শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চকুত ধূলি দি সাৰিব নোৱাৰিব শত্ৰু, ভাৰতৰ এই অত্যাধুনিক অস্ত্ৰই দিব উপযুক্ত উত্তৰ

ভাৰতীয় প্রতিৰক্ষা ব্যৱস্থাত যোগ হ’ল নতুন এক ৰক্ষা কবচ । কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক এটা অস্ত্ৰৰ সফল পৰীক্ষা সম্পন্ন কৰিছে ভাৰতে । শীঘ্ৰেই এই অস্ত্ৰ সেনাবাহিনীত অন্তর্ভুক্ত হ’ব বুলি খবৰ পোৱা গৈছে ।

চকুত ধূলি দি সাৰিব নোৱাৰিব শত্ৰু, ভাৰতৰ এই অত্যাধুনিক অস্ত্ৰই দিব উপযুক্ত উত্তৰ
প্ৰতীকী ছবিImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 13 Jun 2025 18:16 PM

পহলগ্ৰামত সন্ত্রাসবাদী আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ সময়ত ভাৰতৰ ৰুদ্র ৰূপ দেখিছে সমগ্ৰ বিশ্বই । ভাৰতীয় সেনাৰ শক্তি দেখি আচৰিত হৈছে সকলো। ভাৰতৰ আধুনিক আকাশ প্রতিৰক্ষা ব্যৱস্থা দেখি চুবুৰীয়া পাকিস্তানৰো বুকু কাপিছে। চীন আৰু বাংলাদেশো এতিয়া সতর্ক হৈ পৰিছে । এনে সময়তে ভাৰতীয় প্রতিৰক্ষা ব্যৱস্থাত যোগ হ’ল নতুন এক ৰক্ষা কবচ । কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক এটা অস্ত্ৰৰ সফল পৰীক্ষা সম্পন্ন কৰিছে ভাৰতে । শীঘ্ৰেই এই অস্ত্ৰ সেনাবাহিনীত অন্তর্ভুক্ত হ’ব বুলি খবৰ পোৱা গৈছে ।

অপাৰেচন সেন্দূৰত ভাৰতৰ শক্তিশালী ব্ৰাহ্মছ মিছাইলে পাকিস্তানত লুকাই থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি পেলাইছে। ভাৰতৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণ চলায় যদিও পাকিস্তানী মিছাইল-ড্ৰোনসমূহ ভাৰতৰ এছ-৪০০ প্রতিৰক্ষা ব্যৱস্থাই আকাশতে ধ্বংস কৰে ।

একবিংশ শতিকাত থিয় হৈ বুদ্ধি, শক্তি আৰু প্ৰযুক্তি সম্পৰ্কে ভাৰতে আকৌ এবাৰ বিশ্বক নিজৰ প্ৰকৃত পৰাক্ৰমৰ প্ৰমাণ দিছে। যি নিঃসন্দেহে ভাৰতৰ আত্মনিৰ্ভৰতাৰ ক্ষেত্ৰত এক ডাঙৰ মাইলৰ খুঁটি। এই পৰিপ্ৰেক্ষিততে এতিয়া ভাৰতীয় সেনাৰ সৈতে সংযুক্ত হ’বলৈ আহিছে কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তি, যি ভৱিষ্যতে সেনাৰ ক্ষেত্ৰত এক নতুন বিপ্লৱৰ সূচনা কৰিব বুলি সমৰ বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

বৰ্তমান ভাৰত কেৱল অস্ত্ৰৰ ক্ৰেতা নহয়, বৰং উন্নত প্ৰযুক্তিৰ অস্ত্ৰ নিৰ্মাতা আৰু ৰপ্তানিকাৰীও হৈ পৰিছে। বহু দেশেই এতিয়া ভাৰতৰ পৰা অস্ত্ৰ ক্ৰয় কৰিবলৈ শাৰী পাতি আছে। উৎসৰ খবৰৰ ভিত্তিত কোৱা হৈছে, এই নতুন AI-ভিত্তিক ব্যৱস্থাই কেৱল সেনাৰ শক্তি বৃদ্ধিত সহায় নকৰে, সীমান্তত মোতায়েন কৰা সৈন্যসকলৰ জীৱন সুৰক্ষিত কৰাৰ দিশতো উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। তেওঁলোকৰ কৰ্মপদ্ধতিকো অধিক সহজ আৰু সুসংগঠিত কৰি তুলিব।

বিএছএছ এডভান্সড টেকন’লজিছ প্ৰাইভেট লিমিটেডৰ দ্বাৰা দেশীয়ভাৱে নিৰ্মিত এই AI-নির্ভৰ স্বয়ংক্রিয় অস্ত্ৰৰ সফল পৰীক্ষা সম্পন্ন হৈছে ১৪,০০০ ফুট উচ্চতালৈকে। এই আধুনিক প্লেটফৰ্মটোৰ নাম AiD-AWSSA | LW। ইয়াক লঘু আৰু সৰু অস্ত্ৰৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা হৈছে।