আমেৰিকাৰ স্থিতি সলনি! ক’লে, ভাৰতৰ সৈতে সম্পৰ্কৰ বাবে আমি পাকিস্তানৰ পৰা আঁতৰিব নোৱাৰো…
ভাৰত-পাকিস্তানৰ সৈতে সম্পৰ্ক সন্দৰ্ভত ডাঙৰ মন্তব্য আমেৰিকাৰ। এই সন্দৰ্ভত আমেৰিকাৰ জেনেৰেল কুৰিলাই কয় যে, আমেৰিকাই ভাৰত আৰু পাকিস্তান উভয়ৰে সৈতে সম্পৰ্ক ৰাখিব লাগিব।

আমেৰিকাৰ শীৰ্ষ সামৰিক বিষয়া জেনেৰেল মাইকেল কুৰিলাই ভাৰত-পাকিস্তান সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কয় যে, আমেৰিকাই ভাৰত আৰু পাকিস্তান উভয়ৰে সৈতে শক্তিশালী সম্পৰ্ক বজাই ৰাখিব লাগিব। তেওঁ স্পষ্ট কৰি দিয়ে যে, এনেকুৱা নহয় যে আমেৰিকাই মাত্ৰ এখন দেশক বাচনি কৰি আনখন দেশৰ পৰা দূৰত্ব বজাই ৰাখিব। মঙলবাৰে আমেৰিকাৰ প্ৰতিনিধি সভাৰ সশস্ত্ৰ সেৱা সমিতিৰ সন্মুখত এই মন্তব্য কৰে জেনেৰেল কুৰিলাই। কুৰিলা আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ড (চেণ্টকম)ৰ কমাণ্ডাৰ।
কুৰিলাই ‘আমেৰিকাৰ সামৰিক পৰিস্থিতি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰত্যাহ্বান’ এক শুনানিত অংশ গ্ৰহণ কৰিছিল। য’ত তেওঁ কয় যে, আমি ভাৰত আৰু পাকিস্তান উভয়ৰে সৈতে সম্পৰ্ক বজাই ৰাখিব লাগিব। ই কোনো অন অফ কৰা চুইচ নহয় যে আমি ভাৰতৰ লগত আছো বাবে পাকিস্তানৰ পৰা নিজকে আঁতৰাই ৰাখিম। দুয়োখন দেশৰ সৈতে থকা সম্পৰ্কৰ লাভ আৰু প্ৰত্যাহ্বান আমি বুজি পাব লাগিব।
পাকিস্তানৰ প্ৰশংসা
জেনেৰেল কুৰিলাই সন্ত্ৰাসবাদী সংগঠন আইছিছ-খোৰাছান (আইছিছ-কে)ৰ বিৰুদ্ধে পাকিস্তানে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে। তেওঁ কয় যে, এই সংগঠনটোৱে আমেৰিকা আৰু অন্যান্য দেশৰ বিৰুদ্ধে বহু ষড়যন্ত্ৰ ৰচিছিল। ‘তালিবান আৰু আইছিছ-কে’ৰ মাজত থকা শত্ৰুতাৰ বাবে তালিবানে এই সংগঠনটোক আফগানিস্তান-পাকিস্তান সীমান্তৰ জনজাতীয় অঞ্চললৈ ঠেলি দিয়ে। এনে পৰিস্থিতিত পাকিস্তানে আমেৰিকাৰ সৈতে চোৰাংচোৱা তথ্য শ্বেয়াৰ কৰি ‘আইছিছ-কে’ৰ বিৰুদ্ধে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰে। পাকিস্তানে এই সন্ত্ৰাসবাদী সংগঠনটোৰ কেইবাজনো সন্ত্ৰাসবাদীক হত্যা কৰাৰ লগতে শীৰ্ষ ৫ জনক গ্ৰেপ্তাৰ কৰিছে।
পাকিস্তানৰ প্ৰশংসাত পঞ্চমুখ হৈ কুৰিলাই কয় যে,পাকিস্তানে আইছিছ-কেৰ সন্ত্ৰাসবাদী মহম্মদ শ্বৰীফুল্লা ওৰফে জাফৰক গ্ৰেপ্তাৰ কৰি আমেৰিকাক গতাই দিয়ে। অভিযোগ অনুসৰি এই সন্ত্ৰাসবাদীজনে ২০২১ চনৰ ২৬ আগষ্টত কাবুলৰ হামিদ কাৰ্জাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বোমা বিস্ফোৰণ সংঘটিত কৰিছিল। এই আক্ৰমণত ১৩ জন আমেৰিকান সৈনিককে ধৰি প্ৰায় ১৬০ জন লোক নিহত হৈছিল।
তেওঁ কয় যে, পাকিস্তান সেনাৰ মুৰব্বী জেনেৰেল অসীম মুনিৰে নিজেই ফোন কৰি এই বিষয়ে আমাক অৱগত কৰে। তেওঁ কৈছিল যে, আমি সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰিছো আৰু আপোনালোকক গতাই দিবলৈ সাজু। কুৰিলাই আৰু কয় যে, আমেৰিকাৰ পৰা লাভ কৰা তথ্য অনুসৰি নিজৰ শক্তি প্ৰয়োগ কৰে। যাৰ প্ৰভাৱ আইছিচ-কেৰ ওপৰত পৰে। এই সহযোগিতাক দুয়োখন দেশৰ সম্পৰ্কৰ ইতিবাচক দিশ বুলি উল্লেখ কৰে তেওঁ।
ভাৰত সন্দৰ্ভত নক’লে একো
এই সময়চোৱাত ভাৰতৰ সৈতেও আমেৰিকাৰ সম্পৰ্কৰ কথা উল্লেখ কৰে তেওঁ। অৱশ্যে এই ক্ষেত্ৰত কুৰিলাই বিশেষ কোনো মন্তব্য প্ৰদান নকৰিলে। তেওঁ কয় যে,আমেৰিকাই ভাৰতৰ সৈতে থকা সম্পৰ্কক সমানেই গুৰুত্ব দিয়ে। দুয়োখন দেশৰ সৈতে ভাৰসাম্য ৰক্ষা কৰাটো আমেৰিকাৰ কৌশলৰ অংশ।
উল্লেখ্য যে, দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতি জটিল হৈ পৰাৰ সময়তে আমেৰিকাই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আঞ্চলিক স্থিতিশীলতাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱত আমেৰিকাই দুই দেশৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে ড’নাল্ড ট্ৰাম্পে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্কৰ অৱনতি ঘটিছে। এসময়ত নৰেন্দ্ৰ মোদীক বন্ধু জ্ঞান কৰা ড’নাল্ড ট্ৰাম্পে এতিয়া ভাৰতৰ হৈ কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। আনকি ভাৰত-পাকিস্তানৰ উত্তেজনাৰ সময়তো দেশখনে মুকলিকৈ ভাৰতৰ হৈ মাত মতা নাছিল। ইয়াৰ মাজতে আমেৰিকাৰ মুখত পাকিস্তানৰ প্ৰশংসাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অন্য খবৰ পঢ়কঃ ট্ৰাম্প আৰু ইলনৰ সম্পৰ্কত ফাঁট! মুকলিকৈ কৰি গৈছে বিৰোধিতা, ক’লে ডাঙৰ কথা…