বাবা কামেশ্বৰ আৰু মা কামাখ্যাৰ পুহন বিয়া উপলক্ষে উখল-মাখল নীলাচলৰ বুকু
আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনৰ পৰা এই বিয়াৰ প্ৰমাণ পোৱা যায়। প্ৰতি বছৰৰ পুষ্যা নক্ষত্ৰৰ সংযোগত দ্বিতীয়া বা তৃতীয়াত পালন কৰা হয় এই উৎসৱ।
শক্তিপীঠ কামাখ্যাত দেৱ-দেৱী কামেশ্বৰ-কামেশ্বৰীৰ পুহন ক্ষেত্ৰৰ সংযোগত পোহন বিয়া উদযাপন। পুহন বিয়া উপলক্ষে উদুলি-মুদুলি শক্তিপীঠ মা কামাখ্যা। কামাখ্যা দেৱালয়ত অতীজৰে পৰা চলি আহিছে। দেশৰ মংগলৰ বাবে এই বিয়াৰ আৰম্ভ হৈছিল বুলি বিশ্বাস কৰা যায়। পোহন বিবাহ উপলক্ষে নীলাচলৰ বুকুত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে।
আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনৰ পৰা এই বিয়াৰ প্ৰমাণ পোৱা যায়। প্ৰতি বছৰৰ পুষ্যা নক্ষত্ৰৰ সংযোগত দ্বিতীয়া বা তৃতীয়াত পালন কৰা হয় এই উৎসৱ। ব্ৰহ্মপুত্ৰ নদীত স্নান কৰি সম্পূৰ্ণ বৈদিক পক্ৰিয়াৰে পালন কৰা হয়। এই বিবাহ উপলক্ষে ৰীতি–নীতিৰে কামেশ্বৰ মন্দিৰৰ পৰা বৰযাত্ৰীসহ মূল মন্দিৰলৈ শ শ লোক আহে। ঢোল, নাগাৰা লৈ নাচি বৰযাত্ৰীসকলে কামাখ্যাৰ মূল মন্দিৰলৈ আহে। মনুষ্য জীৱনৰ পৰম্পৰা অনুযায়ী দেৱ দেৱীক পুতলা বিবাহৰ দৰে অনুষ্ঠিত কৰাৰ আদেশ দিছিল অতীতৰ ৰজাই।
