আহমেদাবাদ দুৰ্ঘটনাত প্ৰাণৰক্ষা পৰা এজন যাত্ৰীৰ সন্ধানঃ মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিল ৰমেশ, নিজেই উঠিল এম্বুলেঞ্চত!
আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত বিমানখনত থকা আটাইকেইজন লোকৰে মৃত্যু হোৱা বুলি আশংকা কৰা হৈছিল। অৱশ্যে এনে শংকাক ভুল প্ৰমাণিত কৰি প্ৰাণ ৰক্ষা পৰিছে এগৰাকী যাত্ৰীৰ। এই যাত্ৰীগৰাকী কিছু আহত হৈছে যদিও সংকটমুক্ত বুলি জানিব পৰা গৈছে।

ভাৰতীয় ইতিহাসৰে এক ট্ৰেজেডীত পৰিণত হোৱা আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাই সমগ্ৰ দেশকে শোকাহত কৰি তুলিছে। এই দুৰ্ঘটনাত বিমানখনত থকা আটাইকেইজন লোকৰে মৃত্যু হোৱা বুলি আশংকা কৰা হৈছিল। অৱশ্যে এনে শংকাক ভুল প্ৰমাণিত কৰি প্ৰাণ ৰক্ষা পৰিছে এগৰাকী যাত্ৰীৰ। এই যাত্ৰীগৰাকী কিছু আহত হৈছে যদিও সংকটমুক্ত বুলি জানিব পৰা গৈছে। মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি অহা এই যাত্ৰীগৰাকীৰ নাম ৰমেশ বিশ্বকুমাৰ। দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭ বিমানত যাত্ৰীৰ আসনত আছিল ৰমেশ।
বিমানবন্দৰৰ আভ্যন্তৰীণ সূত্ৰ অনুসৰি তেওঁ বিমানখনৰ ১১এ চিটত বহি আছিল। কেৱল প্ৰাণৰক্ষা পৰাই নহয়, দুৰ্ঘটনাৰ পিছত তেওঁ নিজেই এম্বুলেন্সখনত উঠিছিল বুলিও খবৰ প্ৰকাশ পাইছে। আহমেদাবাদৰ আৰক্ষী আয়ুক্ত জি এছ মালিকে প্ৰথমে সংবাদ সংস্থা এ এন আইক জানিবলৈ দিয়ে একমাত্ৰ জীৱিত ব্যক্তিজনৰ বিষয়ে। কেৱল আৰক্ষীয়েহে তেওঁৰ অৱস্থা জানিব পাৰিব বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কয়।
⚡Miracle survivor of Air India Plane Crash:
A 38-year-old, who was seated on 11A, is now reportedly the lone survivor of the Air India plane crash. The person has been identified as Ramesh Viswashkumar. According to reports, he jumped out of the emergency exit. pic.twitter.com/wStuJ0KT5Q
— OSINT Updates (@OsintUpdates) June 12, 2025
বৰ্তমান আহত ৰমেশ বিশ্বকুমাৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰে। অৱশ্যে এই দুৰ্ঘটনাত তেৱেঁই একমাত্ৰ জীৱিত নে আন কোনো লোক জীয়াই আছে তথা কিমানজন লোকৰ মৃত্যু হৈছে, সেই বিষয়ে এইপৰ্যন্ত কৰ্তৃপক্ষই কোনো তথ্য প্ৰকাশ কৰা নাই। আহমেদাবাদ পৌৰ আয়ুক্তই সংবাদ মাধ্যমৰ আগত কেৱল জনবসতিপূৰ্ণ অঞ্চলত দুৰ্ঘটনা হোৱাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি উল্লেখ কৰে।
Speaking to ANI on a phone call, Ahmedabad Police Commissioner GS Malik says, “The police found one survivor in seat 11A. One survivor has been found in the hospital and is under treatment. Cannot say anything about the number of deaths yet. The death toll may increase as the… pic.twitter.com/MZp1ngYgC6
— ANI (@ANI) June 12, 2025
মন কৰিবলগীয়া যে আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ আভ্যন্তৰীণ সূত্ৰ অনুসৰি ঘটনাৰ পিছৰে পৰা চিকিৎসালয়খনলৈ মৃতদেহ কঢ়িয়াই অনা হৈছে। অৱশ্যে নিহত লোকৰ সংখ্যা সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। আনহাতে, এয়াৰ ইণ্ডিয়াৰ স্বত্বাধিকাৰী প্ৰতিষ্ঠান টাটা গ্ৰুপে মৃতকৰ পৰিয়ালৰ বাবে ১ কোটি টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিছে। ইয়াৰ উপৰিও টাটা গ্ৰুপে আহত লোকসকলৰ চিকিৎসাৰ দায়িত্বও গ্ৰহণ কৰিছে।