অভিশপ্ত বৃহস্পতিবাৰ, ২৪২ গৰাকী যাত্ৰীসহ শোকাৱহ দুৰ্ঘটনাত পতিত এয়াৰ ইণ্ডিয়াৰ AI171
উৰণৰ ঠিক পিছতেই বিমানখন পতিত হয় দুৰ্ঘটনাত । আহমেদাবাদ বিমান বন্দৰৰ পৰা প্ৰায় ১৫ কিঃমিঃ দূৰত মেঘনী নগৰ অঞ্চলত এখন হাস্পতালৰ অট্টালিকাত খুন্দা মাৰে বিমানখনে । ২৩ নং ৰান ৱে'ৰ পৰা উৰা মাৰিছিল বিমানখন ।
অভিশপ্ত বৃহস্পতিবাৰ, আহমেদাবাদত প্ৰখৰ ৰ’দ, বতৰ ফৰকাল । দুপৰীয়া ঠিক ১ বাজি ৩৮ মিনিট । আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল বিমান বন্দৰৰ পৰা লণ্ডন অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল এয়াৰ ইণ্ডিয়াৰ AI171 বিমানখনে । বিমানখনত আছিল ২৩০ গৰাকী যাত্ৰী, ২ জন পাইলট আৰু ১০ গৰাকী ক্ৰু সদস্য । কোনেও ভবা নাছিল, তেওঁলোকৰ বাবে বাট চাই আছে কালে ।
উৰণৰ ঠিক পিছতেই বিমানখন পতিত হয় দুৰ্ঘটনাত । আহমেদাবাদ বিমান বন্দৰৰ পৰা প্ৰায় ১৫ কিঃমিঃ দূৰত মেঘনী নগৰ অঞ্চলত এখন হাস্পতালৰ অট্টালিকাত খুন্দা মাৰে বিমানখনে । ২৩ নং ৰান ৱে’ৰ পৰা উৰা মাৰিছিল বিমানখন । বিমানৰ পৰা ATC লৈ আহিছিল মে’ডে ফোনকল । অৰ্থাৎ বিমানখন দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ আগজাননি পাই, সহায়ৰ বাবে কল কৰা হৈছিল । তাৰ পাছতেই বিচ্ছিন্ন হয় সংযোগ আৰু প্ৰচণ্ড এক শব্দ কৰি ভূপতিত হয় বিমানখন । লগে লগে বিমানখনত জুই লাগে আৰু ক’লা ধোঁৱাই আগুৰি ধৰে সমগ্ৰ আকাশ । ইতিমধ্যে দুৰ্ঘটনাস্থলীৰ পৰা যাত্ৰীসকলক চিকিৎসাৰ বাবে উদ্ধাৰ কৰা হৈছে । কিন্তু কিমানজন লোক নিহত হৈছে সেয়া বৰ্তমানেও নিশ্চিত হোৱা নাই ।
মুঠ ২৪২ গৰাকী যাত্ৰী আছিল বিমানখনত । তাৰ মাজত বিজনেচ ক্লাছত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী । বিমানখনত থকা যাত্ৰীসকলৰ ভিতৰত ৫৩ গৰাকী ব্ৰিটিছ, ৭ গৰাকী পৰ্তুগীজ, ১ গৰাকী কানাডিয়ান আৰু ১৬৯ গৰাকী ভাৰতীয় আছিল । তাৰো পৰি আছিল ২ পাইলটসহ ১২ গৰাকী বিমান কৰ্মী । বিমানখনৰ মুখ্য পাইলট আছিল সুমিত সাবৰৱাল । ৮২০০ ঘন্টা বিমান চলোৱাৰ অভিজ্ঞতা আছে তেওঁৰ । সহকাৰী পাইলট ক্লাইভ কুণ্ডাৰৰো ১১০০ ঘন্টা বিমান চলোৱাৰ অভিজ্ঞতা আছে । তথাপিও দুৰ্ঘটনাত পতিত হয় বিমানখন ।
ইতিমধ্যে এই দুৰ্ঘটনাৰ উদ্ধাৰ আৰু সাহায্যৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ
-
ব্ৰিটিছ নাগৰিকৰ বাবে হেল্পলাইন নম্বৰ– 020 7008 5000
-
আহমেদাবাদ আৰক্ষীৰ হেল্পলাইন নম্বৰ– 7925620359
-
এয়াৰ ইণ্ডিয়াৰ হেল্পলাইন নম্বৰ– 1800 5691 444
-
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰ– 011- 24610843
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ লগতে বিভিন্ন জনে এই শোকাৱহ বিমান দুৰ্ঘটনাত দুখ প্ৰকাশ কৰিছে । প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে অহৰহ ঘটনাৰ খবৰ লোৱা বুলি জানিব পৰা গৈছে । ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু ।
এই বিমান দুৰ্ঘটনা সংঘটিত হৈছে আহমেদাবাদ হৰ্চ কেম্পৰ আৱাসিক এলেকাত । বি জে মেডিকেল কলেজৰ হোষ্টেলৰ অট্টালিকাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল বিমানখন। ফলত কমেও ২০ গৰাকী কনিষ্ঠ চিকিৎসক নিহত হোৱাৰ আশংকা কৰা হৈছে । ভাৰতৰ ইতিহাসত সংঘটিত শোকাৱহ বিমান দুৰ্ঘটনাৰ ভিতৰত অন্যতম আহমেদাবাদৰ এই বিমান দুৰ্ঘটনা ।