পুৱাৰ নামাজৰ অন্তত ভাৰতত আক্ৰমণ কৰিব বিচাৰিছিল পাকিস্তানে! শ্বৰীফৰ ডাঙৰ স্বীকাৰোক্তি
শ্বৰীফে লগতে কয়, ‘আমাৰ সৈন্যই ফজৰৰ নামাজৰ বাবে অপেক্ষা কৰি আছিল। তাৰ পিছত ভাৰতত আক্ৰমণ হ’ব। কিন্তু তাৰ পূৰ্বে ভাৰতে এটা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল।
পাকিস্তানৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আজাৰবাইজান ভ্ৰমণৰ সময়ত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছি। তাতে তেওঁ কয়, ‘অসীম মুনিৰৰ নেতৃত্বত আমি ১০ মে’ৰ পুৱাৰ নামাজৰ অন্তত ভাৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিলোঁ। কিন্তু পোহৰ হোৱাৰ আগতেই পাকিস্তানৰ একাধিক অঞ্চলত ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ প্ৰেৰণ কৰে।
শ্বৰীফে লগতে কয়, ‘আমাৰ সৈন্যই ফজৰৰ নামাজৰ বাবে অপেক্ষা কৰি আছিল। তাৰ পিছত ভাৰতত আক্ৰমণ হ’ব। কিন্তু তাৰ পূৰ্বে ভাৰতে এটা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। ভাৰতে ৰাৱালপিণ্ডি বিমানবন্দৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। পুৱাই গম পালোঁ যে এই সকলোবোৰ ৰাতিটোৰ ভিতৰতে ঘটিল। অসীমে মোক ফোন কৰি সকলো কথা কয়।”
পাকিস্তানক নিশাৰ ভিতৰতে শেষ কৰিবলৈ ভাৰতে ব্ৰহ্মাছৰ ব্যৱহাৰ কৰিছিল। এই ইংগিত দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। অৱশ্যে এই ভয়াৱহ ক্ষেপণাস্ত্ৰ প্ৰকৃততে ব্যৱহাৰ কৰা হৈছিল নে নাই সেই সন্দৰ্ভত সেনাই কোনো বক্তব্য দিয়া নাই।
ওছমান হাদীৰ হন্তাৰ প্ৰসঙ্গত বাংলাদেশৰ আজৱ দাবী, ভাৰতৰ প্ৰত্যুত্তৰ
অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা কাশ্মীৰত কূটাঘাতৰ আশংকালৈ শীৰ্ষ খবৰ
আচৰিত দৃশ্য! গৰম মৰুভূমিত তুষাৰপাতে গঢ়িলে অভিলেখ...
ন্য়ায়ালয়ৰ ৰায়ঃ৩৪ বছৰৰ অন্তত চাকৰি ঘূৰাই পালে দীনেশে...
