শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইফালে কু-কাণ্ডৰ কথা স্বীকাৰ, আনফালে সোণমৰ ভাতৃয়ে ক’লে- মোৰ ভনীয়ে ৰাজক ৰাখী পিন্ধাইছিল আৰু…

ৰাজা ৰঘুবংশী হত্যাকাণ্ডত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে পত্নী সোণম ৰঘুবংশী আৰু তিনি চুপাৰি কিলাৰ। ইয়াৰ মাজতে সোণমৰ ভাতৃয়ে কয় যে, ৰাজক সোণমে ৰাখী পিন্ধাইছিল।

ইফালে কু-কাণ্ডৰ কথা স্বীকাৰ, আনফালে সোণমৰ ভাতৃয়ে ক’লে- মোৰ ভনীয়ে ৰাজক ৰাখী পিন্ধাইছিল আৰু…
ৰাজা-সোণমImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 11 Jun 2025 16:40 PM

সমগ্ৰ দেশ জোকাৰি গৈছে ৰাজা ৰঘুবংশী হত্যাকাণ্ডই। এই কাণ্ডৰ মূল অভিযুক্ত সোণমক ইতিমধ্যে মেঘালয় আৰক্ষীয়ে শ্বিলঙলৈ লৈ গৈছে। ইয়াৰ মাজতে বুধবাৰে ৰাজাৰ মাতৃক সাক্ষাৎ কৰে সোণমৰ ভাতৃ গোবিন্দই। এই সময়চোৱাত গোবিন্দই ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত মত ব্যক্ত কৰে। তেওঁ সোণম আৰু তেওঁৰ প্ৰেমিক বুলি চৰ্চিত ৰাজ কুছৱাহা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে, সোণমে ৰাজক ৰাখী পিন্ধাইছিল আৰু ‘দিদি’ বুলি মাতিছিল। অৱশ্যে গোবিন্দই স্পষ্টকৈ কয় যে, যদি তেওঁৰ ভগ্নী এই সকলোবোৰত জড়িত হৈ আছে তেন্তে তেওঁক ফাঁচীৰ শাস্তি দিব লাগে।

গোবিন্দই কয় যে, ৰাজ কুছৱাহাক সোণমে ৰাখী পিন্ধাইছিল। যোৱা ৩ বছৰ ধৰি ৰাজে সোণমৰ হৈ কাম কৰি আছিল। গোবিন্দই ৰাজাৰ হত্যাৰ কাৰণ সন্দৰ্ভত একো নকয় যদিও স্পষ্টকৈ কয় যে,যদি তেওঁৰ ভগ্নীক এই অপৰাধত জড়িত বুলি ধৰা পৰে তেন্তে তেওঁক মৃত্যুদণ্ড দিয়া উচিত।

সোণমৰ সৈতে তেওঁৰ কথা-বতৰা হৈছে নেকি বুলি সোধা প্ৰশ্নত কয় যে, উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁক সোণমক লগ কৰিব দিয়া নাছিল। ৰাজক মাত্ৰ ২ মিনিটৰ বাবে লগ পাইছিল যদিও কোনো কথা হোৱা নাছিল। ইমানদিনে তেওঁ মেঘালয়তে আছিল আৰু আজি উভতি আহিছে। লগতে গোবিন্দই এয়াও কয় যে, অভিযুক্ত ৩ চুপাৰি কিলাৰত তেওঁ চিনি নাপায়।

সোণমক বলপূৰ্বকভাবে বিয়াত বহোৱা হৈছিল নেকি- এই সন্দৰ্ভত উত্তৰ দি গোবিন্দই কয় যে, সোণমৰ সন্মতি সাপেক্ষে বিয়া দিয়া হৈছিল।  বিয়াৰ আগত সোণমে কোনো ধৰণৰ ভাবুকি দিয়া নাছিল। ইয়াৰোপৰি পণ্ডিতে চাই দিয়া সময় , দিন অনুসৰিহে তেওঁলোকৰ বিয়া পাতি দিয়া হৈছিল বুলি তেওঁ কয়।

ইফালে ৰাজা ৰঘুবংশী হত্যাকাণ্ডত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে সোণম ৰঘুবংশীয়ে। এছ আই টিৰ জেৰাৰ সময়ত সোণমে কয় যে, তেওঁ ৰাজাৰ হত্যাৰ পৰিকল্পনাত জড়িত আছিল। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোকে হ’ল- সোণম ৰঘুবংশী, ৰাজ কুছৱাহা আৰু তিনি চুপাৰি কিলাৰ আনন্দ, আকাশ ৰাজপুত আৰু বিশাল ওৰফে বিকি ঠাকুৰ।

উত্তৰ প্ৰদেশৰ গাজিপুৰৰ পৰা সোণমক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ইন্দোৰৰ পৰা ৰাজ আৰু বিশালক, মধ্য প্ৰদেশৰ পৰা সাগৰ ওৰফে আকাশক, আৰু উত্তৰ প্ৰদেশৰ ললিতপুৰৰ পৰা আনন্দক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে ৩ চুপাৰি কিলাৰেও ৰাজাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ ৰাজা ৰঘুবংশী কাণ্ডঃ কিলাৰৰ সৈতে বন্ধুত্ব, সোণমৰ ইংগিত…কি কি হৈছিল সেইদিনা…