RCB হ’ব IPL 2025ৰ চেম্পিয়ন! এক আচৰিত সংযোগে দিছে এই ইংগিত, পৰিসংখ্যাই কৈছে…
আই পি এলৰ বিগত ১৭টা ছিজনৰ ভিতৰত ৭ বাৰ প্লে অফলৈ যোগ্যতা অৰ্জন কৰিছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে। একে সময়তে এই দলটোৱে ৩ বাৰ ফাইনেল খেলিছে। কিন্তু কেতিয়াও আই পি এল ট্ৰফীৰ অধিকাৰী হ'ব পৰা নাই দলটো। অৱশ্যে এইবাৰ তেওঁলোকৰ বাবে চেম্পিয়ন হোৱাৰ সোণালী সুযোগ।

আই পি এলৰ বিগত ১৭টা ছিজনৰ ভিতৰত ৭ বাৰ প্লে অফলৈ যোগ্যতা অৰ্জন কৰিছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে। একে সময়তে এই দলটোৱে ৩ বাৰ ফাইনেল খেলিছে। কিন্তু কেতিয়াও আই পি এল ট্ৰফীৰ অধিকাৰী হ’ব পৰা নাই দলটো। অৱশ্যে আই পি এল ২০২৫ত RCBক বেলেগ ধৰণৰ শৈলীৰে দেখা গৈছে।এতিয়ালৈকে ই প্ৰতিযোগিতাখনত আধিপত্য বিস্তাৰ কৰিছে দলটোৱে। লীগ পৰ্যায়ত ১৪খন খেলৰ ভিতৰত ৯খন খেলত জয়লাভ কৰি ১৯ পইণ্টেৰে দ্বিতীয় স্থান দখল কৰিছে দলটোৱে। ইয়াৰ পিছতে এইবাৰ ট্ৰফী জয়ৰ সপোন পূৰণ কৰাৰ এক সোণালী সুযোগ লাভ কৰিছে আৰচিবিয়ে। একে সময়তে এইবাৰ এনে এক কাকতালীয় সংযোগ ঘটিছে, যিয়ে RCB চেম্পিয়ন হোৱাৰ ইংগিত দিছে। যোৱা ১৪ বছৰৰ পৰিসংখ্যাও আৰচিবিৰ পক্ষত।
এয়া আৰচিবি চেম্পিয়ন হোৱাৰ কাকতালীয় ঘটনা
এই কথা আমি কোৱা নাই যে RCBয়ে এইবাৰ নিজৰ অপূৰ্ণ সপোন পূৰণ কৰিব। এক বিশেষ কাকতালীয় সংযোগে দেখুৱাইছে যে এইবাৰ এই দলটোৱে নিজৰ অনুৰাগীসকলক ১৮ বছৰ ধৰি অপেক্ষা কৰি থকা সুখখিনি দিব পাৰিব। প্ৰকৃততে ২০২০ চনৰ পৰাই চলি আহিছে এই ক্ৰম। এবছৰত যদি পইণ্ট টেবুলৰ ১ নম্বৰত থকা দলটোৱে চেম্পিয়ন হয়। একে সময়তে দ্বিতীয় বছৰত ২ নম্বৰৰ দলটোৱে খিতাপ দখল কৰে।
২০২০ চনত লীগ পৰ্যায়ৰ সময়ত মুম্বাই ইণ্ডিয়ানছৰ দলটোৱে প্ৰথম স্থানত আছিল আৰু আই পি এলৰ খিতাপ দখল কৰিছিল। একে সময়তে ২০২১ চনত চেন্নাই ছুপাৰ কিংছে লীগ পৰ্যায়ৰ পিছত দ্বিতীয় স্থান দখল কৰি চেম্পিয়ন হয়। তাৰ পিছত ২০২২ চনত গুজৰাট টাইটানছৰ দলটোৱে পইণ্ট টেবুলত ১ নম্বৰৰ মুকুট পিন্ধি সেই ছিজনৰ বিজয়ী হয়। ইয়াৰ পিছত ২০২৩ চনত চিএছকেয়ে পুনৰবাৰ দ্বিতীয় স্থান দখল কৰি লীগৰ পৰ্যায় অতিক্ৰম কৰি পঞ্চমবাৰৰ বাবে ট্ৰফী লাভ কৰে।
২০২৪ চনৰ কথা ক’বলৈ গ’লে কলকাতা নাইট ৰাইডাৰ্ছে পইণ্ট টেবুলত জয়লাভ কৰি প্ৰথম স্থান দখল কৰে। ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰে কেকেআৰে। এই ক্ৰম অনুসৰি আই পি এল ২০২৫ত দ্বিতীয় স্থানৰ দলটো বিজয় হোৱা পাল আৰু এইবাৰ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু দ্বিতীয় স্থানত আছে। যদি এই কাকতালীয় সংযোগ যদি সঁচা প্ৰমাণিত হয়, তেন্তে আৰচিবিক চেম্পিয়ন হোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰে। অৱশ্যে এই সংযোগ কিমান সত্য বুলি প্ৰমাণিত হয় সেয়া আগন্তুক সময়তহে গ’ম পোৱা যাব।
এয়া আছিল কাকতালীয়া সংযোগৰ কথা, এতিয়া আহোঁ আইপিএলৰ পৰিসংখ্যালৈ। বিগত ১৪ বছৰত দ্বিতীয় স্থানৰ দলটোৱে সৰ্বাধিক আইপিএল খিতাপ দখল কৰিছে। ২০১১ চনৰ পৰা ২০২৪ চনলৈকে লীগ পৰ্যায়ত প্ৰথম স্থানত থকা দলসমূহে ৫ বাৰকৈ আই পি এল ট্ৰফী লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা দলসমূহে ৮ বাৰকৈ আই পি এল ট্ৰফী লাভ কৰে। মাত্ৰ এবাৰহে এনেকুৱা হৈছিল যেতিয়া তৃতীয় স্থানৰ দলটোৱে খিতাপ দখল কৰিছিল। চতুৰ্থ স্থানৰ এই দলটোৱে এতিয়ালৈকে কেতিয়াও আই পি এল খিতাপ দখল কৰিব পৰা নাই। এই হিচাপত চাবলৈ গ’লে আৰচিবিয়ে ট্ৰফী জয় কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে।
লগতে পঢ়ক: GT নে MI…এলিমিনেটৰ মেচ বাতিল হ’লে কোনটো দল IPLৰ পৰা বাহিৰ হ’ব? নিয়ম জানক