শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
অপাৰেশ্যন সেন্দূৰত কঁকাল ভগা মাছুদ আজহাৰক পাকিস্তানে দিব কোটি কোটি টকা!

অপাৰেশ্যন সেন্দূৰত কঁকাল ভগা মাছুদ আজহাৰক পাকিস্তানে দিব কোটি কোটি টকা!

raj-saikia
Raj Saikia | Published: 15 May 2025 18:51 PM

পাকিস্তানৰ শ্বেহবাজ শ্বৰীফৰ চৰকাৰে ‘অপাৰেচন সেন্দূৰ’ত নিহতসকলৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব । মাছুদ আজহাৰেও ক্ষতিপূৰণ লাভ কৰিব । পৰিয়ালৰ ১৪ জন সদস্যৰ মৃত্যুৰ বাবে ১৪ কোটি টকাৰ ক্ষতিপূৰণ লাভ কৰিব ।

বছৰ বছৰ ধৰি সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি আহিছে পাকিস্তানে । বাৰে বাৰে ভাৰতে সজোৰে উত্থাপন কৰি আহিছে এই দাবী । স্বাভাৱিকভাৱে ভাৰতৰ দাবীক অস্বীকাৰ কৰিছে পাকিস্তানে । কিন্তু এইবাৰ সন্ত্ৰাসবাদীৰ সৈতে পাকিস্তান চৰকাৰৰ সম্পৰ্ক কিমান গভীৰ তাৰ প্ৰমাণ পোৱা গৈছে । পাকিস্তানে পুনৰ সন্ত্ৰাসবাদী ঘাটি নিৰ্মাণ কৰিবলৈ ধন দিছে মাছুদ আজহাৰক!

জানিব পৰা মতে, পাকিস্তানৰ শ্বেহবাজ শ্বৰীফৰ চৰকাৰে ‘অপাৰেচন সেন্দূৰ’ত নিহতসকলৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব । আঘাতপ্ৰাপ্তসকলক ১০ৰ পৰা ২০ লাখ টকালৈকে ক্ষতিপূৰণ দিয়া হ’ব । বিমান আক্ৰমণত ধ্বংস হোৱা গৃহ নিৰ্মাণৰ বাবেও কোটি কোটি টকা পৃথকে পৃথকে আবণ্টন দিয়া হ’ব ।

অপাৰেচন সেন্দূৰত ভাৰতে ধ্বংস কৰা ৯টা সন্ত্ৰাসবাদী শিবিৰৰ ভিতৰত আছিল জয়ছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়ো । মাছুদ আজহাৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিলেও তেওঁৰ পত্নী, ভতিজা, ভতিজী, পাঁচটা সন্তান, জ্যেষ্ঠ ভগ্নী, আৰু তেওঁৰ ভনী জোঁৱাই নিহত হয় । মাছুদৰ ঘনিষ্ঠ চাৰি সন্ত্ৰাসবাদী নেতাও নিহত হয় এই আক্ৰমণত । পৰিয়াল আৰু সতীৰ্থক হেৰুৱাই কান্দোনত ভাগি পৰা মাছুদে এক বিবৃতিত কৈছিল, ময়ো মৰি নগ’লো কিয়!

পাকিস্তান চৰকাৰে দাবী কৰিছে যে তেওঁলোক সকলো সাধাৰণ নাগৰিক । সেয়ে এই বৃহৎ পৰিমাণৰ ক্ষতিপূৰণ তেওঁলোকক দিয়া হ’ব । জানিব পৰা মতে, মাছুদ আজহাৰেও ক্ষতিপূৰণ লাভ কৰিব । পৰিয়ালৰ ১৪ জন সদস্যৰ মৃত্যুৰ বাবে ১৪ কোটি টকাৰ ক্ষতিপূৰণ লাভ কৰিব । তদুপৰি নতুন সন্ত্ৰাসবাদী ঘাটি নিৰ্মাণৰ বাবে মাছুদ আজহাৰে পৃথকভাৱে কোটি কোটি টকা লাভ কৰিব ।