শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আমছুৰ প্ৰাক্তন সভাপতিসহ কেইবাজনৰো কংগ্ৰেছত যোগদান, দললৈ আদৰণি গৌৰৱ গগৈৰ…

Congress: আজি গুৱাহাটীত অনুষ্ঠিত হয় কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। য'ত কেইবাজনো ব্যক্তিয়ে দলটোত যোগদান কৰে। এই লোকসকলক দলীয় গলবস্ত্ৰ পিন্ধাই দললৈ আদৰণি জনাই সাংসদ গৌৰৱ গগৈয়ে।

আমছুৰ প্ৰাক্তন সভাপতিসহ কেইবাজনৰো কংগ্ৰেছত যোগদান, দললৈ আদৰণি গৌৰৱ গগৈৰ…
কংগ্ৰেছৰ যোগদান কাৰ্যসূচীImage Credit source: Facebook (Gaurav Gogoi)
Barasha Sarma
Barasha Sarma | Published: 11 Jan 2026 18:59 PM

সমাগত অসম বিধানসভা নিৰ্বাচন। যাৰ বাবে প্ৰস্তুতি চলাই গৈছে প্ৰতিটো দল সংগঠনে। ইয়াৰ মাজতে দেওবাৰে গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হয় কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। এই কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, AICCৰ সাধাৰণ সম্পাদক মনোজ চৌহানৰ লগতে দলটোৰ কেইবাগৰাকী নেতা-বিধায়ক। দলীয় গলবস্ত্ৰ পিন্ধান কেইবাজনো ব্যক্তিক দললৈ আদৰণি জনাই গগৈয়ে।

আজি কংগ্ৰেছত যোগদান কৰাসকলৰ ভিতৰত আছে AAMSU ৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰ, MMKৰ প্ৰাক্তন সভাপতি ৰুক্ম কুমাৰ মেদক, বিজেপিৰ প্ৰাক্তন নেতা তথা RSSৰ অনুগামী মনোজ কুমাৰ মহন্ত, সমাজকৰ্মী অৰুণ বসুমতাৰী, UPPLৰ CWC ৰ নেতা চিলা বসুমতাৰী, অগপৰ যুৱ পৰিষদৰ সাধাৰণ সম্পাদক কৌশিক হাজৰিকাৰ লগতে বিভিন্নজন।

যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি গগৈয়ে কয় যে, “আমাৰ জাতি সংকটত পৰিছে, সকলো মানুহৰ মনত দুখ বেদনা আছে। কিন্তু কোনোৱে এয়া ব্যক্ত কৰিব নোৱাৰে। আমি সংকল্প লৈছো, এই ভয়ৰ ৰাজনীতি বন্ধ কৰিম। আগন্তুক সময়ত দেখুৱাব, অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে। অসমৰ ৰাইজে এতিয়া ক’ব হু ইজ হিমন্ত বিশ্ব শৰ্মা”।

গগৈয়ে আৰু কয়, আজি অসমত বিজেপি বিৰোধী ভোট কাটিব বিচৰা হৈছে। বিগত লোকসভা নিৰ্বাচনত কোনে বিজেপিৰ বিৰুদ্ধে ভোট দিছিল? জাতি-জনগোষ্ঠী সমূহে। এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু অশোক সিংঘালে বিজেপি বিৰোধী ভোটাৰৰ নাম কাটিব বিচাৰিছে। এতিয়া গুৱাহাটী মহানগৰত বাহিৰৰ ভোটাৰৰ নাম ভৰাব বিচাৰিছে। অসমৰ জনসাধাৰণৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন হয়, কোন হয় অশোক সিংঘাল? এজনো অসমৰ নাগৰিকৰ নাম যাতে ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয়, তাৰ বাবে আমি প্ৰতিটো বুথ পৰ্যায়ত আমি একোটা হেল্প ডেক্স খুলিম বুলি কয় গগৈয়ে।

 

এই সন্দৰ্ভত তেওঁ সামাজিক মাধ্যমত লিখে যে- “আমি কথা দিয়া অনুসৰি প্ৰতিমাহে কংগ্ৰেছ দলত যোগদান কাৰ্যসূচী অব্যাহত আছে। বৰ্তমান অসমবাসী ৰাইজ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ ভয়-ভাবুকি, দুৰ্নীতি, চিণ্ডিকেট, মূল্যবৃদ্ধি আৰু অন্যান্য কৰ্মকাণ্ডক লৈ যথেষ্ট অসন্তুষ্ট। সেয়ে বিজেপি চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনৰ কেইবাজনো নেতাই আজি আনুষ্ঠানিক ভাবে কংগ্ৰেছ দলত যোগদান কৰে।

যোগদান কৰা নেতাসকল হ’ল ক্ৰমে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়া, এমএমকেৰ সভাপতি তথা মিচিং জনগোষ্ঠীয় নেতা ৰুক্ম কুমাৰ মেদক ডাঙৰীয়া, বিজেপিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সদস্য মনোজ কুমাৰ মহন্ত ডাঙৰীয়া, অৰুণ বসুমতাৰী, ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সমিটিৰ সদস্য শ্ৰীমতী চিলা বসুমতাৰী, অসম যুৱ পৰিষদৰ নেতা কৌশিক হাজৰিকা, আমছুৰ আজিজুল হককে ধৰি আৰু আন কেইবাগৰাকীও।

মই সকলোকে কংগ্ৰেছ দললৈ আন্তৰিক স্বাগতম জনাইছোঁ। তেওঁলোকৰ যোগদানে কংগ্ৰেছ দলৰ শক্তি বৃদ্ধি কৰিব বুলি মই আশাবাদী। আজিৰ যোগদান সভাত মোৰ লগতে এআইচিচিৰ সম্পাদক মনোজ চৌহান ডাঙৰীয়া আৰু কেইবাগৰাকীও বিধায়ক-বিধায়িকা তথা দলৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে”।

 

অন্য খবৰ পঢ়কঃ দুদিন ধৰি মজিয়াত পৰি থাকিল পদ্মশ্ৰী প্ৰাপক এলি আহমেদ, আৰক্ষীয়ে উদ্ধাৰ কৰি ভৰ্তি কৰালে হাস্পাতালত…