শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শনিবাৰে পুৱাতেই পত্নী-সন্তান সহিতে মা কামাখ্যাৰ আশিস ল’লে মুখ্যমন্ত্ৰীয়ে

অম্বুবাচীৰ নিবৃত্তিৰ পিছত মা কামাখ্যাৰ আশিস ল’য় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিভিন্ন পৰম্পৰা ৰীতি-নীতিৰে দেশ তথা ৰাজ্যৰ ভক্তগণে পালন কৰিলে অম্বুবাচী। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে কামাখ্যা ধামৰ ফটো।

barasha-misra
Barasha Misra | Published: 28 Jun 2025 12:30 PM
নীলাচল পাহাৰৰ শক্তিপীঠ কামাখ্যা মন্দিৰত ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হোৱা মহা অম্বুবাচী মেলাৰ অন্ত পৰে। ২৬ জুনত পুৱা ৩ বাজি ১৬ মিনিটত অম্বুবাচী নিবৃত্তি হয়। তাৰ লগে লগেই যথা ৰীতি অনুসৰি মুকলি কৰা হয় কামাখ্যা মন্দিৰৰ দুৱাৰ।

1 / 5
নিবৃত্তিৰ পিছত মা কামাখ্যাৰ আশিস ল’বলৈ কামাখ্যা মন্দিৰত অগণন ভক্তই ভিৰ কৰে। বিভিন্ন পৰম্পৰা ৰীতি-নীতিৰে দেশ তথা ৰাজ্যৰ ভক্তগণে পালন কৰিলে অম্বুবাচী। আজি পৰিয়ালৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো গৈছে মাৰ আশিস ল'বলৈ।

2 / 5
অম্বুবাচীৰ নিবৃত্তিৰ পাছত সহধৰ্মিণী ৰিণিকি আৰু তনয়-তনয়াৰ সৈতে আজি শক্তিময়ী দেৱী মালৈ সেৱা-অৰ্চনা আগবঢ়ায়। শনিবাৰে পুৱাতেই মা কামাখ্যা ধামলৈ গৈ প্ৰথমে সৌভাগ্য কুণ্ডত সেৱা কৰে।

3 / 5
মা কামাখ্যাত সেৱা জনাই সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে লিখিছে, 'অম্বুবাচীৰ নিবৃত্তিৰ পাছত সহধৰ্মিণী ৰিণিকি আৰু আমাৰ তনয়-তনয়াৰ সৈতে আজি শক্তিময়ী দেৱী মালৈ সেৱা-অৰ্চনা আগবঢ়াই মন প্ৰফুল্লিত হ'ল। সৰ্বস্তৰৰ ৰাইজৰ প্ৰতি দেৱী মাৰ কৃপা চিৰদিন থাকক সেয়াই কামনা কৰিলোঁ।' জয় মা কামাখ্যা 🙏

4 / 5
ইফালে শক্তিপীঠ মা কামাখ্যত উপস্থিত থকা ভক্তসকলে মুখ্যমন্ত্ৰীক দেখি আনন্দিত হৈ পৰে। সকলোৱে মুখ্যমন্ত্ৰীৰ সৈতে ছেলফি ল'বলৈ হেতাওপৰা লগায়।

5 / 5