ৰাজ্য-দেশৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ…. পলকতে চকু ফুৰাওক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত
বেংগালুৰু ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও মন্তব্যই আজি সংবাদ শিৰোনাম দখল কৰিছে। সমান্তৰালকৈ আজি আন বহুকেইটা খবৰে পঢ়ুৱৈ তথা দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। থোৰতে চাওঁ আহক তেনে কেইটামান খবৰ।

আজিৰ গুৰুত্বপূৰ্ণ খবৰImage Credit source: PTI
আজি বেংগালুৰু ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও উন্নয়নৰ প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও মন্তব্যই আজি সংবাদ শিৰোনাম দখল কৰিছে। সমান্তৰালকৈ আজি আন বহুকেইটা খবৰে পঢ়ুৱৈ তথা দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। থোৰতে চাওঁ আহক তেনে কেইটামান খবৰ…
- অসম চৰকাৰে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক লৈ ৰাজ্যত অব্যাহত আছে বিতৰ্ক। তাৰ মাজতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্থিতি পুনৰ স্পষ্ট কৰি দিয়ে। সাংবাদিকৰ আগত তেওঁ আজি নিৰাপত্তাৰ বাবে আইনৰ গণ্ডীৰ ভিতৰত থাকি বন্দুকৰ প্ৰয়োজন বুলি মন্তব্য কৰে। বন্দুক নহ’লে দক্ষিণ শালমাৰা, মানকাচাৰলৈ কেনেকৈ যাব বুলিও যুক্তি দৰ্শায় মুখ্যমন্ত্ৰীগৰাকীয়ে।
- ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীৰ এক টুইটে শনিবাৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। টুইটটোত তেওঁ ঝাৰখণ্ড নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জালত পেলাবলৈ হানী ট্ৰেপিঙৰ ষড়যন্ত্ৰ ৰচা হৈছিল বুলি দাবী কৰিছিল। আজি হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি এয়া আমাৰ সংস্কৃত নহয় আৰু এনে ষড়যন্ত্ৰই তেওঁৰ হানি কৰিব নোৱাৰে বুলি উল্লেখ কৰে।
- বিটিআৰত এতিয়া বিটিচি নিৰ্বাচনৰ বতাহ। বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জোৰদাৰ প্ৰচাৰ চলাইছে। এই নিৰ্বাচনী বতাহৰ মাজতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু ইউপিপিএলৰ অধ্যক্ষ প্ৰমোদ বড়োৰ সমষ্টিত বিজেপিয়ে প্ৰাৰ্থীত্ব আগনবঢ়ায় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
- গুৱাহাটীৰ অৰণী এছ হাজৰিকাই এক বিশেষ কৃতিত্ব অৰ্জনেৰে আজি গৌৰৱান্বিত কৰি তুলিছে ৰাজ্যবাসীক। ইংলেণ্ডৰ বিশ্ববিখ্যাত উচ্চশিক্ষাৰ প্ৰতিষ্ঠান অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰিছে অসম সন্তানগৰাকীয়ে। শৈক্ষিক ক্ষেত্ৰত এই অসামান্য সফলতা লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে কৃতিত্ব অৰ্জন কৰিছে অৰণী এছ হাজৰিকাই।
- গুৱাহাটী মহানগৰীত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। শেহতীয়াকৈ মহানগৰীৰ জয়া নগৰ আৰু বৰা চাৰ্ভিচত আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ৰ এক অসাধু চক্ৰ উৎখাত কৰিছিল। মহানগৰ আৰক্ষীয়ে পুনৰ গণেশগুৰিত এখন স্পাত অভিযান চলাই এনে এক চক্ৰ উৎখাত কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত ৩গৰাকী যুৱতী, এগৰাকী মহিলা, ২ যুৱকক আটক কৰিছে।
- আজি বেংগালুৰুত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে অপাৰেচন সেন্দূৰৰ সফলতাৰ আঁৰৰ এক বিশেষ কাৰণৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ মতে প্ৰযুক্তি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মেক ইন ইণ্ডিয়াৰ শক্তি অপাৰেচন সেন্দূৰৰ সফলতাৰ এক প্ৰধান কাৰক। কেইঘণ্টামানৰ ভিতৰতে পাকিস্তানে আঁঠু লোৱাৰ দ্বাৰাই ভাৰতৰ ক্ষমতা প্ৰতিফলিত হৈছে বুলি তেওঁ লগতে কয়।
- ড’নাল্ড ট্ৰাম্পে বাৰে বাৰে দি অহা শুল্ক আৰোপৰ ভাবুকিৰ প্ৰতি ইতিমধ্যে স্পষ্ট প্ৰত্যুত্তৰ দিছে ভাৰতে। আজি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ট্ৰাম্পৰ নাম নোলোৱাকৈয়ে তীক্ষ্ণ সমালোচনা কৰে। কিছু লোক ভাৰতৰ উন্নয়নত সুখী নহয় আৰু ভাৰতৰ বিকাশ তেওঁলোকে ভাল নাপায় বুলি ৰাজনাথ সিঙে কটাক্ষ কৰে। তেওঁলোকে নিজকে সকলোৰে বছ বুলি ভাৱে যদিও ভাৰতৰ ইমান দ্ৰুতগতিত কিদৰে বিকাশ হৈছে বুলি মন্তব্য কৰে ৰাজনাথ সিঙে।
- অহা ১৫ আগষ্টত আলাস্কাত অনুষ্ঠিত হ’ব মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ বৈঠক। ইতিমধ্যে ট্ৰাম্পে নিজা চ’ছিয়েল মিডিয়া যোগে এই বৈঠকৰ বিষয়ে সদৰী কৰিছে। ৰাছিয়া আৰু আমেৰিকাৰ এই বৈঠকক আদৰণি জনাইছে ভাৰতে। এক বিবৃতি যোগে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে কেইবাবছৰ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ অন্ত পেলোৱাৰ বাবে এই বৈঠক অত্যন্ত প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে।
- প্ৰথমবাৰৰ বাবে ভাৰতীয় টেষ্ট দলৰ অধিনায়ক হিচাপে দায়িত্ব লাভ কৰি ইংলেণ্ডত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায় শুভমন গিলে। এতিয়া গিলে ভাৰতীয় টি-২০ দলৰ সহ-অধিনায়ক হিচাপেও দায়িত্ব লাভ কৰিব পাৰে বুলি এক প্ৰতিবেদনে দাবী কৰিছে। এই প্ৰতিবেদন মতে আগন্তুক এছিয়া কাপতে গিলক ভাৰতৰ টি-২০ দলৰ সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ব পাৰে।