শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কৃষকৰ স্বাৰ্থ বিঘ্নিত কৰি ব্যৱসায় নকৰে ভাৰতে, অমিত শ্বাহৰ আশ্বাস

অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ দিনত ভাৰতৰ অৰ্থনীতি মাত্ৰ এক দশকৰ ভিতৰত বিশ্বৰ একাদশ বৃহত্তম দেশৰ পৰা চতুৰ্থ স্থানলৈ আগুৱাই আহিছে। তেওঁ ইয়াৰ বিপৰীতে পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে অৰ্থনীতিক ড্ৰিফ্ট হ’বলৈ দিয়াৰ অভিযোগ উত্থাপন কৰে।

কৃষকৰ স্বাৰ্থ বিঘ্নিত কৰি ব্যৱসায় নকৰে ভাৰতে, অমিত শ্বাহৰ আশ্বাস
অমিত শ্বাহImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 22 Aug 2025 20:02 PM

ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাই নতুন শুল্ক আৰোপ কৰাৰ পিছত শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ভাৰতে আমেৰিকাৰ সৈতে কোনো বাণিজ্যিক চুক্তিত নিজৰ কৃষক বা বৃহৎ ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে আপোচ নকৰে।

কোচিত অনুষ্ঠিত মনোৰামা নিউজ কনক্লেভত শ্বাহে কয়, “মোদীজীয়ে (প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্পষ্টকৈ কৈছে যে যিকোনো বাণিজ্যিক চুক্তি ভাৰতৰ স্বাৰ্থৰ ওপৰলৈ নাযায়।”

প্ৰশ্নোত্তৰৰ সময়ত সোধা প্ৰশ্নৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, “আমাৰ জনসাধাৰণৰ মূল্যত কোনো চুক্তি স্বাক্ষৰিত নহ’ব। কৃষকৰ স্বাৰ্থ বিপদত নপৰে। আমি কৰা প্ৰতিটো কামতেই জাতিৰ স্বাৰ্থক প্ৰথম স্থানত ৰখা হ’ব।”

নতুন দিল্লীয়ে ৰাছিয়াৰ তেল ক্ৰয় অব্যাহত ৰখাৰ উদাহৰণ দি আমেৰিকাই ভাৰতীয় ৰপ্তানি যেনে বস্ত্ৰ, সামুদ্ৰিক সামগ্ৰী আৰু চামৰাৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পিছতে এই মন্তব্য প্ৰকাশ কৰিছে শ্বাহে।

অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ দিনত ভাৰতৰ অৰ্থনীতি মাত্ৰ এক দশকৰ ভিতৰত বিশ্বৰ একাদশ বৃহত্তম দেশৰ পৰা চতুৰ্থ স্থানলৈ আগুৱাই আহিছে। তেওঁ ইয়াৰ বিপৰীতে পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে অৰ্থনীতিক ড্ৰিফ্ট হ’বলৈ দিয়াৰ অভিযোগ উত্থাপন কৰে।

“যেতিয়ালৈকে আমি শিখৰত উপনীত নহওঁ আৰু এখন মহান ভাৰত গঢ়ি নোতোলোঁ, তেতিয়ালৈকে কাৰো জিৰণি লোৱাৰ অধিকাৰ নাই” বুলি উল্লেখ কৰি শ্বাহে নাগৰিকসকলক প্ৰতিটো ক্ষেত্ৰতে দেশখনক শীৰ্ষস্থানলৈ আগুৱাই নিবলৈ নিজৰ “পৰম প্ৰয়াস” কৰিবলৈ আহ্বান জনায়।

তেওঁ কেৰালাৰ শাসকীয় বাওঁপন্থীকো লক্ষ্য কৰি কয় যে “ৰাজ্যখনে দেশৰ বাকী অংশৰ সৈতে খোজ মিলাব পৰা নাই”। ভোটাৰে পৰিৱৰ্তন আনিব বুলি আশা প্ৰকাশ কৰি তেওঁ দাবী কৰে যে কেৰালাৰ অপৰিসীম সুযোগ আছে, কিন্তু কমিউনিষ্ট মতাদৰ্শৰ ফলত সৃষ্টি হোৱা স্থবিৰতাই ইয়াৰ বিকাশ ৰোধ কৰি ৰাখিছে।

ৱাশ্বিংটনৰ সৈতে বাণিজ্যিক উত্তেজনা অধিক বৃদ্ধি হোৱাৰ পাছতো শ্বাহে কয় যে মোদী চৰকাৰৰ গুৰুত্ব “স্থিতিশীলতা, শান্তি আৰু উন্নয়ন”ৰ ওপৰত আছে। এই সময়ছোৱাৰ ইতিহাস যেতিয়া লিখা হ’ব, তেতিয়া মোদীৰ এই ১১ বছৰীয়া নেতৃত্ব সোণালী আখৰেৰে লিখা হ’ব।

আভ্যন্তৰীণ নিৰাপত্তা আৰু ৰাজনীতিৰ বিষয়েও দীঘলীয়াকৈ কয় শ্বাহে। শেহতীয়াকৈ মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত শ্বাহে কয় যে আদালতৰ ৰায়দানৰ পিছত বিজেপিয়ে “অশান্তি সৃষ্টি হোৱাৰ পূৰ্বে ছয় বছৰ ধৰি শান্তিপূৰ্ণভাৱে ৰাজ্যখন শাসন কৰিছিল”।

“তেতিয়া হিংসা হোৱা নাছিল। আদালতৰ ৰায়ৰ পিছত হিংসা আৰম্ভ হৈছিল। আনকি কংগ্ৰেছ ক্ষমতাত থকাৰ সময়তো হিংসা সংঘটিত হৈছিল। কিন্তু মই তেওঁলোকক দোষ দিয়া নাই। এতিয়া শান্তি আহিছে। আমি দুয়োটা ফৈদৰ সৈতে আলোচনা কৰিছো, আৰু শান্তি ঘূৰি আহিছে। আমাৰ অগ্ৰাধিকাৰ আছিল শান্তি ঘূৰাই অনা। মই স্পষ্টকৈ ক’ব বিচাৰো যে ইয়াৰ সৈতে ধৰ্মৰ কোনো সম্পৰ্ক নাই। ই এটা জাতিগত বিষয়।”

জম্মু-কাশ্মীৰৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে পাকিস্তানৰ সৈতে অঞ্চলটোৰ সীমান্তই দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদীক সীমা অতিক্ৰম কৰাত সহজ কৰি তুলিছিল। “পূৰ্বতে তেওঁলোকে স্থানীয় ল’ৰাক সন্ত্ৰাসবাদৰ বাবে প্ৰশিক্ষণ দিছিল। এতিয়া স্থানীয় নিযুক্তি শূন্য। কোনো ধৰণৰ শিলগুটি নিক্ষেপ হোৱা নাই। আমি সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ এক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিছো।”

শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ দিনত ভাৰতে নিৰাপত্তাৰ ক্ষেত্ৰত বৃহৎ অগ্ৰগতি লাভ কৰিছে। তেওঁ লগতে কয়, “হিংসা উল্লেখনীয়ভাৱে হ্ৰাস পাইছে। মৃত্যুৰ হাৰ ৭০ শতাংশ হ্ৰাস পাইছে। নিৰাপত্তাৰক্ষীৰ হতাহতৰ হাৰ ৭৪ শতাংশ হ্ৰাস পাইছে। শান্তি ঘূৰি আহিছে।”

তেওঁ স্মৰণ কৰে যে বিজেপি ক্ষমতালৈ অহাৰ পিছত তিনিটা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল আৰু সশস্ত্ৰ বাহিনীয়ে তীব্ৰভাৱে সন্ত্ৰাসবাদ প্ৰতিহত কৰিছিল।

তেওঁ অপাৰেচন সেন্দূৰৰ উদাহৰণ দাঙি ধৰে, য’ত পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ মুখ্য কাৰ্যালয় ধ্বংস কৰা হৈছিল। তেওঁ লগতে কয় যে ইউএপিএৰ দৰে আইন কঠোৰ কৰা হৈছে, এনআইএ শক্তিশালী কৰা হৈছে আৰু নক্সালবাদ আৰু মাওবাদ “নিৰ্ধাৰিত সময়ৰ আগতেই নিঃশেষ হোৱাৰ পথত আছে”। ইয়াৰ অংশ হিচাপে বৃহৎ সংখ্যক সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰিছিল বুলিও তেওঁ লগতে কয়।

মোদীৰ নেতৃত্বৰ সন্দৰ্ভত সোধা প্ৰশ্নত শ্বাহে দীৰ্ঘদিনীয়া ৰাজহুৱা জীৱনৰ প্ৰশংসা কৰে। দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজি ভাৰতক সুৰক্ষিত ৰখাৰ বাবে মোদীয়ে অক্লান্তভাৱে কাম কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁ নিজৰ পৰিয়াল আৰু স্বাৰ্থক দেশৰ কল্যাণৰ বাবে এৰি থৈ গৈছিল। শ্বাহে কয় যে তেওঁ দেশৰ যুৱক-যুৱতী আৰু বিজেপি দলৰ বাবে আদৰ্শ।

বিজেপিক লৈ সংখ্যালঘুসকলৰ মাজত থকা উদ্বেগকো নস্য়াৎ কৰে শ্বাহে। “দুই তৃতীয়াংশ ৰাজ্য বৰ্তমান বিজেপি আৰু এন ডি এৰ দ্বাৰা পৰিচালিত। মই বিশ্বাস কৰোঁ যে বৃহৎ সংখ্যক সংখ্যালঘু সম্প্ৰদায় কেৰেলাত নাই। ইউ পি আৰু বিহাৰত সংখ্যালঘুৰ সংখ্যা অধিক। ২০১৪ আৰু ২০১৯ চনতো একেধৰণৰ অভিযান চলোৱা হৈছিল। কিন্তু কোনো সমস্যা নাছিল।” শ্বাহে কয়।