শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাজি উঠিছে তৃতীয় বিশ্বযুদ্ধৰ ৰণডংকা! সমুদ্ৰত নামিল ৰুছ ‘যমৰাজ’, সক্ৰিয় হ’ল আমেৰিকাৰ ‘ডুমছডে’

যিকোনো ক্ষণতে যেন এতিয়া বাজি উঠিব পাৰে তৃতীয় বিশ্বযুদ্ধৰ ৰণডংকা! বিশ্বৰ দুই মহাশক্তি— ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত পাৰমাণৱিক যুদ্ধৰ আশংকাই এতিয়া পূৰ্ণ ৰূপ লৈছে। দুই মহাশক্তিৰ শেহতীয়া সমৰ-সজ্জাই এক মহাবিনাশৰ সংকেত কঢ়িয়াই আনিছে।

বাজি উঠিছে তৃতীয় বিশ্বযুদ্ধৰ ৰণডংকা! সমুদ্ৰত নামিল ৰুছ ‘যমৰাজ’, সক্ৰিয় হ’ল আমেৰিকাৰ ‘ডুমছডে’
ৰাছিয়া-আমেৰিকাৰ সমৰ সজ্জা!Image Credit source: PTI
Monjit Dutta
Monjit Dutta | Updated On: 08 Jan 2026 23:19 PM

বিশ্বজুৰি সৃষ্টি হৈছে এক শংকাময় পৰিস্থিতিৰ। তৃতীয় বিশ্বযুদ্ধৰ আশংকাই এতিয়া কঁপনি তুলিছে সমগ্ৰ বিশ্বত। ভেনিজুৱেলাক কেন্দ্ৰ কৰি গঢ়ি উঠা তেলৰ ৰাজনীতিয়ে সূচনা কৰিছে এই ভয়াৱহ শংকাৰ। যিকোনো ক্ষণতে যেন এতিয়া বাজি উঠিব পাৰে তৃতীয় বিশ্বযুদ্ধৰ ৰণডংকা! বিশ্বৰ দুই মহাশক্তি— ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত পাৰমাণৱিক যুদ্ধৰ আশংকাই এতিয়া পূৰ্ণ ৰূপ লৈছে। দুই মহাশক্তিৰ শেহতীয়া সমৰ-সজ্জাই এক মহাবিনাশৰ সংকেত কঢ়িয়াই আনিছে।

পুটিনৰ অত্যন্ত ঘনিষ্ঠ হিচাপে চৰ্চিত ৰাছিয়াৰ প্ৰতিৰক্ষা সমিতিৰ শীৰ্ষ নেতা এলেক্সী জুৰালেভে আমেৰিকাক দিছে চৰম সকীয়নী। জুৰালেভৰ স্পষ্ট হুংকাৰ, আমেৰিকাৰ ওপৰত পোনপটীয়াকৈ পাৰমাণৱিক বোমা নিক্ষেপ কৰিব লাগে অথবা আটলাণ্টিকত থকা মাৰ্কিন যুদ্ধজাহাজসমূহ টৰ্পিডোৰে ধ্বংস কৰিব লাগে।

ইয়াৰ বিপৰীতে আমেৰিকাৰ বিদেশ মন্ত্ৰী মৰ্কো ৰুবিয়াই স্পষ্ট কৰি দিছে যে সমগ্ৰ পশ্চিম গোলৰ্ধ আমেৰিকাৰ প্ৰভাৱত থাকিব আৰু ভেনিজুৱেলাক কোনো কাৰণতে শত্ৰু পক্ষৰ ঘাটি হ’বলৈ দিয়া নহ’ব। দুই প্ৰতিপক্ষ দেশৰ এই দুগৰাকী শীৰ্ষ নেতাৰ মন্তব্যই এতিয়া পৰিস্থিতিৰ ভয়াৱহতা প্ৰকট কৰি তুলিছে।

সংঘাতৰ আঁৰত ভেনিজুৱেলা আৰু তেলৰ ৰাজনীতি

ৰাছিয়া আৰু আমেৰিকাৰ মাজত চলি থকা এই উত্তেজনাৰ আঁৰত আছে ভেনিজুৱেলা। যোৱা দুসপ্তাহ ধৰি আটলাণ্টিক মহাসাগৰত ৰাছিয়াৰ তেলবাহী টেংকাৰ ‘Bella-1’ আৰু ‘M/T Sophia’ ক অনুসৰণ কৰাৰ অন্তত আমেৰিকান সেনাই এই টেংকাৰ দুখন জব্দ কৰে। এই টেংকাৰসমূহৰ জৰিয়তে ৰাছিয়াই নিষেধাজ্ঞা উলংঘা কৰি চীনলৈ কেঁচা তেল সৰবৰাহ কৰি আছিল।

নিজ সম্পত্তিৰ ওপৰত আমেৰিকাৰ এই হস্তক্ষেপে পুটিনক ক্ষুব্ধ কৰি তুলিছে। আমেৰিকাৰ এই কাৰ্যক উচিত শিক্ষা দিবলৈ পুটিনে আটলাণ্টিক মহাসাগৰৰ বুকুলৈ প্ৰেৰণ কৰিছে ৰাছিয়াৰ আটাইতকৈ শক্তিশালী আৰু ৰহস্যময় পাৰমাণৱিক চাবমেৰিন BS-329 বেলগোৰোড (Belgorod)। পৃথিৱীৰ আটাইতকৈ দীঘল এই চাবমেৰিনখনক ‘সাগৰৰ যমৰাজ’ বুলি অভিহিত কৰা হয়।

ইয়াত ১০০ মেগাটনৰ নিউক্লিয়াৰ পেলোড থকাৰ লগতে ই ‘পোচাইদন’ নামৰ আণ্ডাৰৱাটাৰ ড্ৰোণ নিক্ষেপ কৰিবলৈ সক্ষম। এই ড্ৰোণে সাগৰৰ তলত ৫০০ মিটাৰ উচ্চতাৰ তেজস্ক্ৰীয় চুনামি সৃষ্টি কৰি আমেৰিকাৰ যিকোনো উপকূলীয় চহৰক নিমিষতে ধ্বংসস্তূপত পৰিণত কৰিব পাৰে। এই চাবমেৰিনৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৰ্তমান বিশ্বৰ কোনো দেশৰ ওচৰতে নাই।

সক্ৰিয় হ’ল ‘ডুমছডে’

ৰাছিয়াৰ এই সমৰ-সজ্জাই আমেৰিকাৰ ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে। প্ৰতিৰক্ষাৰ খাতিৰত ট্ৰাম্প চৰকাৰে তেওঁলোকৰ বিখ্যাত ‘ডুমছডে’ বিমান অৰ্থাৎ Boeing E-4B Nightwatch ক সক্ৰিয় কৰি তুলিছে। ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ আক্ৰমণৰ পাছত এয়াই প্ৰথমবাৰৰ বাবে ইমান সংবেদনশীল পৰিৱেশত এই বিমানখন সক্ৰিয় কৰা হৈছে।

এই ‘ডুমছডে’ হৈছে এক উৰন্ত সামৰিক কমাণ্ড চেণ্টাৰ। পাৰমাণৱিক যুদ্ধৰ ফলত পৃথিৱীৰ যোগাযোগ ব্যৱস্থা ধ্বংস হ’লেও এই বিমানত বহি ৰাষ্ট্ৰপতিয়ে নিউক্লিয়াৰ মিছাইল নিক্ষেপৰ নিৰ্দেশ দিব পাৰে। ই কেইবাদিনো ধৰি আকাশত উৰি থাকিবলৈ সক্ষম। এক কথাত আমেৰিকা আৰু ৰাছিয়াৰ মাজত উত্তেজনা এতিয়া চৰম পৰ্যায়ত আছে। তেলৰ ৰাজনীতিয়ে এতিয়া যিকোনো ক্ষণতে সূত্ৰপাত ঘটাব পাৰে প্ৰলয়ংকাৰী পাৰমাণৱিক যুদ্ধৰ।