শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাংলাদেশত ভাৰতীয়ৰ প্ৰৱেশ নিষিদ্ধ! ইউনুছ চৰকাৰে বন্ধ কৰিলে ভিছা…

বাংলাদেশৰ দূতাবাসে এই সন্দৰ্ভত কোনো স্পষ্ট কাৰণ ব্যাখ্যা আগবঢ়েৱা নাই। অৱশ্যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। ২০২৪ চনৰ ৫ আগষ্টত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা বাংলাদেশত বাঢ়িছে ভাৰত বিৰোধী আৱেগ।

বাংলাদেশত ভাৰতীয়ৰ প্ৰৱেশ নিষিদ্ধ! ইউনুছ চৰকাৰে বন্ধ কৰিলে ভিছা…
Bangladesh Suspends Visas For Indians
Trishna Kalita
Trishna Kalita | Updated On: 08 Jan 2026 12:52 PM

ক্ৰমাৎ অস্থিৰ হৈ পৰিছে পৰিস্থিতি। ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ উত্তেজনাৰ মাজতে বাংলাদেশ চৰকাৰে লৈছে এক বৃহৎ সিদ্ধান্ত। বাংলাদেশে ভাৰতীয়ক ভিছা প্ৰদান বন্ধ কৰি দিছে। এতিয়াৰ বাবে অনিৰ্দিষ্টকাললৈ পৰ্যটকৰ ভিছা সেৱা বন্ধ কৰি দিয়া হৈছে। পুনৰ কেতিয়া ভিছা দিয়া হ’ব সেই সন্দৰ্ভত কোনো উত্তৰ দিয়া নাই সেই দেশৰ চৰকাৰে। সূত্ৰ অনুসৰি বাংলাদেশত ভাৰতীয়ৰ নিৰাপত্তাৰ সন্দৰ্ভত ইউনুছ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

জানিব পৰা মতে ভাৰতীয়ক কেৱল ছাত্ৰ ভিছা আৰু বিজনেছ ভিছাহে প্ৰদান কৰা হ’ব। অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে পৰ্যটকৰ ভিছা। ইয়াৰ পূৰ্বে দিল্লীত থকা বাংলাদেশৰ দূতাবাস আৰু আগৰতলাত থকা উপ-দূতাবাসে পৰ্যটকৰ ভিছা প্ৰদান বন্ধ কৰি দিছিল। বৰ্তমান মুম্বাই, গুৱাহাটী আৰু চেন্নাইত থকা বাংলাদেশৰ দূতাবাস খোলা আছিল। কলকাতা কনছুলেটৰ পৰাও পৰ্যটকৰ ভিছা পোৱা গৈছিল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি বুধবাৰৰ পৰা সেই সেৱা বন্ধ হৈ আছে। এতিয়াৰ বাবে ভাৰতৰ কোনো ঠাইৰ পৰা বাংলাদেশলৈ যাবলৈ টুৰিষ্ট ভিছা উপলব্ধ নহ’ব। অৱশ্যে ছাত্ৰ ভিছা আৰু বিজনেছ ভিছা উপলব্ধ হ’ব।

কিয় বন্ধ কৰা হ’ল ভিছা সেৱা?

বাংলাদেশৰ দূতাবাসে এই সন্দৰ্ভত কোনো স্পষ্ট কাৰণ ব্যাখ্যা আগবঢ়েৱা নাই। অৱশ্যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। ২০২৪ চনৰ ৫ আগষ্টত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা বাংলাদেশত বাঢ়িছে ভাৰত বিৰোধী আৱেগ।বিভিন্ন সময়ত বাংলাদেশৰ মৌলবাদী নেতাই ভাৰতৰ বিভাজন কৰা, কলকাতা দখল বা সাত ভগ্নী দখল কৰাৰ ভাবুকি দিয়া শুনা গৈছে।

অহা ১২ ফেব্ৰুৱাৰীত বাংলাদেশত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় নিৰ্বাচন। এই সময়ত ৰাজনৈতিক পৰিৱেশ আৰু অধিক উত্তপ্ত হ’ব পাৰে। এনে পৰিস্থিতিত সেই দেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতীয়সকল গ’লে কিমান নিৰাপত্তা প্ৰদান কৰিবলৈ সক্ষম হ’ব তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। যাৰ বাবে বাংলাদেশে অনিৰ্দিষ্টকালৰ বাবে ভাৰতীয়ক পৰ্যটন ভিছা প্ৰদান কৰা বন্ধ কৰি দিছে।

সূত্ৰ অনুসৰি কাম বা ব্যৱসায়ৰ বাবে বাংলাদেশলৈ যোৱাত কোনো বাধা নাই। সাংবাদিকসকলে বাংলাদেশলৈও যাব পাৰে, কাৰণ এনে ভিছা প্ৰদানৰ ক্ষেত্ৰত একাধিক স্তৰত তথ্য পৰীক্ষা কৰা হয় আৰু তেওঁলোকে দেশত ক’ত আছে, তেওঁলোকৰ পৰিকল্পনা কি সেই সম্পৰ্কে সকলো তথ্য দূতাবাসৰ হাতত থাকে। ওচমান হাদীৰ মৃত্যুৰ পিছত দূতাবাস ভাঙি পেলোৱাৰ পিছত ভাৰতে বাংলাদেশত ভিছা সেৱাও বন্ধ কৰি দিছিল।

লগতে পঢ়ক: চীনৰ নাগৰিকক সুৰক্ষা প্ৰদান কৰিব পাকিস্তানে, বিশেষ নিৰাপত্তা ইউনিট গঠনৰ ঘোষণা…