কামাখ্যা ধাম: জনশ্ৰুতি, পৰম্পৰা, বিশ্বাসৰ ধাৰাৰে এক অৱলোকন, প্ৰচলিত প্ৰতিটো বিষয়ৰ সত্যতা আছেনে?
অম্বুবাচী সন্দৰ্ভত বিভিন্ন কাহিনী বিভিন্নজনে বৰ্ণনা কৰা দেখা যায়। বহুতেই বৰ্ণনা কৰে যে অম্বুবাচীৰ সময়ত মা ৰজস্বলা হয়। যাৰ বাবে ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হৈ পৰে। কিন্তু এনে বৰ্ণনাৰ ভিত্তি কি? সঁচাকৈয়ে ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হয় নেকি?

অন্ত পৰিল অম্বুবাচী মহাযোগৰ। যোৱা ২২ জুনত অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হয় আৰু ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তি ঘটে। তাৰ পাছতেই যথা ৰীতি অনুসৰি মুকলি কৰা হয় কামাখ্যা মন্দিৰৰ দুৱাৰ। মা কামাখ্যাৰ আশিস বিচাৰি অম্বুবাচীৰ সময়ত নীলাচলত ভিৰ কৰা দেখা যায় ৰাজ্যৰ লগতে দেশ-বিদেশৰ অগণন ভক্তই। বিভিন্ন ঠাইৰ পৰা সাধু-সন্যাসীসকলো অম্বুবাচী উপলক্ষে কামাখ্যা ধামলৈ আহে।
অম্বুবাচী সন্দৰ্ভত বিভিন্ন কাহিনী বিভিন্নজনে বৰ্ণনা কৰা দেখা যায়। বহুতেই বৰ্ণনা কৰে যে অম্বুবাচীৰ সময়ত মা ৰজস্বলা হয়। যাৰ বাবে ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হৈ পৰে। কিন্তু এনে বৰ্ণনাৰ ভিত্তি কি? সঁচাকৈয়ে ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হয় নেকি? কামাখ্যা মন্দিৰৰ দুৱাৰ অম্বুবাচীৰ সময়ত বন্ধ কৰি ৰখাৰ সন্দৰ্ভতো বিভিন্ন কাহিনী শুনা যায়। কিন্তু কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে এনে কেতবোৰ কাহিনীৰ সন্দৰ্ভত শেহতীয়াকৈ আপত্তি দৰ্শোৱা দেখা গৈছে।
এই অভিযোগ বা কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে কৰা দাবী সম্পৰ্কে আলোচনা কৰাৰ পূৰ্বে জানো আহক, অম্বুবাচীৰ সময়ত ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হোৱা বুলি চলা প্ৰচাৰৰ সত্যতা।
সঁচাকৈয়ে অম্বুবাচীত ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হয় নে?
অম্বুবাচী সম্পৰ্কে অনেকেই অনেক বৰ্ণনা দিয়ে। তাৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হোৱা বুলি চলোৱা প্ৰচাৰেও দৃষ্টি আকৰ্ষণ কৰে বহুতৰে। কিন্তু ইয়াৰ আঁৰৰ সত্যতা কি, সেয়া জনা উচিত।
কামাখ্যা মন্দিৰৰ সৰুদলৈ হিমাদ্ৰী শৰ্মাই স্পষ্ট কৰি দিছে এই সম্পৰ্কে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰৰ পুৰণি এক নাম লৌহিত্য, অৰ্থাৎ ৰঙা নদী। লোহিত্য শব্দটো আহিছে সংস্কৃত শব্দ ‘লহু’ৰ পৰা। ইয়াৰ অৰ্থ লো বা ৰঙা। ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হোৱাটো কোনো অলৌকিক কাৰণ নহয় বুলি উল্লেখ কৰি হিমাদ্ৰী শৰ্মাই কয় যে এয়া ব্ৰহ্মপুত্ৰৰ পুৰণি পৰিচয় আৰু প্ৰাকৃতিক খনিজ মৌলৰ সমৃদ্ধিৰ প্ৰতিফলনহে। তেওঁ এনে উৰাবাতৰিক কেৱল প্ৰচাৰৰ ষ্টাণ্ট বুলি উলাই কৰে আৰু ইয়াৰ কোনো আধ্যাত্মিক বা বৈজ্ঞানিক ভিত্তি নাই বুলি কয়। ইণ্ডিয়া টুডে এন ইয়ে প্ৰকাশ কৰিছে এই তথ্য।
কামাখ্যাৰ ৰীতি-নীতি শাস্ত্ৰীয়ভাৱে বৈধ
হিমাদ্ৰী শৰ্মাই আৰু কয় যে কামাখ্যা ধামত পালন কৰা প্ৰতিটো ৰীতি-নীতি শাস্ত্ৰগত পৰম্পৰাৰে পৰিপূৰ্ণ। শাস্ত্ৰ প্ৰমাণৰ ভিত্তিতহে কামাখ্যা মন্দিৰত ৰীত-নীতিসমূহ পালন কৰা হয়। পৌৰাণিক গ্ৰন্থত উল্লিখিত নীতি-নিয়মসমূহহে অনুসৰণ কৰা হয় বুলিও শৰ্মাই জানিবলৈ দিয়ে। মা কামাখ্যা হৈছে ‘প্ৰতিষ্ঠিত দেৱী’-যথাযথভাৱে পবিত্ৰ দেৱী।” তাৰ বাহিৰে আন দাবীসমূহ মানি লোৱা নহয় বুলিও তেওঁ উল্লেখ কৰে।
তেওঁ লগতে কয় যে মা কামাখ্যা হৈছে জগত জননী, বিশ্ব ব্ৰহ্মাণ্ডৰ মাতৃ। যিয়ে মাৰ বিষয়ে বিৰূপ মন্তব্য কৰে তেওঁলোকে নিজৰ শব্দগুচ্চৰ গভীৰতা বুজা উচিত।
সঁচাকৈয়ে ৰজস্বলা হয় নে মা কামাখ্যা?
কামাখ্যা মন্দিৰৰ মুখ্য দলৈ কবীন্দ্ৰ শৰ্মাই সংবাদ মাধ্যমক কয় যে, বৰ্তমান সামাজিক মাধ্যমত যিবোৰ প্ৰচাৰ চলিছে সেয়া সঁচা নহয়। অম্বুবাচীৰ মান্যতা বেলেগ । অম্বু মানে পানী, বাচী মানে সূচনা। এই সময়ত প্ৰকৃতি ৰজস্বলা হয়। এইটো এটা প্ৰাকৃতিক যোগ। নীলাচল পাহাৰত যিহেতু মা কামাখ্যা দেৱীক যোনী স্বৰূপা পূজা কৰা হয়, এই সময়চোৱাত মাৰ পূজা কৰা নহয়, মা ৰজস্বলা হোৱা বুলি এক মান্যতা প্ৰদান কৰা হয় আৰু মন্দিৰৰ দুৱাৰ বন্ধ কৰি ৰখা হয়। পূৰ্বজসকলৰ দিনৰ পৰাই এইদৰে বিশ্বাস কৰি অহা বুলি কয় কবীন্দ্ৰ শৰ্মাই।
তেওঁ আৰু কয় যে এই তিনিদিন মন্দিৰৰ কোনো পূজাৰী বা তেওঁলোকৰ পৰিয়ালৰ কোনো লোক মন্দিৰৰ গৰ্ভগৃহলৈ নাযায়। এই সময়ত দেৱী মৌনতাত থাকে, শান্তিত থাকে। ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হোৱা, বগা কাপোৰ ৰঙা হোৱা এইবোৰ সম্পূৰ্ণ মিছা কথা বুলি উল্লেখ কৰে শৰ্মাই। তেওঁ কয় যে মা ৰজস্বলা হোৱাতো এক মান্যতাহে, কিন্তু তেওঁলোকক পূৰ্বজসকলেও কামাখ্যা মা ৰজস্বলা হয় বুলি শিকোৱা নাছিল। অতীজৰ পৰা যি পৰম্পৰা চলি আহিছে সেই পৰম্পৰা অনুসৰিয়েই কামাখ্যা মন্দিৰত পূজা হয়, নীতি-নিয়ম মানি চলা হয়।
এতিয়া সামাজিক মাধ্যমৰ যুগত মানুহৰ মাজত মা কামাখ্যা সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে বুলি দাবী কৰে কবীন্দ্ৰ শৰ্মাই। তেওঁ কয় যে এইদৰে প্ৰচাৰ কৰি তেওঁলোকে পাপ আৰ্জিছে। মানুহৰ মাজত অপপ্ৰচাৰ চলাই সেইসকলে উপাৰ্জনৰ পথ বাচি লৈছে যদিও মা ভগৱতীয়ে তেওঁলোকক ক্ষমা নকৰে বুলি তেওঁ কয়। যিসকলে কামাখ্যা মন্দিৰৰ বিষয়ে, মা কামাখ্যাৰ বিষয়ে জানিবলৈ বিচাৰে তেওঁলোকক কামাখ্যা ধামলৈ আহি মন্দিৰ কৰ্তৃপক্ষৰ পৰা সঠিকভাৱে সকলো জানি ল’বলৈ আহ্বান জনায় কবীন্দ্ৰ শৰ্মাই।
ৰাইজলৈ বিশেষ অনুৰোধ কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ
কামাখ্যা মন্দিৰৰ সৰুদলৈ কবিন্দ্ৰ শৰ্মাই ৰাইজক মন্দিৰৰ মৰ্যাদা আৰু ইয়াৰ পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত সজাগ আৰু আত্মবিশ্বাসী হ’বলৈ আহ্বান জনায়। সংবাদ মাধ্যমক তেওঁ কয়, “আমি জনসাধাৰণক আহ্বান জনাইছো যে এনেধৰণৰ বক্তব্যক গুৰুত্বসহকাৰে লৈ তীব্ৰ প্ৰতিবাদ কৰক। যেতিয়া কোনোবাই আমাৰ বিশ্বাসক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে তেতিয়াই সামূহিক আন্দোলন হ’ব লাগে। ব্ৰহ্মাণ্ডৰ পৰম শক্তি মা কামাখ্যাৰ বিষয়ে কোনো মন্তব্য কৰাৰ আগতে দুবাৰ চিন্তা কৰক।”
আজিৰ ডিজিটেল যুগত, য’ত বিশ্বাসক প্ৰায়ে মনোযোগৰ বাবে উপহাস কৰা হয়, কামাখ্যাৰ দৰে পবিত্ৰ স্থানসমূহ সুৰক্ষিত কৰাটো অতি গুৰুত্বপূৰ্ণ। ব্ৰহ্মপুত্ৰ হৈছে লৌহিত্য। ইতিহাসত শিপাই থকা এটা নাম, কোনো যাদুকৰী পৰিঘটনা নহয় আৰু কামাখ্যা মন্দিৰ অন্ধবিশ্বাসৰ স্থান নহয়, শাস্ত্ৰৰ গভীৰতাৰ স্থান। ভুল তথ্য বন্ধ কৰি লাখ লাখ লোকৰ আধ্যাত্মিক আৱেগক সুৰক্ষিত কৰাৰ বাবে সুনিৰ্দিষ্ট নিৰ্দেশনাৰ সময় আহি পৰিছে। এই ক্ষেত্ৰত চৰকাৰকো এনে প্ৰচাৰ ৰোধৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশ তথা ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় হিমাদ্ৰী শৰ্মাই।