আহমেদাবাদ বিমান দুৰ্ঘটনাত শোকাহত ভাৰতীয় ক্ৰিকেট

12 June 2025

TV9 ASSAM

আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ খবৰে কঁপাই তুলিছে সমগ্ৰ দেশ। এই দুৰ্ঘটনাত দুই শতাধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে।

বিমান দুৰ্ঘটনা

ভাৰতীয় ক্ৰিকেটকো এই শোকাৱহ ঘটনাই জোকাৰি গৈছে। বিৰাট কোহলী, ৰোহিত শৰ্মাৰ পৰা আৰম্ভ কৰি পঞ্জাৱ কিংছলৈকে এই ঘটনাত শোক প্ৰকাশ কৰিছে।

ভাৰতীয় ক্ৰিকেট

ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ অধিনায়ক তথা তাৰকা বেটছমেন ৰোহিত শৰ্মাই দুৰ্ঘটনাত নিহত লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰি এই ঘটনাক হৃদয়বিদাৰক আখ্যা দিয়ে।

ৰোহিত শৰ্মা

বিৰাট কোহলীয়েও আহমেদাবাদৰ এই দুৰ্ঘটনাত তেওঁ স্তম্ভিত হৈ পৰা বুলি উল্লেখ কৰি ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা জনায়।

বিৰাট কোহলী

প্ৰাক্তন তাৰকা বেটছমেন শিখৰ ধাৱানে এই দুৰ্ঘটনাত নিহতসকলৰ লগতে তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি তেওঁলোকক সাহস দিয়াৰ চেষ্টা কৰে।

শিখৰ ধাৱনে

দেশৰ প্ৰাক্তন তাৰকা পেচাৰ ঈশান্ত শৰ্মায়ো নিজা সামাজিক মাধ্যম একাউণ্টত এক পোষ্ট যোগে সকলো ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা জনায়।

ঈশান্ত শৰ্মা

একে সময়তে হাৰ্দিক পাণ্ডিয়া, সূৰ্যকুমাৰ যাদৱ, আই পি এল ফ্ৰেঞ্চাইজি পঞ্জাব কিংছ, গুজৰাট টাইটানছেও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে।

দুখ প্ৰকাশ

পঢ়িবলৈ ক্লিক কৰক 

টি-২০ বিশ্বকাপৰ ভাৰতৰ বিশেষ প্ৰস্তুতি