শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইতিহাস হ’ব নে থাকিব ভূগোলত! পাকিস্তানক কঠোৰ সকীয়নি ভাৰতীয় সেনা প্ৰধানৰ

ভাৰতে অপাৰেচন সেন্দূৰৰ সময়ত পাকিস্তানত ধ্বংস কৰা সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহৰ জৰিয়তে বিশ্বৰ আগত প্ৰমাণ দেখুৱাইছে বুলি উল্লেখ কৰি সেনা প্ৰধানগৰাকীয়ে ভাৰতে প্ৰমাণ উদঙাই নিদিয়া হ’লে পাকিস্তানে সকলো লুকুৱাই ৰাখিলেহেঁতেন বুলিও মন্তব্য কৰে।

ইতিহাস হ’ব নে থাকিব ভূগোলত! পাকিস্তানক কঠোৰ সকীয়নি ভাৰতীয় সেনা প্ৰধানৰ
সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 03 Oct 2025 17:11 PM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা চুবুৰীয়া পাকিস্তানৰ সৈতে সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটিছে ভাৰতৰ। এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে চলাইছিল অপাৰেচন সেন্দূৰ। এনে পৰিস্থিতিত দুয়ো দেশৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিয়ে বিৰাজ কৰিছিল, বৃদ্ধি পাইছিল উত্তেজনা। এতিয়া চুবুৰীয়া দেশখনক কঠোৰ সকীয়নি প্ৰদান কৰিছে ভাৰতীয় সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীয়ে। আজি ভাৰতীয় সেনা প্ৰধানগৰাকীয়ে ৰাজস্থানৰ নই মাণ্ডি ঘড়ছানাৰ ২২ এমডি গাঁৱৰ সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰে। এই ভ্ৰমণৰ সময়ত তেওঁ সেনা আৰু সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ বিষয়াসকলক সাক্ষাৎ কৰে।

এই ভ্ৰমণৰ সময়ত সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীয়ে অপাৰেচন সেন্দূৰৰ বিষয়ে উল্লেখ কৰি ভাৰতে পাকিস্তানত কৰা ক্ষতিৰ ওপৰত আলোকপাত কৰে। পাকিস্তানক কঠোৰ ভাষাৰে সকীয়াই সেনা প্ৰধানগৰাকীয়ে স্পষ্ট ভাষাৰে ভাৰতে অপাৰেচন সেন্দূৰ ১.০ত দেখুওৱাৰ দৰে অপাৰেচন সেন্দূৰ ২.০ত কোনো সংযম নেদেখুৱায় বুলি মন্তব্য কৰে।

সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীৰ স্পষ্ট মত, এইবাৰ ভাৰতে এনে পদক্ষেপ ল’ব যে পাকিস্তানে ইতিহাসত নিজৰ স্থান পুনৰ বিবেচনা কৰিব লাগিব। তেওঁ কয় যে পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যেতিয়া ভাৰতে অপাৰেচন সেন্দূৰ আৰম্ভ কৰিছিল তেতিয়া সমগ্ৰ বিশ্বই ভাৰতৰ সমৰ্থনত থিয় দিছিল। এই সন্ত্ৰাসবাদী আক্ৰমণক বিশ্বজুৰি তীব্ৰ নিন্দা কৰা হৈছিল।

অপাৰেচন সেন্দূৰৰ সময়ত ভাৰতে পাকিস্তানৰ ৯টা স্থানত আঘাত কৰিছিল বুলি জানিবলৈ দিয়ে উপেন্দ্ৰ দ্বিবেদীয়ে। ভাৰতে অপাৰেচন সেন্দূৰৰ সময়ত কোনো নিৰীহ লোকক হত্যা কৰা নহ’ব তথা কোনো সামৰিক লক্ষ্যকো লক্ষ্য কৰি লোৱা নহ’ব বুলি সিদ্ধান্ত লৈছিল বুলি তেওঁ লগতে কয়। আনহাতে ভাৰতৰ লক্ষ্য আছিল কেৱল সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান, প্ৰশিক্ষণ কেন্দ্ৰ, সন্ত্ৰাসবাদী নিয়ন্ত্ৰণকাৰীক নিৰ্মূল কৰা।

ভাৰতে অপাৰেচন সেন্দূৰৰ সময়ত পাকিস্তানত ধ্বংস কৰা সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহৰ জৰিয়তে বিশ্বৰ আগত প্ৰমাণ দেখুৱাইছে বুলি উল্লেখ কৰি সেনা প্ৰধানগৰাকীয়ে ভাৰতে প্ৰমাণ উদঙাই নিদিয়া হ’লে পাকিস্তানে সকলো লুকুৱাই ৰাখিলেহেঁতেন বুলিও মন্তব্য কৰে। তেওঁ লগতে এইবাৰ ভাৰতে আৰু অধিক কঠোৰ পদক্ষেপ ল’ব বুলিও সকীয়াই দিয়ে।

তেওঁ কয়, “ভাৰতে এইবাৰ এনে ব্যৱস্থা ল’ব যে পাকিস্তানে হয়তো ইতিহাসত থাকিব বিচাৰে নে ভূগোলত থাকিব বিচাৰে সেই বিষয়ে পুনৰ বিবেচনা কৰিব লাগিব। যদি পাকিস্তানে বিশ্বৰ মঞ্চত নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে, তেতিয়াহ’লে সন্ত্ৰাসবাদক আশ্ৰয় দিয়া বন্ধ কৰিব লাগিব।” সেনা প্ৰধানগৰাকীয়ে লগতে ভাৰতীয় সেনা জোৱানসকলক সম্পূৰ্ণ প্ৰস্তুতি চলাবলৈও আহ্বান জনায়।

সেনা প্ৰধানগৰাকীয়ে উল্লেখ কৰা মতে অপাৰেচন সেন্দূৰ ১.০ৰ সময়ত ভাৰতীয় সেনাই পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰিছিল। এই অভিযানত ১০০ৰো অধিক পাকিস্তানী সৈনিক আৰু অসংখ্য সন্ত্ৰাসবাদীৰ মৃত্যু হয় বুলিও তেওঁ দোহাৰে। ভাৰতীয় সেনা জোৱান আৰু স্থানীয় জনসাধাৰণক তেওঁ এই অপাৰেচন সেন্দূৰৰ সফলতাৰ কাৰণ আখ্যা দিয়ে।

এই ভ্ৰমণত এক অনুষ্ঠানৰ সময়ত সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীয়ে অপাৰেচন সেন্দূৰ ১.০ত অসাধাৰণ বীৰত্ব প্ৰদৰ্শনৰ বাবে তিনিজন সেনা বিষয়াক বিশেষভাৱে সন্মান জনায়। আজি এই অনুষ্ঠানত বি এছ এফৰ ১৪০ নং বেটেলিয়নৰ কমাণ্ডেণ্ট প্ৰভাকৰ সিং, ৰাজপুতনা ৰাইফলছৰ মেজৰ ৰিতেশ কুমাৰ, আৰু হাবিলদাৰ মোহিত গেৰাক সম্বৰ্ধনা জনোৱা হয়।