জুন মাহত বজাৰত প্ৰৱেশ কৰিবলগীয়া তিনিটা নতুন স্মাৰ্টফোন, জানক ইয়াৰ দাম কিমান হ’ব ?
Motorola, Alcatel আৰু Techno ৰ দৰে ডাঙৰ ব্ৰেণ্ডৰ শেহতীয়া স্মাৰ্টফোনসমূহ অহা জুন মাহৰ প্ৰথম সপ্তাহৰ পৰা বিক্ৰীৰ বাবে উপলব্ধ হ’ব। কোনটো স্মাৰ্টফোনৰ বিক্ৰী কোন দিনাৰ পৰা আৰম্ভ হ’ব জানোঁ আহক ।

নতুন ফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি? অপেক্ষা কৰক, অতি সোনকালে বজাৰত প্ৰৱেশ কৰিব তিনিটাকৈ নতুন স্মাৰ্টফোন । Motorola, Alcatel আৰু Techno ৰ দৰে ডাঙৰ ব্ৰেণ্ডৰ শেহতীয়া স্মাৰ্টফোনসমূহ অহা জুন মাহৰ প্ৰথম সপ্তাহৰ পৰা বিক্ৰীৰ বাবে উপলব্ধ হ’ব। কোনটো স্মাৰ্টফোনৰ বিক্ৰী কোন দিনাৰ পৰা আৰম্ভ হ’ব জানোঁ আহক ।
Motorola Razr 60 ৰ বিক্ৰীৰ তাৰিখ আৰু মূল্য
এই ফোনটোৰ 8GB /256GB ভেৰিয়েন্টৰ মূল্য ৪৯,৯৯৯ টকা নিৰ্ধাৰণ কৰা হৈছে । মটৰ’লাৰ অফিচিয়েল চাইটৰ বাহিৰেও ৪ জুনৰ পৰা ফ্লিপকাৰ্টত এই ফোনটোৰ বিক্ৰী আৰম্ভ হ’ব। এই ফোনটো ফ্লেগশ্বিপ ফিচাৰ থকা নতুন স্মাৰ্টফোন ।
Alcatel V3 Series 5G বিক্ৰীৰ তাৰিখ
শেহতীয়াকৈ Alcatel য়ে গ্ৰাহকৰ বাবে এই নতুন ছিৰিজ মুকলি কৰিছে, এই ছিৰিজত তিনিটা নতুন স্মাৰ্টফোন ক্লাছিক 5G, Pro ভেৰিয়েণ্ট আৰু Alcatel V3 Ultra মুকলি কৰা হৈছে। ২ জুনৰ দুপৰীয়া ১২ বজাৰ পৰা গ্ৰাহকৰ বাবে এই তিনিওটা স্মাৰ্টফোনৰ বিক্ৰী আৰম্ভ হ’ব। এই ছিৰিজৰ মূল্য ১২,৯৯৯ টকাৰ পৰা ২১,৯৯৯ টকালৈকে নিৰ্ধাৰণ কৰা হৈছে । ফ্লিপকাৰ্টৰ পৰা এই ফোনটো ক্ৰয় কৰিব পাৰিব।
Tecno Pova Curve 5G বিক্ৰীৰ তাৰিখ আৰু মূল্য
Tecno ব্ৰেণ্ডৰ এই 5G স্মাৰ্টফোনটো শেহতীয়াকৈ মুকলি কৰা হৈছে । ৫ জুনৰ দুপৰীয়া ১২ বজাৰ পৰা এই ফোনটোৰ বিক্ৰী আৰম্ভ হ’ব। কোম্পানীটোৰ চাইটৰ বাহিৰেও এই ফোনটো ফ্লিপকাৰ্টৰ পৰা ক্ৰয় কৰিব পাৰিব। এই হেণ্ডছেটৰ মূল্য ১৫৯৯৯ টকাৰ পৰা ১৬৯৯৯ টকালৈকে নিৰ্ধাৰণ কৰা হৈছে ।