TV9 ASSAM
২০২৬ চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’ব আইচিচি টি-২০ বিশ্বকাপ। এই প্ৰতিযোগিতা ভাৰত আৰু শ্ৰীলংকাই যুটিয়াভাৱে আয়োজন কৰিব।
এই বিশ্বকাপ অহা বৰ্ষৰ ৮ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈকে অনুষ্ঠিত হ’ব। মুঠ ২০টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
আগন্তুক এই টি-২০ বিশ্বকাপত ডিফেণ্ডিং চেম্পিয়ন হিচাপে অৱতীৰ্ণ হ’ব ভাৰত। ২০২৪ৰ টি-২০ বিশ্বকাপত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে খিতাপ জয় কৰিছিল।
ভাৰতীয় দলে আগন্তুক এই টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে বিশেষ পৰিকল্পনা কৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। বিশ্বকাপৰ পূৰ্বে নিউজিলেণ্ড দলে জানুৱাৰীত ভাৰত ভ্ৰমণ কৰিব পাৰে।
দুয়োটা দলৰ মাজত ১১ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ সীমিত অভাৰৰ শৃংখলা অনুষ্ঠিত হ’ব পাৰে। এই শৃংখলাত তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ মেচ অনুষ্ঠিত হ’ব।
২০২৪ৰ টি-২০ বিশ্বকাপ জয়ৰ পিছতে ৰোহিত শৰ্মা, বিৰাট কোহলী ৰবীন্দ্ৰ জাদেজাই এই ফৰ্মেটৰ পৰা অৱসৰ লৈছিল। গতিকে আগন্তুক বিশ্বকাপ ভাৰতীয় দলৰ ওপৰত বিশেষ দৃষ্টি থাকিব।
পঢ়িবলৈ ক্লিক কৰক
পাৰ্চৰ ভিতৰত চাবি ৰখা উচিত নে?