শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Md Yunus, Bangladesh Issue: হাছিনাৰ কণ্ঠ ৰোধিবলৈ মোদীক আহ্বান ইউনুছৰ!

Md Yunus, Bangladesh Issue: হাছিনাৰ কণ্ঠ ৰোধিবলৈ মোদীক আহ্বান ইউনুছৰ!

Barasha Misra
Barasha Misra | Updated On: 12 Jun 2025 20:13 PM

ইউনুছে কয়, ”হাছিনাই ঘোষণা কৰিছে যে এই দিনটোত, এই সময়ত বক্তব্য ৰাখিব। গতিকে গোটেই বাংলাদেশ ক্ষুব্ধ হৈ পৰিছে। আপুনি কিয় এনেকৈ আমাৰ বাবে খং পুহি ৰাখিছে?”

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে দাবী কৰে যে, প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ অনলাইন ভাষণে বাংলাদেশত হিংসা বিয়পাইছে। সেয়ে তেওঁ প্ৰধানমন্ত্ৰী মোদীক হাছিনাৰ ভাষণ নিষিদ্ধ কৰিবলৈ অনুৰোধ জনায়। কিন্তু প্ৰধানমন্ত্ৰীয়ে সেই দাবী মানি লোৱা নাই, কাৰণ ভাৰতে বাক স্বাধীনতাত বিশ্বাস কৰে।

লণ্ডনৰ চাথাম হাউছত ভাষণ দি ইউনুছে কয়, “যেতিয়া মই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পতাৰ সুযোগ পাইছিলো, তেতিয়া মই কৈছিলো যে আপুনি হাছিনাক আশ্ৰয় দিব বিচাৰে, মই আপোনাক আপোনাৰ নীতি পৰিত্যাগ কৰিবলৈ বাধ্য কৰাব নোৱাৰো…কিন্তু অনুগ্ৰহ কৰি আমাক সহায় কৰক, যাতে হাছিনাই বাংলাদেশী জনসাধাৰণৰ সৈতে কথা পাতি থাকিব নোৱাৰে। ”

ইউনুছে কয়, ”হাছিনাই ঘোষণা কৰিছে যে এই দিনটোত, এই সময়ত বক্তব্য ৰাখিব। গতিকে গোটেই বাংলাদেশ ক্ষুব্ধ হৈ পৰিছে। আপুনি কিয় এনেকৈ আমাৰ বাবে খং পুহি ৰাখিছে?”