আজিৰ অসমে পাকিস্তানী এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে: গৌৰৱ গগৈক লক্ষ্য কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ভাষণ দি শৰ্মাই কয়, ৰাজ্যখনত এক উল্লেখযোগ্য পৰিৱৰ্তন হৈছে আৰু অসমৰ জনসাধাৰণে আৰু “অচিনাকি লোক”ৰ ওচৰত আত্মসমৰ্পণ নকৰে। তেওঁ কয়, ‘অসম সলনি হৈছে।কোনো অসমীয়াই কোনো পাকিস্তানী এজেণ্ট বা অচিনাকি লোকৰ আগত আত্মসমৰ্পণ নকৰে। এয়া নতুন অসম।’
১৮ জানুৱাৰীত উদ্বোধন কৰা হয় কাজিৰঙাৰ এলিভেটেড কৰিডৰ প্রকল্প। সেই সময়তে নগাঁও জিলাত ৰাজহুৱা সমাৱেশত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। তেওঁ “পাকিস্তানী এজেণ্ট” বুলি অভিহিত কৰা কংগ্রেছৰ সাংসদ গৌৰৱ গগৈৰ ওচৰত অসমে আত্মসমৰ্পণ নকৰে উল্লেখ কৰে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ভাষণ দি শৰ্মাই কয়, ৰাজ্যখনত এক উল্লেখযোগ্য পৰিৱৰ্তন হৈছে আৰু অসমৰ জনসাধাৰণে আৰু “অচিনাকি লোক”ৰ ওচৰত আত্মসমৰ্পণ নকৰে। তেওঁ কয়, ‘অসম সলনি হৈছে।কোনো অসমীয়াই কোনো পাকিস্তানী এজেণ্ট বা অচিনাকি লোকৰ আগত আত্মসমৰ্পণ নকৰে। এয়া নতুন অসম।’
মুখ্যমন্ত্ৰীয়ে দুদিনৰ ভিতৰত ৰাজ্যলৈ তিনিখন নতুন ৰে’ল ফ্লেগ অফ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়।
সাংস্কৃতিক গৌৰৱৰ ওপৰত আলোকপাত কৰি শৰ্মাই কয় যে, প্ৰায় ১০ হাজাৰ শিল্পীয়ে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰম্পৰাগত বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰি অসমৰ নতুন আত্মসন্মান আৰু সাংস্কৃতিক আত্মবিশ্বাসক প্ৰতিফলিত কৰে। তেওঁ আৰু দাবী কৰে যে কাজিৰঙাত গঁড়ৰ চোৰাং চিকাৰৰ ঘটনাৰ অন্ত পৰিছে। এই সাফল্যৰ কাৰণ হিচাপে শক্তিশালী সংৰক্ষণ ব্যৱস্থাক অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে।
প্ৰায় ৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ কাম সম্পূৰ্ণ হ’লে যাত্ৰাৰ সময় প্ৰায় এক ঘন্টা হ্ৰাস পাব বুলি কয় মুখ্যমন্ত্ৰীয়ে। লগতে বন্যপ্ৰাণীৰ নিৰাপদ গতিবিধিও সুনিশ্চিত হ’ব বুলি উল্লেখ কৰে। ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আত্মবিশ্বাস প্ৰকাশ কৰি শৰ্মাই কয় যে এসময়ত অসম্ভৱ বুলি বিবেচিত কেইবাটাও বৃহৎ আন্তঃগাঁথনি প্ৰকল্প এতিয়া বাস্তৱত পৰিণত হৈছে। ইয়াৰ ভিতৰত আছে ব্ৰহ্মপুত্ৰৰ ওপৰত একাধিক দলং, আণ্ডাৰৱাটাৰ টানেল, কাজিৰঙাৰ এলিভেটেড কৰিডৰ।
২০২৬ চনত অসমত বিজেপি পুনৰ ক্ষমতালৈ আহিব, যিটো প্ৰধানমন্ত্ৰী মোদীৰ বাবে “উপহাৰ” বুলি অভিহিত কৰে। ইয়াৰ পূৰ্বে দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নগাঁও জিলাৰ কলিয়াবৰত ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫ৰ কলিয়াবৰ–নুমলীগড় অংশৰ চাৰিলেনযুক্ত কাজিৰঙা এলিভেটেড কৰিডৰৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৬,৯৫০ কোটি টকাৰো অধিক মূল্যৰ এই প্ৰকল্পৰ লক্ষ্য হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্যক সুৰক্ষিত কৰাৰ সমান্তৰালভাৱে সংযোগ উন্নত কৰা।
লগতে প্ৰধানমন্ত্ৰীয়ে অমৃত ভাৰত এক্সপ্ৰেছ দুখন ৰে’ল কামাখ্যা–ৰোহটক অমৃত ভাৰত এক্সপ্ৰেছ আৰু ডিব্ৰুগড়–গোমতী নগৰ (লক্ষ্ণৌ) অমৃত ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে। ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিড’ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ৩৫ কিলোমিটাৰ উচ্চ বন্যপ্ৰাণী কৰিড’ৰ, ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাইপাছ ছেকচন, আৰু ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৩০ কিলোমিটাৰ দুটা লেনৰ পৰা চাৰিটা লেনলৈ বহল কৰা হৈছে। এই কৰিডৰটোৱে নগাঁও, কাৰ্বি আংলং, আৰু গোলাঘাট জিলাৰ মাজেৰে পাৰ হৈ ডিব্ৰুগড় আৰু তিনিচুকীয়াকে ধৰি উচ্চ অসমৰ সৈতে সংযোগ উন্নত কৰিব।