শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দিল্লীত ৰচনা হ’ল অসম কংগ্ৰেছৰ নিৰ্বাচনী ৰণকৌশল, কি বেহু ৰচিলে খৰ্গে-ৰাহুল গান্ধীয়ে!

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতৃত্বৰ সৈতে হোৱা এই আলোচনাত মূলতঃ আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৰ নিৰ্বাচনী প্ৰস্তুতি আৰু ৰণকৌশল সন্দৰ্ভত আলোচনা কৰা হয় বুলি অনুমান কৰা হৈছে।

দিল্লীত ৰচনা হ’ল অসম কংগ্ৰেছৰ নিৰ্বাচনী ৰণকৌশল, কি বেহু ৰচিলে খৰ্গে-ৰাহুল গান্ধীয়ে!
দিল্লীত কংগ্ৰেছৰ বৈঠক
Monjit Dutta
Monjit Dutta | Updated On: 17 Jan 2026 11:00 AM

আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বাজিবলৈ এতিয়াও কিছু সময় বাকী যদিও ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ ইতিমধ্যে উত্তপ্ত হৈ পৰিছে। এই নিৰ্বাচনী যুঁজত নিজৰ স্থিতি সবল কৰাৰ লক্ষ্যৰে শুকুৰবাৰে দিল্লীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ কৌশলগত বৈঠক অনুষ্ঠিত হয়। দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ উপস্থিতিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃবৃন্দ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষকৰ মাজত অনুষ্ঠিত হয় এই বৈঠক।

নিৰ্বাচনী প্ৰস্তুতি আৰু ৰণকৌশল

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতৃত্বৰ সৈতে হোৱা এই আলোচনাত মূলতঃ আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৰ নিৰ্বাচনী প্ৰস্তুতি আৰু ৰণকৌশল সন্দৰ্ভত আলোচনা কৰা হয় বুলি অনুমান কৰা হৈছে। দলটোৱে নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শনৰ লক্ষ্যৰে তৃণমূল পৰ্যায়ৰ পৰাই দলীয় সংগঠন মজবুত কৰাৰ পৰিকল্পনা কৰিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

অভিজ্ঞ পৰ্যবেক্ষকৰ হাতত দায়িত্ব

এইবাৰ কংগ্ৰেছে অসম নিৰ্বাচনৰ বাবে যি বিশেষ পৰ্যবেক্ষকৰ দল গঠন কৰিছে, সেয়া অত্যন্ত তাৎপৰ্যপূৰ্ণ। কৰ্ণাটকৰ নিৰ্বাচনী চাণক্যস্বৰূপ ডি.কে. শিৱকুমাৰ আৰু ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ দৰে অভিজ্ঞ নেতাক অসমৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিয়ে সূচাইছে যে কেন্দ্ৰীয় নেতৃত্বই এইবাৰ অসমত ক্ষমতা দখলৰ বাবে কোনো ত্ৰুটি ৰাখিব বিচৰা নাই।

দলীয় টিকট বিতৰণত সম্পূৰ্ণ স্বচ্ছতা বজাই ৰখাৰ স্বাৰ্থত হাই কমাণ্ডে প্ৰিয়ংকা গান্ধীক অসমৰ বাবে গঠিত স্ক্ৰীনিং কমিটিৰ মুৰব্বী হিচাপে নিযুক্তি দিছে। কংগ্ৰেছৰ ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে গান্ধী পৰিয়ালৰ কোনো সদস্যই এখন ৰাজ্যৰ নিৰ্বাচনৰ বাবে গঠিত স্ক্ৰীনিং কমিটিৰ নেতৃত্ব প্ৰত্যক্ষভাৱে গ্ৰহণ কৰিছে।

বৈঠকত অংশগ্ৰহণকাৰী সকল

দিল্লীৰ এই বৈঠকত সৰ্বভাৰতীয় সাধাৰণ সম্পাদক কেচি বেণুগোপাল, অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, ঝাৰখণ্ডৰ নেতা বন্ধু টিৰ্কীৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত থাকে। এতিয়া এই বৈঠকত আলোচ্য বিষয়ক কংগ্ৰেছে তৃণমূল পৰ্যায়ত কিদৰে ফলৱৰ্তী কৰিব পাৰে, সেয়া হ’ব লক্ষণীয়।