শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ভাৰত-পাকিস্তানৰ যুদ্ধৰ দামামা

ভাৰত-পাকিস্তানৰ যুদ্ধৰ দামামা

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানত থকা ৯ টা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলায় । অপাৰেশ্যন সেন্দুৰ নামেৰে চলোৱা এই অভিযানৰ পিচত পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰি ভাৰতৰ ওপৰত ড্ৰোন আক্ৰণৰ চেষ্টা চলায় । কিন্তু ভাৰতে এই আক্ৰমণ প্ৰতিহত কৰে আৰু সীমান্তত যুদ্ধৰ পৰিৱেশৰ সৃষ্টি হৈছে । পাকিস্তানক আক্ৰণৰ প্ৰত্যুত্তৰ দিছে ভাৰতে ।

Read More

ভাৰতক ভয় কৰিছে নেকি পাকিস্তানে? অপাৰেচন সেন্দূৰকলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ মন্তব্য

কিছুদিন পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে সামৰিক সংঘাতৰ সময়ত ভাৰতৰ সৈতে পাৰমাণৱিক সংঘৰ্ষৰ সম্ভাৱনা নুই কৰে। তেওঁ কয় যে দেশখনৰ পাৰমাণৱিক অস্ত্ৰ কেৱল আত্মৰক্ষা আৰু শান্তিৰ বাবেহে।

India-Pakistan: তীব্ৰ জলসংকটত পাকিস্তান! ভাৰতে সলনি কৰিব নেকি সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত?

Indus Water Treaty:২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে কৰা সিন্ধু জল সন্ধি স্থগিত ৰাখিছিল। কেন্দ্ৰৰ পৰা স্পষ্ট বাৰ্তা আছিল যে তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে। যেতিয়ালৈকে পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰে তেতিয়ালৈকে সিন্ধুৰ পানী দিয়া নহ’ব।

ভাৰতৰ এটা সিদ্ধান্তই বিপদত পেলালে পাকিস্তানক! ধ্বংস হৈ গ’ল ব্যৱসায়

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত জাৰি কৰা বাণিজ্য নিষেধাজ্ঞাই ভাৰতত যথেষ্ট চাহিদা থকা এই নিমখৰ ৰপ্তানিত আঘাত হানিছে। এইবাৰ পাকিস্তান কি সমস্যাত পৰিছে জানো আহক।

চকুত ধূলি দি সাৰিব নোৱাৰিব শত্ৰু, ভাৰতৰ এই অত্যাধুনিক অস্ত্ৰই দিব উপযুক্ত উত্তৰ

ভাৰতীয় প্রতিৰক্ষা ব্যৱস্থাত যোগ হ’ল নতুন এক ৰক্ষা কবচ । কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক এটা অস্ত্ৰৰ সফল পৰীক্ষা সম্পন্ন কৰিছে ভাৰতে । শীঘ্ৰেই এই অস্ত্ৰ সেনাবাহিনীত অন্তর্ভুক্ত হ’ব বুলি খবৰ পোৱা গৈছে ।

পুৱাৰ নামাজৰ অন্তত ভাৰতত আক্ৰমণ কৰিব বিচাৰিছিল পাকিস্তানে! শ্বৰীফৰ ডাঙৰ স্বীকাৰোক্তি

শ্বৰীফে লগতে কয়, ‘আমাৰ সৈন্যই ফজৰৰ নামাজৰ বাবে অপেক্ষা কৰি আছিল। তাৰ পিছত ভাৰতত আক্ৰমণ হ’ব। কিন্তু তাৰ পূৰ্বে ভাৰতে এটা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল।

Operation Sindoor: পুৱাৰ নামাজৰ অন্তত ভাৰতত আক্ৰমণ কৰিব বিচাৰিছিল পাকিস্তানে! কিন্তু তাৰ পূৰ্বে ভাৰতে কৰে আক্ৰমণ, শ্বৰীফৰ ডাঙৰ স্বীকাৰোক্তি

Operation Sindoor: পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আজাৰবাইজান ভ্ৰমণৰ সময়ত এক অনুষ্ঠানত অংশ লৈছিল। তাত তেওঁ কয়, ‘অসীম মুনিৰৰ নেতৃত্বত ১০ মে’ত পুৱাৰ নামাজৰ পিছত ভাৰতত আক্ৰমণ কৰাৰ পৰিকল্পনা আছিল আমাৰ।’

আমি কাঁইটবোৰ আঁতৰাই পেলাম… পাকিস্তানৰ সন্ত্ৰাসবাদৰ ওপৰত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানক পহলগাম কাণ্ডৰ উচিত প্ৰত্যুত্তৰ দি যুদ্ধত জয়ী হৈ প্ৰথমবাৰলৈ গৃহৰাজ্য গুজৰাটত মোদী। নিজৰ আপোন মানুহবোৰৰ সৈতে অপাৰেচন সিন্দূৰ বিজয়ৰ উৎসৱ উদযাপন কৰিলে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে গান্ধীনগৰত গুজৰাট নগৰ উন্নয়নৰ কাহিনীৰ ২০ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰে।

ভাৰত-পাক যুদ্ধ বিৰতিৰ বিষয়ত আমেৰিকাৰ মধ্যস্থতাক নস্যাৎ এছ জয়শংকৰৰ

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে পাকিস্তানৰ নেতৃত্ব বিশেষকৈ সেনা প্ৰধান জেনেৰেল অসীম মুনিৰে চৰম ধৰ্মীয় উন্মাদনাৰ দ্বাৰা প্ৰেৰিত কৰাৰো অভিযোগ উত্থাপন কৰে ।

শত্ৰুৰ লগত বন্ধুত্ব কৰাৰ মূল্য ভৰিব লাগিব তুৰ্কীয়ে! ইয়াৰ অৱস্থা মালদ্বীপৰ দৰে হৈ পৰিব নেকি অৱস্থা?

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে তুৰস্কই পাকিস্তানক প্ৰত্যক্ষভাৱে সমৰ্থন কৰি ভাৰতৰ অসন্তুষ্টি কৰিছে। যাৰ বাবে এতিয়া ক্ষতিপূৰণ দিব লাগিব। ভাৰতীয় নাগৰিকে ডেষ্টিনেচন ৱেডিঙৰ বাবে ইস্তানবুল, এন্টালিয়া, বড্ৰাম আৰু কেপাডোচিয়া আদি তুৰ্কীৰ চহৰ ভ্ৰমণ কৰে। গড়ে এখন বিবাহত ৫ৰ পৰা ১৫ কোটি টকা খৰচ হয়।

অপাৰেশ্যন সেন্দূৰত কঁকাল ভগা মাছুদ আজহাৰক পাকিস্তানে দিব কোটি কোটি টকা!

পাকিস্তানৰ শ্বেহবাজ শ্বৰীফৰ চৰকাৰে ‘অপাৰেচন সেন্দূৰ’ত নিহতসকলৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব । মাছুদ আজহাৰেও ক্ষতিপূৰণ লাভ কৰিব । পৰিয়ালৰ ১৪ জন সদস্যৰ মৃত্যুৰ বাবে ১৪ কোটি টকাৰ ক্ষতিপূৰণ লাভ কৰিব ।

ভাৰতৰ আক্ৰমণত কেইগৰাকী পাক সেনা হ’ল নিহত! অৱশেষত স্বীকাৰ কৰিলে পাকিস্তানে…

ভাৰতৰ আক্ৰমণত কিমানগৰাকী পাকিস্তানী সেনাৰ মৃত্যু হৈছিল, অৱশেষত এই সন্দৰ্ভত পাকিস্তানে প্ৰকাশ কৰিছে সত্য। বিগত কেইটামান দিনত পাকিস্তান সেনাই ভাৰতৰ এই আক্ৰমণত ১১ জন সেনাৰ মৃত্যু হোৱা বুলি দাবী কৰি আহিছিল। পিছে নতুন তথ্য অনুসৰি এই আক্ৰমণত ১৩ জন পাকিস্তান সেনাৰ জোৱানৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে পাক সেনাই।

হাইঠা মাটিত পৰিল! সিন্ধু জল সন্ধি সন্দৰ্ভত প্ৰথমবাৰৰ বাবে ভাৰতৰ সৈতে কথা পাতিব বিচাৰিছে পাকিস্তানে

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰাখিছিল। ভাৰতৰ সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে পাকিস্তানৰ ওপৰত কঠোৰ ব্যৱস্থা লৈছিল। এই সন্ধি স্থগিত ৰখাৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানে এই চুক্তিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ চৰ্তসমূহৰ বিষয়ে আলোচনা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

কৰ্ণেল ছফিয়া কুৰেশ্বী সন্দৰ্ভত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ব নেকি বিজেপি মন্ত্ৰী বিজয় শ্বাহ? এজাহাৰত দাখিল কৰা ধাৰাত কি কি শাস্তি হ’ব পাৰে জানক

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বিজয় শ্বাহক মন্ত্ৰী পদৰ পৰা শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবী তীব্ৰতৰ হৈ পৰিছে। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি শ্বাহে কয় যে, "মোৰ শেহতীয়া বক্তব্যই সমাজৰ আৱেগক আঘাত কৰিছে। ইয়াৰ বাবে মই কেৱল লাজ পোৱাই নহয়, গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষমাও বিচাৰিছোঁ।"

কিমান ভয়ংকৰ হৈছিল ভাৰত-পাকিস্তানৰ যুদ্ধ? চেটেলাইটে উদঙালে প্ৰকৃত সত্য, NYT এ স্বীকাৰ কৰিলে ভাৰতৰ শক্তি

ভাৰতীয় সেনাই পাকিস্তানৰ কিছুমান গুৰুত্বপূৰ্ণ বিমানঘাটিৰ ৰাণৱে আৰু অন্যান্য সুবিধাসমূহক বিশেষভাৱে লক্ষ্য কৰি লয়। এই প্ৰতিবেদনত এইটোও কোৱা হৈছে যে চেটেলাইটৰ ছবিয়ে ক্ষয়-ক্ষতিৰ কথা দেখুৱাইছে।

Indian Air Force: অভিযানত নামিছিল বাঘা বাঘা পাইলট, পাকিস্তানক ঢোকে ঢোকে পানী খুৱালে ভাৰতৰ এইগৰাকী বায়ুসেনা বিষয়াই

Indian Air Force: ভাৰতীয় বায়ুসেনাৰ চীফ এয়াৰ মাৰ্শ্বাল অমৰপ্ৰীত সিং হৈছে ৰাৱালপিণ্ডিৰ এই বিমান ঘাটিটোত আক্ৰমণৰ আঁৰৰ ‘প্ৰকৃত নায়ক’। এয়াৰ চীফ মাৰ্শ্বাল সিঙে পাকিস্তানৰ এয়াৰ বেছত আক্ৰমণ কৰিবলৈ নিজৰ দলটোক সযতনে বাছি লৈছিল।