শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰত-পাক যুদ্ধ বিৰতিৰ বিষয়ত আমেৰিকাৰ মধ্যস্থতাক নস্যাৎ এছ জয়শংকৰৰ

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে পাকিস্তানৰ নেতৃত্ব বিশেষকৈ সেনা প্ৰধান জেনেৰেল অসীম মুনিৰে চৰম ধৰ্মীয় উন্মাদনাৰ দ্বাৰা প্ৰেৰিত কৰাৰো অভিযোগ উত্থাপন কৰে ।

ভাৰত-পাক যুদ্ধ বিৰতিৰ বিষয়ত আমেৰিকাৰ মধ্যস্থতাক নস্যাৎ এছ জয়শংকৰৰ
বিদেশ মন্ত্ৰী এছ জয়শংকৰImage Credit source: Kiyoshi Ota - Pool/Getty Images
raj-saikia
Raj Saikia | Updated On: 22 May 2025 14:58 PM

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এটা ডাচ চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতা কৰা আমেৰিকাৰ দাবীক নস্যাৎ কৰিছে । তেওঁ কয় যে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ লক্ষ্য আছিল ধৰ্মীয় উন্মাদনা সৃষ্টি কৰা । পাক সেনা প্ৰধান মুনীৰ এজন ধৰ্মীয় উন্মাদ লোক ।

তেওঁ কয় যে মুনিৰেও বহু বক্তব্যৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে । সেই সময়ত আমেৰিকাকে ধৰি বহু দেশ আমাৰ সৈতে যোগাযোগত আছিল । তেওঁ স্পষ্ট ভাষাৰে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰত্যক্ষ আলোচনাৰ অন্তত যুদ্ধবিৰতি হৈছে ।

পাকিস্তানে নিজেই যুদ্ধবিৰতিৰ কথা কৈছিল
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে পাকিস্তানৰ নেতৃত্ব বিশেষকৈ সেনা প্ৰধান জেনেৰেল অসীম মুনিৰে চৰম ধৰ্মীয় উন্মাদনাৰ দ্বাৰা প্ৰেৰিত কৰাৰো অভিযোগ উত্থাপন কৰে । সোমবাৰে ডাচ সম্প্ৰচাৰক এন অ’ এছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জয়শংকৰে কয় যে পহলগামত সংঘটিত এই আক্ৰমণত ২৬ জন সাধাৰণ নাগৰিক নিহত হয়, ইয়াৰে অধিকাংশই পৰ্যটক । পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে হিন্দু ধৰ্মৰ আধাৰত লোকসকলক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰে ।

ভাৰত আৰু পাকিস্তানৰ সৈতে পুনৰ ব্যৱসায়ৰ কথা পাতিলে ট্ৰাম্পে
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বাণিজ্যিক আলোচনাৰ জৰিয়তে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ ক্ষেত্ৰত নিজৰ ভূমিকা পুনৰবাৰ উল্লেখ কৰে । তেওঁ কয় যে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাৰ সৈতে হোৱা আলোচনাৰ সময়ত ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে থকা সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয়, “আমি পাকিস্তান আৰু ভাৰতৰ সৈতে এই মুহূৰ্তত যি কৰিছো সেয়া যদি আপোনালোকে চায়, তেন্তে আমিয়েই সমগ্ৰ সমস্যাটো সমাধান কৰিছো ।”

ট্ৰাম্পে কয়, “মই ভাবো ব্যৱসায়ৰ জৰিয়তে সমস্যাটো সমাধান কৰিছো । আমি ভাৰতৰ সৈতে ডাঙৰ চুক্তি কৰি আছো । আমি পাকিস্তানৰ সৈতেও ডাঙৰ চুক্তি কৰি আছো । আপুনি জানে যে শেষত কোনোবাই গুলী চলাবলগীয়া হৈছিল, কিন্তু গুলীচালনাৰ ফলত পৰিস্থিতি বেয়াৰ পৰা অতি বেয়া হৈ পৰিছিল, দেশৰ গভীৰৰ পৰা গভীৰতালৈ যাবলৈ ধৰিছিল । আমি তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু…আমি সেয়া সমাধান কৰিলোঁ ।” তেওঁ লগতে কয় যে পাকিস্তানত কিছুমান দক্ষ মানুহ আৰু কিছুমান সঁচাকৈয়ে ভাল নেতা আছে আৰু ভাৰত মোৰ বন্ধু ।