Muhammad Yunus-PM Modi: হাছিনাৰ কণ্ঠ ৰোধিবলৈ প্ৰধানমন্ত্ৰী মোদীক অনুৰোধ ইউনুছৰ!
Sheikh Hasina: ইউনুছে কয়, হাছিনাই ঘোষণা কৰিছে যে এই দিনত, এই সময়ত বক্তব্য ৰাখিব। গোটেই বাংলাদেশ ক্ষুব্ধ হৈ পৰিছে। আপুনি কিয় এনেকৈ আমাৰ বাবে খং পুহি ৰাখিছে?"

দেশৰ পৰা বহিষ্কাৰ হোৱাৰ পিছতো শ্বেখ হাছিনাক লৈ মহম্মদ ইউনুছে অস্বস্তিত ভুগিছে। ইউনুছে পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী মোদীকক হাছিনাৰ বিষয়ে আবেদন জনায়। ইয়াৰ উত্তৰত কি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে দাবী কৰে যে, প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ অনলাইন ভাষণে বাংলাদেশত হিংসা বিয়পাইছে। সেয়ে তেওঁ প্ৰধানমন্ত্ৰী মোদীক হাছিনাৰ ভাষণ নিষিদ্ধ কৰিবলৈ অনুৰোধ জনায়। কিন্তু প্ৰধানমন্ত্ৰীয়ে সেই দাবী মানি লোৱা নাই, কাৰণ ভাৰতে বাক স্বাধীনতাত বিশ্বাস কৰে।
লণ্ডনৰ চাথাম হাউছত ভাষণ দি ইউনুছে কয়, “যেতিয়া মই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পতাৰ সুযোগ পাইছিলো, তেতিয়া মই কৈছিলো যে আপুনি হাছিনাক আশ্ৰয় দিব বিচাৰে, মই আপোনাক আপোনাৰ নীতি পৰিত্যাগ কৰিবলৈ বাধ্য কৰাব নোৱাৰো…কিন্তু অনুগ্ৰহ কৰি আমাক সহায় কৰক, যাতে হাছিনাই বাংলাদেশী জনসাধাৰণৰ সৈতে কথা পাতি থাকিব নোৱাৰে। ”
ইউনুছে কয়, ”হাছিনাই ঘোষণা কৰিছে যে এই দিনটোত, এই সময়ত বক্তব্য ৰাখিব। গতিকে গোটেই বাংলাদেশ ক্ষুব্ধ হৈ পৰিছে। আপুনি কিয় এনেকৈ আমাৰ বাবে খং পুহি ৰাখিছে?”
হাছিনাৰ কণ্ঠ ৰোধৰ আৱেদনত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ” এয়া ছ’চিয়েল মিডিয়া, ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰি ৷” এই কাৰ্যত ইউনুছে খংউজাৰি ক’লে, “কি ক’ম? এইটো এটা গৰম বিষয়, কেৱল ছ’চিয়েল মিডিয়াৰ বাবেই বিষয়টো এৰি চলিব নোৱাৰি।”
ইউনুছে হাছিনাৰ বাংলাদেশলৈ ঘূৰি অহাৰ কথাও কয়। তেওঁ কয়, “ট্ৰিবিউনালে ইতিমধ্যে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। হাছিনাই কৰা অপৰাধৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে। আৰু অধিক অপৰাধ চৰ্চালৈ আহিছে। আমি এই জাননীসমূহৰ প্ৰতি সঁহাৰি দিব লাগিব। আমি আইনী প্ৰক্ৰিয়া অনুসৰণ কৰিছো। আইন সঠিকভাৱে মানি চলিব বিচাৰো, আমি খঙত একো কৰিব বিচৰা নাই।”
প্ৰসংগক্ৰমে ২০২৪ চনত বৈষম্যৰ বিৰুদ্ধে ছাত্ৰ আন্দোলনৰ সন্মুখত শ্বেখ হাছিনা চৰকাৰৰ পতন হয়। ফলত শ্বেখ হাছিনাই দেশ এৰি যাবলৈ বাধ্য হয়। ইয়াৰ পিছত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয় আৰু মহম্মদ ইউনুছক ইয়াৰ মুখ্য উপদেষ্টা হিচাপে নিযুক্তি দিয়ে।