৰ স্থিতি সলনি! ক’লে, ভাৰতৰ সৈতে সম্পৰ্কৰ বাবে আমি পাকিস্তানৰ পৰা আঁতৰিব নোৱাৰো…