আমি কাঁইটবোৰ আঁতৰাই পেলাম… পাকিস্তানৰ সন্ত্ৰাসবাদৰ ওপৰত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ
পাকিস্তানক পহলগাম কাণ্ডৰ উচিত প্ৰত্যুত্তৰ দি যুদ্ধত জয়ী হৈ প্ৰথমবাৰলৈ গৃহৰাজ্য গুজৰাটত মোদী। নিজৰ আপোন মানুহবোৰৰ সৈতে অপাৰেচন সিন্দূৰ বিজয়ৰ উৎসৱ উদযাপন কৰিলে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে গান্ধীনগৰত গুজৰাট নগৰ উন্নয়নৰ কাহিনীৰ ২০ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰে।

অপাৰেচন সেন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া গুজৰাট ভ্ৰমণলৈ গৈছে। আজি তেওঁ গুজৰাট নগৰ উন্নয়নৰ কাহিনীৰ ২০ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰি গান্ধীনগৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মোদীয়ে পাকিস্তানক উপযুক্ত উত্তৰ দি কয় যে, ‘এয়া প্ৰক্সি যুদ্ধ নহয়, তেওঁলোকে সন্ত্ৰাসবাদীক ৰাজ্যিক সন্মান প্ৰদান কৰিছে।’
মোদীয়ে কয়, ‘১৯৬০ চনৰ সিন্ধু জল সন্ধি অধ্যয়ন কৰিলে আপুনি স্তম্ভিত হ’ব। ইয়াৰ সিদ্ধান্ত লোৱা হৈছিল যে, জম্মু-কাশ্মীৰৰ নদীৰ ওপৰত নিৰ্মাণ কৰা বান্ধসমূহ পৰিষ্কাৰ কৰা নহ’ব। পলস পৰিষ্কাৰ কৰিবলৈ তলৰ গেটবোৰ বন্ধ হৈ থাকিব। এই গেটবোৰ ৬০ বছৰ কেতিয়াও খোলা নাছিল। যিবোৰ জলাশয়ক ১০০ শতাংশ ক্ষমতালৈকে ভৰোৱাৰ কথা আছিল, সেইবোৰ এতিয়া মাত্ৰ ২ শতাংশ বা ৩ শতাংশত সীমাৱদ্ধ হৈ পৰিছে। বৰ্তমান মই একো কৰা নাই আৰু কিন্তু পাকিস্তানৰ মানুহৰ ঘাম ওলাইছে। আমি মথাউৰিবোৰ চাফা কৰিবলৈ সৰু সৰু গেট খুলিছো, ইতিমধ্যে তাত বানপানী হৈছে।’
কাঁইটবোৰ আঁতৰাই দিম
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, শৰীৰ যিমানেই সুস্থ নহওক কিয়, কাঁইটে বিন্ধিলে সমগ্ৰ শৰীৰে অশান্তি পাই থাকে। আমি সিদ্ধান্ত লৈছো যে, আমি সেই কাঁইটটো আঁতৰাই দিম।মই গুজৰাটত থকা ২ দিন হ’ল। কালি বদোদৰা, দহোদ, ভূজ, আহমেদাবাদ আৰু আজি গান্ধীনগৰলৈ গ’লো, এনে লাগিল যেন দেশপ্ৰেমৰ জোৱাৰ উঠিছে। গৰ্জন কৰা সেন্দূৰীয়া সাগৰ আৰু উৰি থকা পতাকাই মানুহৰ হৃদয়ত মাতৃভূমিৰ প্ৰতি অপৰিসীম প্ৰেমৰ নিদৰ্শন আছিল। এয়া কেৱল গুজৰাটতে নহয় ভাৰতৰ চুকে-কোণে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ১৯৪৭ চনত ভাৰত মাতৃক টুকুৰা টুকুৰকৈ বিভক্ত কৰা হৈছিল। সেই সময়ত শিকলিবোৰ কাটিব লাগিছিল যদিও বাহুহে কাটি পেলোৱা হৈছিল। দেশখন তিনিটা ভাগত বিভক্ত হৈ সেই নিশাই কাশ্মীৰৰ মাটিত প্ৰথম সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। সন্ত্ৰাসবাদীৰ সহায়ত পাকিস্তানে ভাৰত মাতৃৰ এটা অংশ দখল কৰিছিল, মুজাহিদীনৰ নামত।
যদি সেইদিনা এই মুজাহিদীনসকলক ধ্বংস কৰা হ’লহেঁতেন আৰু চৰ্দাৰ পেটেলৰ পৰামৰ্শ গ্ৰহণ কৰা হ’লহেঁতেন তেন্তে যোৱা ৭৫ বছৰ ধৰি চলি থকা এই ধাৰাবাহিক সন্ত্রাসবাদী কাণ্ড দেখা নাপালেহেঁতেন। ৬ মে’ৰ নিশা নিহতসকলৰ মৃতদেহক পাকিস্তানত ৰাজ্যিক সন্মান প্ৰদান কৰে। তেওঁলোকৰ কফিনত পাকিস্তানৰ পতাকা ৰখা হৈছিল আৰু সেনাই তেওঁলোকক চেলুট দিছিল।
ভাৰত আৰু পাকিস্তানৰ মাজত যেতিয়াই যুদ্ধ হৈছে, তেতিয়াই আমাৰ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে কেতিয়াও পাহৰিব নোৱাৰা ধৰণে পৰাস্ত কৰিছে। ভাৰতৰ বিৰুদ্ধে প্ৰত্যক্ষ ডাঙৰ যুদ্ধত তেওঁলোকে কেতিয়াও জয়ী হ’ব নোৱাৰে বুলি উপলব্ধি কৰি তেওঁলোকে সৰু সৰু যুদ্ধৰ আশ্ৰয় লৈছিল। পাকিস্তানে ইয়াৰ পৰিৱৰ্তে উগ্ৰপন্থীক সামৰিক প্ৰশিক্ষণ আৰু সহায় আগবঢ়াইছিল।
#WATCH | Gandhinagar: Prime Minister Narendra Modi says “I want to tell the new generation how our country was ruined. If you study the 1960 Indus Waters Treaty, you’ll be shocked. It was decided that the dams built on the rivers of Jammu and Kashmir would not be cleaned.… pic.twitter.com/eoNwEB6dtL
— ANI (@ANI) May 27, 2025
আমি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছোঁ
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘বিগত ১১ বছৰত আমি ক’ৰনা দেখিছো, আমাৰ ওচৰ-চুবুৰীয়াৰ সৈতে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছিলো, কিন্তু এই সকলোবোৰৰ মাজতো আমি ১১ নং বৃহত্তম অৰ্থনীতিৰ পৰা বিশ্বৰ ৪ৰ্থ বৃহত্তম অৰ্থনীতিলৈ গতি কৰিছোঁ। আমাৰ উদ্দেশ্য হৈছে আমি উন্নয়ন বিচাৰোঁ, আমি প্ৰগতি বিচাৰোঁ। এই মাটিয়ে মোক ডাঙৰ কৰিছে। ইয়াৰ পৰাই যি শিক্ষা আৰু দীক্ষা পাইছো।’ ইয়াৰোপৰি মোদীয়ে কয়, গুজৰাটে নিমখৰ পৰা হীৰালৈকে যাত্ৰা কৰিছে।
গুজৰাট চৰকাৰে ২০ বছৰীয়া নগৰ ৰোড মেপ গুজৰাটবাসীৰ সন্মুখত দাখিল কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয়, ২০৪৭ চনৰ ভিতৰত ভাৰতৰ বিকাশ হ’বই লাগিব। আমি স্বাধীনতাৰ ১০০ বছৰ এনেয়ে উদযাপন নকৰোঁ। আপুনি কল্পনা কৰক চোন বীৰ সাৱৰকাৰ, নেতাজী আৰু চৰ্দাৰ পেটেলে স্বাধীনতাৰ পূৰ্বে যি অনুভৱৰ সৃষ্টি কৰিছিল। যদি এইসকল ব্যক্তিৰ স্বাধীনতাৰ ইচ্ছাশক্তি নাথাকিলে আজি আমি স্বাধীন নহ’লোহেঁতেন।