Ambubachi Mela: আজিৰে পৰা অম্বুবাচী মহাযোগ, উখল মাখল-নীলাচলৰ বুকু
কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা অতিৰিক্তভাৱে ৪০০ ৰো অধিক চি চি টিভি কেমেৰা স্থাপন কৰা হৈছে । একেদৰে ৭০০ ৰো অধিক অতিৰিক্তভাৱে নিয়োগ কৰা হৈছে নিৰাপত্তাৰক্ষী ।
আজিৰে পৰা শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগ। এই উপলক্ষে দৰ্শনাৰ্থীক আদৰিবলৈ সাজু কামাখ্যা দেৱালয় পৰিচালনা সমিতিৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসন। ইতিমধ্যে কামাখ্যা দেৱালয়ত ভিৰ কৰিছে দিশ-বিদেশৰ দৰ্শনাৰ্থীয়ে। অহা ২৬ জুনলৈকে চলিব অম্বুবাচী মহাযোগ ।
দেওবাৰে দিনৰ ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি । অম্বুবাচীৰ নিবৃত্তি ২৫ জুনৰ নিশা ৩ বাজি ২৩ মিনিটত । প্ৰবৃত্তিৰ লগে লগে ভক্ত-দৰ্শনাৰ্থীৰ বাবে বন্ধ হ’ব কামাখ্যা মন্দিৰৰ মূল দুৱাৰ । ইফালে, ২৬ জুনৰ পুৱাই দেৱী কামাখ্যা স্নান আৰু পূজা আগবঢ়োৱাৰ পাছতে পুনৰ খুলি দিয়া হ’ব মন্দিৰৰ দুৱাৰ।
প্ৰতিবছৰে অম্বুবাচীত লাখ লাখ দৰ্শনাৰ্থীয়ে ভিৰ কৰে । এনে পৰিস্থিতিত এইবাৰো ভক্ত-দৰ্শনাৰ্থীৰ ভিৰ বৃদ্ধি পাব বুলি আশা কৰা হৈছে । সেই অনুসৰি কঠোৰ নিৰাপত্তা ব্যৱস্থাও কৰা হৈছে কামাখ্যা দেৱালয়ত ।
কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা অতিৰিক্তভাৱে ৪০০ ৰো অধিক চি চি টিভি কেমেৰা স্থাপন কৰা হৈছে । একেদৰে ৭০০ ৰো অধিক অতিৰিক্তভাৱে নিয়োগ কৰা হৈছে নিৰাপত্তাৰক্ষী ।
কামাখ্যা মন্দিৰৰ অম্বুবাচীৰ সবিশেষ চাওক ভিডিঅ’টোত…