শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 12 Jun 2025 23:00 PM

গুজৰাটৰ আহমেদাবাদত আজি সংঘটিত হয় এক শোকাৱহ বিমান দুৰ্ঘটনা। লণ্ডন অভিমুখে যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাত পতিত হয় মেঘানী নগৰ অঞ্চলত। বিমানখনত ২৩০ জন যাত্ৰী, ২ গৰাকী পাইলট আৰু ১০ গৰাকী ক্ৰু সদস্য়সহ মুঠ ২৪২ জন লোক আছিল।

গুজৰাটৰ আহমেদাবাদত আজি সংঘটিত হয় এক শোকাৱহ বিমান দুৰ্ঘটনা। লণ্ডন অভিমুখে যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাত পতিত হয় মেঘানী নগৰ অঞ্চলত। বিমানখনত ২৩০ জন যাত্ৰী, ২ গৰাকী পাইলট আৰু ১০ গৰাকী ক্ৰু সদস্য়সহ মুঠ ২৪২ জন লোক আছিল। এইখন বিমানত যাত্ৰী হিচাপে আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ লগতে বিভিন্ন জনে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰে।

দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন ১২ বছৰ পুৰণি আছিল । এয়াৰ ইণ্ডিয়াৰ বি-৭৮৭ ড্ৰীম লাইনাৰ বিমান আছিল এইখন। কাৰিকৰী বিজুতিৰ বাবেই বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে ব্লেক বক্স উদ্ধাৰৰ পাছতহে এই দুৰ্ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব।

এন আৰ চি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অনুপ্ৰৱেশকাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে, তেওঁলোকৰ নাম এন আৰ চিত থাকিলেও ৰাজ্য চৰকাৰে বৰ্তমানৰ নীতি অনুসৰি অবৈধ বিদেশীক উভতাই পঠিয়াব। শৰ্মাই কয় যে, এন আৰ চিত যি ধৰণে নাম অন্তৰ্ভুক্ত কৰা হৈছে তাক লৈ সন্দেহ থকাটো স্বাভাৱিক। এজন ব্যক্তিৰ নাগৰিকত্ব নিৰ্ণয়ৰ বাবে এন আৰ চি একমাত্ৰ নথি হ’ব নোৱাৰে।