মোগলৰ দৰে ২০২৬ ত পতন ঘটিব হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ, গোৱালপাৰাত নিৰ্বাচনৰ ৰণডংকা বজালে গৌৰৱ গগৈয়ে
কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অহংকাৰ, খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি দখল, নিৰ্বাচনী তালিকাত হেতালি খেলাৰ অভিযোগ উত্থাপন কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত চোকা আক্ৰমণ চলায়।
ইতিহাসত লিখা আছে, অহংকাৰৰ পতন অনিবাৰ্য। যেনেকৈ মোগলৰ অহংকাৰ শৰাইঘাটৰ ৰণত শেষ হৈছিল, ঠিক তেনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ আগন্তক নিৰ্বাচনত পতন ঘটিব। এই মন্তব্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰ লক্ষ্য কৰি ল’লে সাংসদ গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অহংকাৰ, খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি দখল, নিৰ্বাচনী তালিকাত হেতালি খেলাৰ অভিযোগ উত্থাপন কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত চোকা আক্ৰমণ চলায়।
গোৱালপাৰা চহৰৰ ভালুকডুবিস্থিত ৰাজীৱ ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি গগৈয়ে কয় যে, ইতিহাসে দেখুৱাইছে যে অহংকাৰৰ ফলত সদায় পতন হয়। সাংসদ গগৈয়ে কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু জনপ্ৰিয় অসমীয়া কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিলৈ ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত ভাষণ দি তেওঁ কয় যে,বিজেপি চৰকাৰে বাৰে বাৰে কৈ থাকে যে খিলঞ্জীয়া লোকসকলক বিজেপিয়ে ৰক্ষণাবেক্ষণ দিব। কিন্তু অসমৰ জনজাতীয় ৰাভা সম্প্ৰদায়ৰ খিলঞ্জীয়া লোকসকলৰ মাটি আটাইতকৈ বেছি দখল কৰিছে বিজেপি চৰকাৰে বুলি অভিযোগ উত্থাপন কৰে সাংসদ গগৈয়ে।
গগৈয়ে অভিযোগ কৰে যে, “বিজেপি চৰকাৰে খিলঞ্জীয়াৰ মাটি ব্যৱসায় আৰু ছিণ্ডিকেটলৈ ৰূপান্তৰিত কৰিছে। বিজেপি শাসনৰ সময়ত খিলঞ্জীয়া ৰাভাৰ অধিকাংশ মাটি কাঢ়ি লৈ গৈছে। এই সমগ্ৰ ভূমি ছিণ্ডিকেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, তেওঁৰ মন্ত্ৰী-বিধায়কৰ সহযোগত চলি আছে।” আগন্তুক দিনত অধিক তথ্য প্ৰকাশ পাব বুলি উল্লেখ কৰি কংগ্ৰেছ জনসাধাৰণৰ সৈতে থিয় দিছে বুলি কৈ ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনায় গৌৰৱ গগৈয়ে।
কেৱল কংগ্ৰেহে প্ৰকৃতে ভূমি সুৰক্ষা সুনিশ্চিত কৰিব পাৰে বুলি দাবী কৰি গৌৰৱ গগৈয়ে কয় যে, সেয়া ঘাইপথৰ দাঁতিত হওক বা নদীৰ পাৰৰ মাটি হওক, যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিব।
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ কথা উল্লেখ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, অহংকাৰী শাসকৰ পতন ইতিহাসত যিদৰে লিপিবদ্ধ আছে, ঠিক সেইদৰে অহংকাৰৰ পতনৰ সাক্ষী হ’ব অসমৰ ৰাইজ। ‘শৰাইঘাটত যেনেকৈ মোগলৰ অহংকাৰৰ পতন ঘটিল, তেনেকৈয়ে পৰৱৰ্তী নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰে পৰাজয়ৰ দিশে আগবাঢ়িছে।’ এইদৰে কয় গৌৰৱ গগৈয়ে।
অসমৰ নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণক লৈও গগৈয়ে উদ্বেগ প্ৰকাশ কৰি অভিযোগ কৰে যে, “বিজেপিয়ে জানে যে যদি প্ৰকৃত ভোটাৰে ভোট দিয়ে তেন্তে ইয়াৰ পৰাজয় নিশ্চিত। সেইবাবেই কোনো কোনো ঠাইত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, আনহাতে আন কোনো ঠাইত অসমীয়া ভোটাৰক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।” শাসকীয় দলৰ জনপ্ৰিয়তাৰ দাবীক লৈ প্ৰশ্ন উত্থাপন কৰি গগৈয়ে প্ৰশ্ন কৰে, যে বিজেপিয়ে যদি সঁচা অৰ্থত ভাল কাম কৰিলে তেন্তে ভোটাৰ তালিকাত “টেম্পাৰ” কৰাৰ প্ৰয়োজন কিয় ?