শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে এই কাম কৰিব অনিল আম্বানীৰ ৰিলায়েন্স ডিফেন্সে...

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে এই কাম কৰিব অনিল আম্বানীৰ ৰিলায়েন্স ডিফেন্সে…

trishna-kalita
Trishna Kalita | Published: 12 Jun 2025 18:52 PM

চুক্তি অনুসৰি ৰিলায়েন্স ডিফেন্সে মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিৰ ৱাটাড ঔদ্যোগিক এলেকাত উন্নত প্ৰযুক্তিৰে গ্ৰীণফিল্ড গোলাবাৰুদ আৰু বিস্ফোৰক উৎপাদন কাৰখানা স্থাপন কৰিব।  ইয়াৰ উপৰিও মে’ মাহত অনিল আম্বানীৰ কোম্পানীয়ে আন এটা জাৰ্মান প্ৰতিৰক্ষা সঁজুলি নিৰ্মাতা কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল।

ভাৰতীয় সেনাৰ বাবে ৰিলায়েন্স ডিফেন্সে নিৰ্মাণ কৰিব উন্নত টাৰ্মিনেলী গাইডেড মুনিচন (TGM)। আৰু ইয়াৰ বাবে তেওঁলোকে জাৰ্মান কোম্পানী ডিয়েল ডিফেন্সৰ সৈতে চুক্তিবদ্ধ হৈছে। ৰিলায়েন্স ডিফেন্সে কয় যে ডিয়েল ডিফেন্সৰ সৈতে হোৱা এই চুক্তি অনুসৰি ভাৰতত নিৰ্মাণ কৰা হ’ব ভলকেনো ১৫৫ মিমি প্ৰিচিচন গাইডেড মুনিচন চিষ্টেম (Vulcano 155 mm precision-guided munition system)।