শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শক্তিপীঠ কামাখ্যাত বাবা কামেশ্বৰ আৰু দেৱী কামেশ্বৰীৰ পুহন বিয়া

শক্তিপীঠ কামাখ্যাত দেৱ-দেৱী কামেশ্বৰ-কামেশ্বৰীৰ বিয়া। পুহন ক্ষেত্ৰৰ সংযোগত পোহন বিয়া উদযাপন হৈছে। পুহন বিয়া উপলক্ষে উদুলি-মুদুলি শক্তিপীঠ মা কামাখ্যা ধাম।

Barasha Misra
Barasha Misra | Published: 06 Jan 2026 19:38 PM
কামাখ্যা দেৱালয়ত অতীজৰে পৰা চলি আহিছে। দেৱ-দেৱী কামেশ্বৰ-কামেশ্বৰীৰ বিয়া। পৰম্পৰা অনুসৰি বিয়াক লৈ চলিছে হোম যজ্ঞ।

1 / 5
একাংশৰ মতে, পুহন বিয়া অৰ্থাৎ মা কামাখ্যা আৰু শিৱৰ বিবাহ বাৰ্ষিকী। দেশৰ মংগলৰ বাবে এই বিয়াৰ আৰম্ভ হৈছিল বুলি বিশ্বাস কৰা যায়। পুহন বিবাহ উপলক্ষে নীলাচলৰ বুকুত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে।

2 / 5
আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনৰ পৰা এই বিয়াৰ প্ৰমাণ পোৱা যায়। প্ৰতি বছৰৰ পুষ্যা নক্ষত্ৰৰ সংযোগত দ্বিতীয়া বা তৃতীয়াত পালন কৰা হয় এই উৎসৱ। ব্ৰহ্মপুত্ৰ নদীত স্নান কৰি সম্পূৰ্ণ বৈদিক পক্ৰিয়াৰে পালন কৰা হয়।

3 / 5
কামেশ্বৰ- কামেশ্বৰীৰ এই বিয়াক লৈ পাণ্ডা পুৰোহিতসকল ব্যস্ত হৈ পৰিছে। এই বিবাহ উপলক্ষে ৰীতি–নীতিৰে কামেশ্বৰ মন্দিৰৰ পৰা বৰযাত্ৰীসহ মূল মন্দিৰলৈ শ শ লোক আহে।

4 / 5
ঢোল, নাগাৰা লৈ নাচি বৰযাত্ৰীসকলে কামাখ্যাৰ মূল মন্দিৰলৈ আহে। মনুষ্য জীৱনৰ পৰম্পৰা অনুযায়ী দেৱ দেৱীক পুতলা বিবাহৰ দৰে অনুষ্ঠিত কৰাৰ আদেশ দিছিল অতীতৰ ৰজাই।

5 / 5