Air India Plane Crash: দুৰ্ঘটনাত নিহত লোকৰ পৰিয়াললৈ ১ কোটিকৈ সাহায্য ঘোষণা টাটাৰঃ দিলে এনে আশ্বাসো…
আহমেদাবাদত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত বিমানত থকা লোকসকলৰ লগতে বিমানখন বাগৰি পৰা চিকিৎসালয়ৰ আৱাসটোৰ কিছুসংখ্যক লোকৰো মৃত্যুৰ আশংকা কৰা হৈছে। এই দুৰ্ঘটনাক লৈ দেশজুৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে টাটা গ্ৰুপে ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে।

আহমেদাবাদত আজি দুপৰীয়া সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ চাঞ্চল্যই জোকাৰি তুলিছে সমগ্ৰ দেশ। আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখন উৰণৰ ঠিক লগে লগে দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ক্ৰুসহ সৰ্বমুঠ ২৪২ গৰাকী লোক থকা বুলি তথ্য প্ৰকাশ পাইছে। দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে বিমানখন চিকিৎসালয়ৰ এক আৱাসত বাগৰি পৰে। এই ভয়ংকৰ দুৰ্ঘটনাত বিমানত থকা লোকসকলৰ লগতে আৱাসটোৰ কিছুসংখ্যক লোকৰ মৃত্যুৰো আশংকা প্ৰকাশ পাইছে।
ইতিমধ্যে আহমেদাবাদৰ আৰক্ষী আয়ুক্তই এই দুৰ্ঘটনাত বিমানত থকা লোকসকলৰ প্ৰাণ ৰক্ষাৰ সম্ভাৱনা প্ৰায় ক্ষীণ বুলি মন্তব্য কৰিছে। অৱশ্যে তাৰ মাজতে এজন লোকক জীৱন্তে উদ্ধাৰ কৰা বুলিও তথ্য প্ৰকাশ পাইছে। গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও এই দুৰ্ঘটনাত নিহত হোৱা বুলি নিশ্চিত কৰা হৈছে। এই দুৰ্ঘটনাৰ পিছতে এয়াৰ ইণ্ডিয়াৰ স্বত্বাধিকাৰী প্ৰতিষ্ঠান টাটা গ্ৰুপে ক্ষতিপূৰণ ঘোষণা কৰিছে।
এক বিবৃতি যোগে টাটা গ্ৰুপে এই ঘটনাত এয়াৰ ইণ্ডিয়া অত্যন্ত মৰ্মাহত বুলি উল্লেখ কৰিছে। টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেকৰণৰ স্বাক্ষৰ সম্বলিত বিবৃতিটোত এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ পৰিয়াললৈ টাটা গ্ৰুপে ১ কোটি টকা আগবঢ়াব বুলি ঘোষণা কৰা হৈছে। আহতসকলৰ চিকিৎসাৰ সকলো খৰচ টাটা গ্ৰুপে বহন কৰিব বুলিও ঘোষণা কৰিছে।
দুৰ্ঘটনাত আহত লোকৰ পৰিয়াললৈ সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব বুলিও আশ্বাস দিছে টাটা গ্ৰুপে। লক্ষণীয়ভাৱে আহমেদাবাদৰ মেঘনী নগৰৰ বিজে মেডিকেল কলেজৰ হোষ্টেলৰ এটা অংশ এই বিমান দুৰ্ঘটনাৰ ফলত ভাঙি পৰে। ইয়াৰ ফলত কেইবাগৰাকীও চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ মৃত্যু ঘটিছে। টাটা গ্ৰুপে বিবৃতিটোত লগতে হোষ্টেল পুনৰ নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰিছে।
Tata Group will provide Rs 1 crore to the families of each person who has lost their life in this tragedy. We will also cover the medical expenses of those injured and ensure that they receive all necessary care and support. Additionally, we will provide support in the building… pic.twitter.com/n6X8sJU5Ei
— ANI (@ANI) June 12, 2025