শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰধানমন্ত্ৰী মোদীৰ শক্তিৰ বাবে প্ৰাৰ্থনা…অম্বুবাচীৰ নিবৃত্তিৰ পিছতে কামাখ্যা ধামত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

৪ দিনৰ অন্ত আজি খোল খালে মা কামাখ্যাৰ দ্বাৰ। মা কামাখ্যাৰ দৰ্শনৰ বাবে উপস্থিত হাজাৰ হাজাৰ লোক। পুৱাই কামাখ্যা মন্দিৰত উপস্থিত হৈ সেৱা জনালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।

প্ৰধানমন্ত্ৰী মোদীৰ শক্তিৰ বাবে প্ৰাৰ্থনা…অম্বুবাচীৰ নিবৃত্তিৰ পিছতে কামাখ্যা ধামত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য
কামাখ্যা মন্দিৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য
trishna-kalita
Trishna Kalita | Published: 26 Jun 2025 12:08 PM

অম্বুবাচীৰ নিবৃত্তিৰ পিছত আজি ভক্তৰ বাবে খুলি দিয়া হ’ল কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। ২২ জুন দেওবাৰে অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা বন্ধ কৰি ৰখা হৈছিল মূল দুৱাৰ। ৪ দিন ধৰি অধীৰ আগ্ৰহেৰে মাৰ দৰ্শনৰ বাবে অপেক্ষা কৰিছিল ভক্তসকলে। অৱশেষত আজি পুৱতি নিশা ৩ বাজি ১৯ মিনিটত খোল খালে মা কামাখ্যাৰ দ্বাৰ। দুৱাৰ মুকলি কৰি দিয়া পিছতে লাখ লাখ ভক্তৰে ভৰি পৰিছে নীলাচলৰ বুকু। ইফালে ভক্তৰ সৈতে পুৱাই কামাখ্যা দৰ্শন কৰি মাৰ আশিস ল’লে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।

মন্দিৰ দৰ্শনৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰাজ্যপালগৰাকীয়ে কয়, “মই বিকশিত ভাৰতৰ নিৰ্মাণ কৰাৰ অভিযানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শক্তিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। ভক্তসকলৰ বাবে সুগম দৰ্শন নিশ্চিত কৰিবলৈ মন্দিৰত ব্যৱস্থা সু-সংগঠিত কৰা হৈছে।” তেওঁ লগতে কয়, “দেশবাসীৰ ওপৰত মাৰ আৰ্শীৰ্বাদ সদায় থাকক। মই দেশবাসীৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা কৰিছো”।

অম্বুবাচী মেলা হৈছে হিন্দু ধৰ্মৰ লোকসকলে অম্বুবাচীৰ সময়ত সংগতি ৰাখি শক্তিপূজাৰ স্থান সমূহ আদিত আয়োজন কৰা এক উৎসৱ। অসমৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰত যথেষ্ট আড়ম্বৰপূৰ্ণভাবে অম্বুবাচীৰ সময়ত অম্বুবাচী মেলাৰ আয়োজন কৰা হয়। জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়। এই সময়ত সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে। অম্বুবাচী মেলাক তান্ত্ৰিক বিদ্যাৰ বাবে বিশেষ সময় বুলি কোৱা হয়। এই মেলাত অংশগ্ৰহণ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক তান্ত্ৰিক আহে।

এইবাৰ ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা ধামত মহা অম্বুবাচী মেলাৰ আয়োজন কৰা হৈছিল।  ২২ জুনৰ দুপৰীয়া ২.৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি হৈ আঝি ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি ঘটে।  কামাখ্যা দেৱী মন্দিৰ দেৱী সতীৰ ৫১ টা শক্তি পীঠৰ ভিতৰত অন্যতম। এই মন্দিৰত প্ৰতি বছৰে চাৰিদিনীয়া মেলাৰ আয়োজন কৰা হয়, য’ত দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে অংশগ্ৰহণ কৰে।