ভাৰতৰ আক্ৰমণত কেইগৰাকী পাক সেনা হ’ল নিহত! অৱশেষত স্বীকাৰ কৰিলে পাকিস্তানে…
ভাৰতৰ আক্ৰমণত কিমানগৰাকী পাকিস্তানী সেনাৰ মৃত্যু হৈছিল, অৱশেষত এই সন্দৰ্ভত পাকিস্তানে প্ৰকাশ কৰিছে সত্য। বিগত কেইটামান দিনত পাকিস্তান সেনাই ভাৰতৰ এই আক্ৰমণত ১১ জন সেনাৰ মৃত্যু হোৱা বুলি দাবী কৰি আহিছিল। পিছে নতুন তথ্য অনুসৰি এই আক্ৰমণত ১৩ জন পাকিস্তান সেনাৰ জোৱানৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে পাক সেনাই।

যোৱা শনিবাৰে যুদ্ধবিৰতি ঘোষণা কৰে দুই চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তানে। তাৰ লগে লগে অন্ত পৰে দুয়োখন দেশৰ মাজত গঢ় লৈ উঠা পূৰ্ণকালীন যুদ্ধৰ আশংকাৰ অন্ত পৰে। পহলগামত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী ঘাটিত চলাইছিল অভিযান। ইয়াৰ পিছতে পাকিস্তানে সীমান্তত আক্ৰমণৰ চেষ্টা চলাইছিল। পাকিস্তানৰ এই চেষ্টা ব্যৰ্থ কৰি ভাৰতেও চলাইছিল প্ৰত্যাক্ৰমণ। ভাৰতৰ এই আক্ৰমণত কিমানগৰাকী পাকিস্তানী সেনাৰ মৃত্যু হৈছিল, অৱশেষত এই সন্দৰ্ভত পাকিস্তানে প্ৰকাশ কৰিছে সত্য।
বিগত কেইটামান দিনত পাকিস্তান সেনাই ভাৰতৰ এই আক্ৰমণত ১১ জন সেনাৰ মৃত্যু হোৱা বুলি দাবী কৰি আহিছিল। পিছে নতুন তথ্য অনুসৰি এই আক্ৰমণত ১৩ জন পাকিস্তান সেনাৰ জোৱানৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে পাক সেনাই। আমোদজনকভাৱে পাকিস্তানে এই ১৩ জন জোৱানৰ মৃত্যুৰ তথ্য একেলগে প্ৰকাশ কৰাৰ পৰা বিৰত আছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লজ্জিত হোৱাৰ শংকাতে পাকিস্তানে তেনে পন্থা লোৱা বুলি সন্দেহ কৰা হৈছে।
উল্লেখ্য যে ৭ মে’ত ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা স্থানত আক্ৰমণ চলাইছিল। সেই সময়ত ভাৰতে এই আক্ৰমণত ১০০ৰো অধিক পাকিস্তানী সন্ত্ৰাসবাদী নিহত হৈছে বুলি দাবী কৰিছিল। কিন্তু ভাৰতৰ এই দাবীৰ বিপৰীতে পাকিস্তানে এক বিবৃতি প্ৰকাশ কৰি কেৱল পাকিস্তানী নাগৰিককহে হত্যা কৰা হৈছে বুলি অভিযোগ তুলিছিল। পাকিস্তানৰ মতে, ভাৰতৰ এই আক্ৰমণত কোনো সন্ত্ৰাসবাদী বা পাকিস্তানী জোৱান নিহত হোৱা নাই।
পিছে যুদ্ধবিৰতিৰ পিছত পাকিস্তানে জাৰি কৰা বিবৃতিত ১১ জন জোৱানৰ মৃত্যুৰ কথা স্বীকাৰ কৰিছিল। পাকিস্তান সেনাবাহিনীৰ তথ্য অনুসৰি এই আক্ৰমণত ১১ জন জোৱান নিহত হোৱাৰ বিপৰীতে ৪০ জন সাধাৰণ নাগৰিকেও প্ৰাণ হেৰুৱাইছে। আনহাতে আক্ৰমণত ১৯৯ জন লোক আহত হোৱা বুলি পাকিস্তানে প্ৰকাশ কৰিছে। সেনাবাহিনীৰ এই ঘোষণাৰ পাছতেই পাকিস্তান চৰকাৰে সকলো মৃতকৰ পৰিয়ালক এক কোটি টকাকৈ দিয়াৰ কথা ঘোষণা কৰে।
আনহাতে নিহত জোৱানসকলৰ পৰিয়ালক ২ কোটিকৈ টকা দিয়া হ’ব বুলি ঘোষণা কৰে পাকিস্তান চৰকাৰে। ৪ দিন পিছত পিছে এতিয়া পাকিস্তানে আৰু ২ জন জোৱানৰ মৃত্যুৰ কথা স্বীকাৰ কৰিছে। পাকিস্তান কৰ্তৃপক্ষই উল্লেখ কৰা মতে দুয়োজন জোৱান আক্ৰমণৰ সময়ত আহত হৈছিল আৰু এতিয়া তেওঁলোকৰ মৃত্যু হৈছে। লক্ষণীয়ভাৱে পাকিস্তানে স্বীকাৰ কৰা বায়ুসেনাৰ কাৰিকৰী বিষয়া মহম্মদ আয়াজৰ মৃত্যুৰ কথা পাকিস্তানত যোৱা ৫ দিন ধৰি চৰ্চা চলি আছিল। কিন্তু এতিয়াহে দেশখনে তেওঁৰ মৃত্যুৰ কথা স্বীকাৰ কৰিছে।